ETV Bharat / state

চিকিৎসক স্বামীয়ে ঘপিয়াই ক্ষত-বিক্ষত কৰিলে পত্নীক - স্ত্ৰীৰোগ বিশেষজ্ঞ

চিকিৎসকৰ অমানৱীয় কাণ্ড, দাৰে ঘপিয়াই ক্ষত বিক্ষত কৰিলে পত্নীক । সংবাদ মাধ্যমৰ আগত স্বামীৰ নৃশংসতাৰ বৰ্ণনা দি উচুপি উঠিল ভুক্তভোগী মহিলাই ।

domestic-violence-in-a-physicists-home
এইবাৰ চিকিৎসকে পত্নীক দাৰে ঘপিয়াই চলালে নিৰ্যাতন
author img

By

Published : Sep 14, 2021, 10:07 PM IST

গুৱাহাটী,১৪ ছেপ্টেম্বৰ : নাৰীৰ সুৰক্ষাৰ বাবে চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰাৰ উপৰিও জন-সচেতনতা সৃষ্টিৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ পিছতো ৰাজ্যত অব্যাহত আছে পাৰিবাৰিক সংঘাটৰ ঘটনা । মানৱ সেৱাত নিয়োজিত এজন দানৱৰূপী চিকিৎসকৰ অমানৱীয় কাণ্ডত অতিষ্ঠ হৈ অৱশেষত আৰক্ষীৰ কাষ চাপিবলৈ বাধ্য হল মহানগৰীৰ নাৰেংগী অঞ্চলৰ এগৰাকী ভুক্তভোগী মহিলা । এগৰাকীৰ চিকিৎসকৰ বিৰুদ্ধে পাৰিবাৰিক হিংসাৰ গুৰুতৰ অভিযোগ তুলি নিজ পত্নীয়ে অলপতে নুনমাটি থানাত এজাহাৰ দাখিল কৰাৰ পিছত পোহৰলৈ আহিছে শিহৰণকাৰী কাহিনী ।

এইবাৰ চিকিৎসকে পত্নীক দাৰে ঘপিয়াই চলালে নিৰ্যাতন

ভুক্তভোগী মহিলা গৰাকীয়ে সংবাদ মাধ্যমৰ আগত স্বামীৰ নৃশংসতাৰ কাহিনী বৰ্ণনা কৰাৰ পিছত প্ৰশ্ন উত্থাপিত হৈছে সচাকৈয়ে মানুহ জীৱশ্ৰেষ্ঠ নে ! চিকিৎসক পত্নীগৰাকীয়ে এজাহাৰত উল্লেখ কৰা অভিযোগ অনুসৰি, নিজ স্বামীৰ কু-কীৰ্তি সদৰী কৰিম বুলি কোৱা বাবেই নগাঁৱৰ স্ত্ৰীৰোগ বিশেষজ্ঞ স্বামীয়ে পত্নীক দাৰে ঘপিয়াই ক্ষত-বিক্ষত কৰে ।

অকল এয়াই নহয় পাষণ্ড চিকিৎসকে পত্নীক চেটনানাশক বেজী মাৰি তিনিমাহে সংজ্ঞাহীন কৰি নিজৰ ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰখাৰো অভিযোগ তোলে ভুক্তভোগী মহিলাগৰাকীয়ে । গুৱাহাটীৰ নাৰেংগীৰ ভূপেন্দ্ৰ নগৰৰ বাসিন্দা ভুক্তভোগী মহিলা গৰাকীয়ে নগাঁও জিলাৰ ৰহাৰ ৰণথলীৰ এগৰাকী চিকিৎসকৰ লগত ২০১৮ চনৰ ১২ মেত বিবাহপাশত আবদ্ধ হৈছিল ।

চিকিৎসক গৰাকীৰ পত্নীৰ অভিযোগ মতে বিয়াৰ পিছত দুয়ো সুখৰ সংসাৰ চলাই আছিল যদিও পত্নীয়ে চিকিৎসক স্বামীয়ে পূৰ্বতে দুগৰাকী যুৱতীক বিয়া কৰোৱাৰ তথ্য লাভ কৰাৰ পিছত দুজনৰ মাজত সংঘাত আৰম্ভ হয় । এই সমস্ত ঘটনা মাতৃ গৃহত চিকিৎসক পত্নীয়ে অৱগত কৰাব বুলি স্বামীক স্পষ্ট কৰি দিয়াৰ পিছত চিকিৎসক ৰূপী স্বামীয়ে পত্নীৰ ওপৰত আৰম্ভ কৰে অকথ্য নিৰ্যাতন । দুযোজনৰ সংঘাটৰ চৰম পৰিণতিত চিকিৎসক স্বামীয়ে দা লৈ পত্নীৰ কঁকালত ঘপিয়াই দিয়ে ।

দাৰ ঘাপত গুৰুতৰভাৱে আহত পত্নীক আনকি ঘৰতে চিকিৎসা আগবঢ়ায় স্বামীয়ে । তাৰোপৰি পত্নীয়ে যাতে দিনৰ ভাগত ঘৰৰ পৰা ওলাব নোৱাৰে তাৰ বাবে পত্নীক চেতনা নাশক বেজী দি সংজ্ঞাহীন কৰি ঘৰতে আবদ্ধ কৰি ৰাখিছিল বুলি পত্নী গৰাকীয়ে গুৰুতৰ অভিযোগ কৰে । পত্নীৰ অভিযোগ মতে এনেদৰে নিতৌ বিগত তিনিমাহ ধৰি চিকিৎসক স্বামীয়ে টোপনিৰ বেজী দি তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়া পত্নীয়ে যোৱা ৭ ছেপ্টেম্বৰৰ নিশা সংজ্ঞা ঘূৰাই অহাত মাতৃলৈ মোবাইল ফোন যোগে মেচেজ কৰি তেওঁক উদ্ধাৰ কৰিবলৈ কয় ।

পিছদিনা অৰ্থাৎ ৮ ছেপ্টেম্বৰত মাতৃ নগাঁৱৰ ৰহাৰ ঘৰলৈ গৈ নিজ কন্যাক ঘৰলৈ লৈ অনাৰ লগতে চিকিৎসাৰ ব্যৱস্থা কৰে । ইফালে ঘটনা সন্দৰ্ভত চিকিৎসক গৰাকীৰ বিৰুদ্ধে ভুক্তভোগী মহিলাগৰাকীৰ মাতৃয়ে নুনমাটি থানাত এখন এজাহাৰৰ দাখিল কৰিছে । এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ৪৯৪/৩২৬/৩০৭/৩০২/৫০৬/৪৪৭/৩৫৪/৫০৯/৩৮২/৩৪ নং ধাৰাৰ অধীনত ৬০০/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক : দলং ঘাটত নাই দলং : life jacket অবিহনেই চলিছে ফেৰী যাত্ৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.