ETV Bharat / state

পশু-পক্ষীৰ পৰা সংক্ৰমিত নহয় কৰ'না: স্পষ্ট কৰি দিলে বিশেষজ্ঞ চিকিৎসকে - কৰ'না ভাইৰাছ

সমগ্ৰ বিশ্বৰ লগতে অসমতো কৰ'না ভাইৰাছক কেন্দ্ৰ কৰি এক আতংকময় পৰিস্থিতি সৃষ্টি হোৱাৰ সময়তে বিয়পি পৰিছে বিভিন্ন উৰা বাতৰিও । বিভিন্ন ধৰণে এই বুলিও প্ৰচাৰ চলোৱা হৈছে যে জীৱ-জন্তু কিম্বা পশু-পক্ষীৰ পৰাও এই ভয়ংকৰ ৰোগৰ বীজানু বিয়পে । কিন্তু এই কথা মুঠেও সত্য নহয় বুলি স্পষ্ট কৰি দিছে বিশেষজ্ঞ চিকিৎসকে ।

DOCTOR INTERVIEW ON CORONA VIRUS
পশু-পক্ষীৰ পৰা সংক্ৰমিত নহয় কৰ'না
author img

By

Published : Mar 15, 2020, 12:34 PM IST

Updated : Mar 15, 2020, 12:54 PM IST

গুৱাহাটী, ১৫ মাৰ্চ: ৰাজ্যৰ এগৰাকী আগশাৰীৰ শৈল্য বিশেষজ্ঞ ডাঃ মনোজ কুমাৰ চৌধুৰীয়ে আজি এনে ধৰণৰ ভুল প্ৰচাৰৰ ফলত জনসাধাৰণক আতংকিত নহবলৈ আহ্বান জনাইছে । বিশিষ্ট চিকিৎসক গৰাকীয়ে স্পষ্ট কৰি দিয়ে যে কোনো ধৰণৰ জীৱ-জন্তু বা পশু-পক্ষীৰ পৰা এই বীজানু নিবিয়পে । এয়া সম্পূৰ্ণ ভুল ধাৰণা । মানুহৰ পৰা মানুহলৈ বা মানুহৰ সংস্পৰ্শতহে বিয়পে এই ৰোগৰ বীজানু ।

পশু-পক্ষীৰ পৰা সংক্ৰমিত নহয় কৰ'না
গতিকে, নিজকে সাৱধান আৰু সজাগ কৰি ৰাখিলেই এই ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি । এই ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ'ল পৰিস্কাৰ পৰিচ্ছন্নতা আৰু সজাগতা । এই ক্ষেত্ৰত পশু-পক্ষীৰ পৰা আতংকিত হবলগীয়া কোনো কাৰণ নাই বুলি বিশিষ্ট চিকিৎসক গৰাকীয়ে মন্তব্য কৰে ।

Last Updated : Mar 15, 2020, 12:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.