গুৱাহাটী, 13 ডিচেম্বৰ: ৰাজ্যত সঘনাই সংঘটিত হৈছে বনকৰা কিশোৰীৰ ওপৰত নিৰ্যাতনৰ ঘটনা ৷ এইবাৰ মহানগৰীত দীর্ঘদিন ধৰি বনকৰা কিশোৰীক যৌন নির্যাতন চলাই অহাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় এজন চিকিৎসকক। গ্ৰেপ্তাৰ হোৱা চিকিৎসকজন জ্যোতির্ময় ডেকা বুলি জানিব পৰা গৈছে ।
অভিযোগ অনুসৰি, গুৱাহাটীৰ হায়াত হাস্পতালত কৰ্মৰত ডাঃ জ্যোতির্ময় ডেকাই উজানবজাৰৰ তেওঁৰ বাসগৃহত থকা এগৰাকী বনকৰা কিশোৰীক যৌন নির্যাতন চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল ৷ আনকি কিশোৰীগৰাকীক চিকিৎসকগৰাকীয়ে প্ৰহাৰ কৰা বুলিও অভিযোগ উত্থাপন হৈছে ৷
দীর্ঘদিন ধৰি চলি অহা এনে নিৰ্যাতনৰ তথ্য লাভ কৰি এটা স্বেচ্ছাসেৱী সংগঠনে চিকিৎসকগৰাকীৰ বিৰুদ্ধে লতাশিল থানাত এখন এজাহাৰ দাখিল কৰে। এই এজাহাৰৰ ভিত্তিতেই আৰক্ষীয়ে IPC 376(2)/ RW 6 Pocso আইনৰ অধীনত 225/2023 নম্বৰত গোচৰ ৰুজু কৰি অভিযুক্ত ডাঃ জ্যোতির্ময় ডেকাক গ্রেপ্তাৰ কৰিছে।
জানিব পৰা অনুসৰি, বিগত সাত মাহৰ পৰা জ্যোতিৰ্ময় ডেকাৰ ঘৰত বনকৰা হিচাপে আছিল কিশোৰীগৰাকী । কিশোৰীগৰাকীৰ অভিযোগ মতে বিগত 4-5 মাহৰ পৰাই কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলাই আহিছিল ধৃত চিকিৎসকজনে । চিকিৎসকগৰাকীৰ দৈনিক নিৰ্যাতন সহিব নোৱাৰি চিকিৎসকগৰাকীৰ ঘৰৰ পৰা পলাই আহিছিল কিশোৰীগৰাকী ।
তাৰ পিচতে স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত ভুক্তভোগী কিশোৰীগৰাকীয়ে লতাশিল থানাত যোৱা 8 ডিচেম্বৰত অভিযোগ দাখিল কৰিছিল । ইতিমধ্যে গ্ৰেপ্তাৰ কৰে চিকিৎসকগৰাকীক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও চিকিৎসকৰ হাতত বনকৰা কিশোৰী নির্যাতিত হোৱা ঘটনা মহানগৰীত সংঘটিত হৈছে । বনকৰা কিশোৰীক যৌন নির্যাতন, তোলনীয়া সন্তানক পাশৱিক অত্যাচাৰ চলাই চিকিৎসক গ্রেপ্তাৰ হোৱাৰ উদাহৰণ আছে।
লগতে পঢ়ক: কণ্টেইনাৰসহ ড্ৰাগছ আসক্ত যুৱকক কৰায়ত্ত কৰিলে ৰাইজে