ETV Bharat / state

আমিনগাঁৱৰ সংকট মোচন সেৱাশ্ৰমৰ লগত পি কে দত্তৰে কি সম্পৰ্ক ? - Assam police SI scam news

অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ নিযুক্তি কেলেংকাৰীৰ মূল অভিযুক্ত পে কে দত্ত আমিনগাঁৱৰ সংকট মোচন সেৱাশ্ৰমত আত্মগোপন কৰাৰ সন্দেহ কামৰূপ জিলা আৰক্ষীৰ ৷ তাৰ পৰিপ্ৰেক্ষিততে কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে পি কে দত্তৰ সন্ধানত আশ্ৰমখনত চলায় অভিযান ৷

do PK Dutta has relation with Dipak Baba?
আমিনগাঁৱৰ সংকট মোচন সেৱাশ্ৰমৰ লগত পি কে দত্তৰে কি সম্পৰ্ক ?
author img

By

Published : Sep 27, 2020, 10:57 AM IST

গুৱাহাটী, 27 ছেপ্তেম্বৰঃ বৰ্তমানেও পলাতক অৱস্থাত আছে অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ নিযুক্তি কেলেংকাৰীৰ মূল অভিযুক্ত প্ৰাক্তন আৰক্ষী বিষয়া পে কে দত্ত ৷ এই বিতৰ্কিত প্ৰাক্তন আৰক্ষী বিষয়াগৰাকী আমিনগাঁৱৰ সংকট মোচন সেৱাশ্ৰমত আত্মগোপন কৰাৰ সন্দেহ কামৰূপ জিলা আৰক্ষীৰ ৷ তাৰ পৰিপ্ৰেক্ষিততে কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধিক্ষক সঞ্জীৱ শইকীয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে পি কে দত্তৰ সন্ধানত আশ্ৰমখনত চলায় অভিযান ৷ কিন্তু আশ্ৰমত দত্তৰ কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম নহ’ল আৰক্ষী ৷

আমিনগাঁৱৰ সংকট মোচন সেৱাশ্ৰমৰ লগত পি কে দত্তৰে কি সম্পৰ্ক ?

এই সমগ্ৰ ঘটনা সন্দৰ্ভত আশ্ৰমৰ পৰিচালক দীপক বাবাই ক’লে, বিগত সাত বছৰে আশ্ৰম চৌহদত প্ৰৱেশ কৰা নাই পি কে দত্ত ৷ অৱশ্যে আশ্ৰমখন সকলো ভক্তৰে বাবে সদায়েই থাকে মুকলি ৷ যিকোনো ব্যক্তিয়ে ইয়াত আহি আশ্ৰয় গ্ৰহণ কৰিব পাৰে ৷ এই বিষয়ত অৱগত নাথাকে আশ্ৰম কৰ্তৃপক্ষ ৷ আৰক্ষীৰ উপ-পৰিদৰ্শকৰ নিযুক্তি কেলেংকাৰীক দুৰ্ভাগ্যজনক আখ্যা দি অতিশীঘ্ৰে দোষীক উচিত শাস্তি প্ৰদানৰ কথাও উল্লেখ কৰিলে দীপক বাবাই ৷

লগতে পঢ়ক-দেশৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী যশৱন্ত সিঙৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.