ETV Bharat / state

দীপাৱলীৰ ফটকা : প্ৰদূষণ নিয়ন্ত্রণ পৰিষদৰ নিৰ্দেশনা - diwali

দীপাৱলীত ফটকা ফুটুৱাৰ ক্ষেত্ৰত নিৰ্দেশনা জাৰী কৰিছে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ৷ নিশা ৮ বজাৰ পৰা নিশা ১০ বজালৈ দুই ঘণ্টাৰ বাবে জ্বলাব পাৰিব ফটকা । কেৱল পৰিৱেশ অনুকুল ফটকাহে জ্বলোৱাৰ অনুমতি প্ৰদান কৰা হৈছে ।

Diwali crackers Directions of Pollution Control board
দীপাৱলীৰ ফটকা : প্ৰদূষণ নিয়ন্ত্রণ পৰিষদৰ নিৰ্দেশনা
author img

By

Published : Oct 24, 2021, 5:48 PM IST

গুৱাহাটী, 24 অক্টোবৰ : পোহৰৰ উৎসৱ দীপাৱলী লৈ মাজত মাথো কেইটামান দিন বাকী । তেনে অৱস্থাত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে জাৰি কৰিলে ফটকা জ্বলোৱা সময় । কোন সময়ত, কেনে ফটকা জ্বলাব পাৰিব তাৰ নিৰ্দেশনা দিছে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ।

Diwali crackers Directions of Pollution Control board
দুই ঘণ্টাৰ বাবে জ্বলাব পাৰিব ফটকা

সেই অনুসৰি নিশা ৮ বজাৰ পৰা নিশা ১০ বজালৈ দুই ঘণ্টাৰ বাবে জ্বলাব পাৰিব ফটকা । প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখিয়েই এইদৰে কেৱল দুটা ঘণ্টাৰ বাবে অনুমতি দিয়া হৈছে । প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ নিৰ্দেশনা অনুসৰি দেৱালীকে ধৰি আগন্তুক আন উৎসৱত কেৱল সেউজীয়া ফটকাহে ব্যৱহাৰ কৰিব পাৰিব ।

উল্লেখ্য যে, পৰম্পৰাগত ফটকাৰ তুলনাত সেউজীয়া ফটকাৰ নিৰ্গমনৰ হাৰ কম আৰু পৰিৱেশৰ বাবে কম ক্ষতিকাৰক হোৱাৰ পৰিপ্ৰেক্ষিততে দেৱালীৰ সময়ত সেউজ ফটকা ব্যৱহাৰৰ নিৰ্দেশনা জাৰি কৰিছে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে । বিগত বৰ্ষতো কেৱল দুটা ঘণ্টাৰ বাবে ফটকা জ্বলোৱাৰ অনুমতি দিয়া হৈছিল । এইবাৰো একে নিয়মকে প্ৰযোজ্য কৰা হৈছে ।

দীপাৱলীৰ সময়ত অধিক প্ৰদূষণ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি কেৱল দুই ঘণ্টাৰ বাবে ফটকা জ্বলোৱাত অনুমতি দিয়া হৈছে । কেৱল পৰিৱেশ অনুকুল ফটকাহে জ্বলোৱাৰ অনুমতি প্ৰদান কৰা হৈছে । যাতে প্ৰদূষণৰ মাত্ৰা কিছু পৰিমাণে হ’লেও কম হৈ থাকে ।

বিগত বৰ্ষতো কেৱল দুটা ঘণ্টাৰ বাবে ফটকা জ্বলোৱাৰ অনুমতি দিয়াৰ পিছতো সাধাৰণত সময়তকৈ দীপাৱলীৰ সেই সময়ত পৰিৱেশত প্ৰদূষণৰ মাত্ৰা ১০ ৰ পৰা ১২ শতাংশলৈ বৃদ্ধি পাইছিল । সেয়ে কেৱল পৰিৱেশ অনুকূল ফটকাক প্ৰাধান্য দিয়াৰ আহ্বান জনাইছে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে । অৱশ্যে নিৰ্দেশনা জাৰি কৰা হয় যদিও প্ৰায় সংখ্যক লোকেই সেয়া অমান্য কৰা দেখা যায় ।

লগতে পঢ়ক : ভাৰতত কাম, স্বাস্থ্য আৰু বিত্তীয় সমস্যাই প্ৰাপ্তবয়স্কৰ মাজত অধিক চাপ সৃষ্টি কৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.