ETV Bharat / state

Road Safety Committee Meeting : পথ দুৰ্ঘটনা ৰোধৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ তৎপৰতা - কামৰূপ মহানগৰ

সোমবাৰে কামৰূপ মহানগৰ জিলা আয়ুক্ত পল্লৱ গোপাল ঝাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক ৷ বৈঠকখনত অধিক দুৰ্ঘটনাপ্ৰৱণ স্থানসমূহত ল'বলগীয়া হ্ৰস্ৰম্যাদী আৰু দীৰ্ঘম্যাদী পদক্ষেপৰ বিষয়ে জিলা আয়ুক্তই লোক নিৰ্মাণ বিভাগ, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আদিক যাৱতীয় নিৰ্দেশনা দিয়ে ৷

District Road Safety Committee Meeting in Guwahati
পল্লৱ গোপাল ঝাৰ অধ্যক্ষতাত জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক
author img

By

Published : Jul 10, 2023, 9:16 PM IST

গুৱাহাটী, 10 জুলাই : গুৱাহাটীকে ধৰি কামৰূপ মহানগৰ জিলাৰ বিভিন্ন অঞ্চলত চিনাক্ত কৰা মুঠ 33 টা অতি দুৰ্ঘটনাপ্ৰৱণ স্থান অৰ্থাৎ ব্লেক স্পটত গ্ৰহণ কৰিবলগীয়া পদক্ষেপৰ বিষয়ে সোমবাৰে জিলা আয়ুক্ত পল্লৱ গোপাল ঝাৰ অধ্যক্ষতাত অনুষ্ঠিত জিলা পথ সুৰক্ষা সমিতিৰ বৈঠকত বিতংভাৱে আলোচনা কৰা হয় ৷ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত বৈঠকখনত অধিক দুৰ্ঘটনাপ্ৰৱণ স্থানসমূহত ল'বলগীয়া হ্ৰস্ৰম্যাদী আৰু দীৰ্ঘম্যাদী পদক্ষেপৰ বিষয়ে জিলা আয়ুক্তই লোক নিৰ্মাণ বিভাগ, ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আদিক যাৱতীয় নিৰ্দেশনা দিয়ে ৷

জিলা আয়ুক্তজনে বিভাগসমূহক তাৎক্ষণিকভাৱে দুৰ্ঘটনাপ্ৰৱণ স্থানসমূহত উপযুক্ত পথ চিহ্ন, পথ সুৰক্ষা ৰিফ্লেক্টৰ আদিৰ ব্যৱস্থা কৰাৰ লগতে পথৰ কাষৰ জংঘল কাটিবলৈ, পথত জমা হোৱা বালি-বোকা আদি আঁতৰাবলৈ নিৰ্দেশ দিয়ে ৷ পথ সুৰক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা যেনে পথত থকা বিসংগতি আঁতৰ কৰা, পথ মেৰামতি কৰা, পদ সেঁতু নিৰ্মাণ কৰা, নিৰ্মীয়মান অৱস্থাত থকা পথ আদিৰ কাম ক্ষীপ্ৰতাৰে কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে ৷

তেওঁ ৰাষ্ট্ৰীয় ঘাইপথত সংযোগ হোৱাৰ কিছু আগত সকলো স্থানীয় পথতে গতিৰোধক দিবলৈ লোক নিৰ্মাণ বিভাগক নিৰ্দেশ দিয়ে ৷ 20 জুলাইত জিলা প্ৰশাসনৰ সকলো অতিৰিক্ত উপায়ুক্ত, চক্ৰ বিষয়া, সহকাৰী আয়ুক্তৰে গঠিত কেবাটাও দলে অতি দুৰ্ঘটনাপ্ৰৱণ স্থানসমূহ পৰিদৰ্শন কৰি হ্ৰস্ৰম্যাদী কামসমূহ সম্পূৰ্ণ হৈছে নে নাই আৰু দীৰ্ঘম্যাদী পদক্ষেপৰ কামৰ অগ্ৰগতিৰ বুজ ল'ব বুলি বৈঠকত জিলা আয়ুক্তই সদৰি কৰে ৷ তেওঁ যান-বাহন আইন ভংগকাৰী বাহন বিশেষকৈ হেলমেট নিপিন্ধা বাইক আৰোহীৰ বিৰুদ্ধে চলাই থকা অভিযান অধিক তীব্ৰ কৰিবলৈ পৰিবহণ বিভাগক নিৰ্দেশ দিয়ে ৷ লগতে অবৈধভাৱে সুৰা বিক্ৰী কৰা ধাবা আদিৰ বিৰুদ্ধেও কঠোৰ পদক্ষেপ ল'বলৈ আবকাৰী বিভাগক নিৰ্দেশ দিয়ে ৷

বৈঠকত অতিৰিক্ত উপায়ুক্ত বিক্ৰম ছেত্ৰী, সহকাৰী পৰিবহন আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া (পঞ্জীয়ণ আৰু অনুজ্ঞাপত্ৰ) গৌতম দাস, আঞ্চলিক পৰিবহন প্ৰাধিকাৰী তথা পৰিবহন বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাস প্ৰমুখ্যে গুৱাহাটী পৌৰ নিগম, লোক নিৰ্মাণ বিভাগ, পৰিবহণ বিভাগ, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আদিৰ বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে ৷

লগতে পঢ়ক : Constituency delimitation 2023: নিৰ্বাচন আয়োগলৈ অভিযোগ পত্ৰ মনোৰঞ্জন তালুকদাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.