ETV Bharat / state

এম জি এনৰেগা আঁচনিৰ অধীনত 6 লাখ লোকলৈ জবকাৰ্ড বিতৰণ - ইটিভি ভাৰত

এম জি এনৰেগা অভিলাষী আঁচনিৰ অধীনত 6 লাখ লোকলৈ জবকাৰ্ড বিতৰণ ৷ লক ডাউনৰ সময়ত দিশহাৰা হোৱা 6 লাখ লোকলৈ আগবঢ়াইছে জবকাৰ্ড । 'সম্পৰ্ক' নামৰ এটা ডিজিটেল এপ'ছ যোগে বিশেষ অভিযান চলোৱা হৈছিল ।

distribution-of-job-cards-to-6-lakh-people-under-mnrega-scheme
এম জি এনৰেগা আঁচনিৰ অধীনত 6 লাখ লোকলৈ জবকাৰ্ড বিতৰণ
author img

By

Published : Jan 5, 2021, 8:09 PM IST

গুৱাহাটী, 5 জানুৱাৰী : এম জি এনৰেগাৰ দৰে অভিলাষী আঁচনি বাস্তবায়িত কৰাৰ ক্ষেত্ৰত প্ৰায়েই পিছপৰি থকা অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে এইবাৰ কিছু ব্যতিক্ৰমী পদক্ষেপেৰে লক ডাউনৰ সময়ত দিশহাৰা হোৱা 6 লাখ লোকলৈ বিগত কেইমাহত জবকাৰ্ড আগবঢ়াইছে । মঙলবাৰে ইটিভি ভাৰতৰে হোৱা এক সাক্ষাৎকাৰত এই দাবী কৰাৰ লগতে সেই সন্দৰ্ভত বিশদ তথ্য দাঙি ধৰিছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত হেমেন দাসে ৷

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত হেমেন দাসৰ মন্তব্য

বিষয়া গৰাকীয়ে আকৌ জনোৱা অনুসৰি,লক ডাউনৰ বাবে কৰ্ম-সংস্থাপন হেৰুৱাবলগীয়া হোৱা লোক সকলক সকাহ দিয়াৰ বাবে এইবাৰ 'সম্পৰ্ক' নামৰ এটা ডিজিটেল এপ'ছ যোগে বিশেষ অভিযান চলোৱা হৈছিল । ইয়াৰ দ্বাৰা অসমৰ বাহিৰত কাম কৰি থকা আৰু ক'ভিড পৰিস্থিতিৰ বাবে উভটি অহা শ্ৰমিক,যুৱক-যুৱতী সকলক সংগঠিত কৰি তেওঁলোকক জবকাৰ্ড দিয়াৰ পদক্ষেপ লোৱা হৈছিল ।

লগতে পঢ়ক : যোৰহাটত আৰম্ভ হ'ব টাই গৱেষণা আৰু সাংস্কৃতিক কেন্দ্র

আয়ুক্ত গৰাকীৰ মতে এই প্ৰক্ৰিয়াত বিত্তীয় বৰ্ষত অতিৰিক্ত 6 লাখ জবকাৰ্ড বিতৰণ কৰা হৈছে । আনহাতে,কৰ্মদিনৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যেই 90 শতাংশ সম্পূৰ্ণ কৰা হৈছে ৷ তাৎপৰ্যপূৰ্ণভাৱে আয়ুক্ত গৰাকীয়ে জনোৱা মতে,বিগত বৰ্ষত এম জি এনৰেগাৰ মুঠ বাজেট দুহেজাৰ কোটি টকা আছিল যদিও এইবাৰ 25 শতাংশ বৃদ্ধিৰে ব্যয় হ'ব তিনি হাজাৰ কোটি টকা । ব্যক্তিগত আৰু সামাজিক সম্পত্তি সৃষ্টিটো এই বিনিয়োগে বিশেষ অৰিহণা আগবঢ়াইছে বুলি আয়ুক্ত গৰাকীয়ে আঙুলিয়াই দিছে ৷

উল্লেখযোগ্য যে,দেশৰ গ্ৰামাঞ্চলত নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত বিশেষ অৰিহণা আগবঢ়াই অহা এম জি এনৰেগা অভিযানৰ অধীনত মুঠ জবকাৰ্ড পোৱা শ্ৰমিকৰ সংখ্যা 55.74 লাখ আৰু মুঠ শ্ৰমিকৰ সংখ্যা হল 96.37 লাখ । ৰাজ্যত সক্ৰিয় জব কাৰ্ডৰ সংখ্যা 33.11 লাখ আৰু সক্ৰিয় শ্ৰমিকৰ সংখ্যা 50.24 লাখ । অৰ্থাৎ এতিয়াও শ্ৰমদিন আৰু সক্ৰিয় শ্ৰমিকৰ সংখ্যা বৃদ্ধিৰ সুযোগ স্পষ্ট হৈ আছে ।

লগতে পঢ়ক : অখিল গগৈৰ কাৰামুক্তিৰ কামনাৰে বন্তি জ্বলালে মাতৃ প্ৰিয়দা গগৈয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.