ETV Bharat / state

Constituency delimitation: নিৰ্বাচন আয়োগৰ খচৰাক লৈ বিজেপিৰ মিত্রদল অগপত মতান্তৰ - নিৰ্বাচন আয়োগ

সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰাক লৈ অগপত মিশ্ৰিত প্ৰতিক্ৰিয়া ৷ দলীয়ভাৱে অগপই খচৰাখনক আদৰণি জনাইছে ৷ খচৰাৰ বিৰুদ্ধে মুকলি বিষোদগাৰ প্ৰকাশ কৰিছে আমগুৰিৰ অগপ বিধায়ক প্ৰদীপ হাজৰিকা, জ্যেষ্ঠ নেতা ডাঃ কমলা কলিতা প্ৰমুখ্যে কেইবাজনো নেতাই ৷ বহুতে মুকলিকৈ ব্যক্ত কৰিব পৰা নাই নিজৰ অসন্তুষ্টি ৷

Constituency delimitation
Constituency delimitation
author img

By

Published : Jun 22, 2023, 7:25 PM IST

গুৱাহাটী,২২ জুন: নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে প্ৰকাশ কৰা খচৰাক লৈ বিজেপিৰ মিত্ৰদল অগপত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ দলীয়ভাৱে অগপই খচৰাখনক আদৰণি জনাইছে যদিও ইয়াৰ বিৰুদ্ধে মুকলি বিষোদগাৰ প্ৰকাশ কৰিছে আমগুৰিৰ অগপ বিধায়ক প্ৰদীপ হাজৰিকা, ছয়গাঁৱৰ প্ৰাক্তন অগপ বিধায়ক তথা খাদী বৰ্ডৰ অধ্যক্ষ ডাঃ কমলা কলিতা প্ৰমুখ্যে কেইবাজনো নেতাই ৷

নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰাত অগপৰ জ্যেষ্ঠ নেতা প্ৰদীপ হাজৰিকাৰ আমগুৰি, ডাঃ কমলা কলিতাই পূৰ্বে প্ৰতিনিধিত্ব কৰা ছয়গাঁও আৰু বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ পশ্চিম গুৱাহাটী সমষ্টি বিলুপ্ত হৈছে ৷ যাৰ পৰিপ্ৰেক্ষিতত অগপৰ কেইবাজনো নেতা ক্ষোভিত হৈ পৰিছে ৷ অৱশ্যে নিৰ্বাচন আয়োগে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত গ্ৰহণ কৰা সিদ্ধান্তক অগপ দলে আদৰণি জনাইছে ৷

এই সন্দৰ্ভত অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই কয় যে দেশৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা তালিকা সন্দৰ্ভত দলে সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু এই বিষয়ত ৰাজ্যখনৰ খিলঞ্জীয়া জনসাধাৰণৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত গুৰুত্ব প্ৰদান কৰি আহিছে ৷

তেওঁ ৰাজ্যখনৰ খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থত সমষ্টি পুনৰ নিৰ্ধাৰণ অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি খচৰা তালিকা সন্দৰ্ভত দলে জৰুৰীভাৱে বৈঠকত মিলিত হ’ব আৰু দলৰ পৰামৰ্শ নিৰ্বাচন আয়োগক অৱগত কৰা হ’ব বুলি সদৰী কৰিছে ৷

কিন্তু এই খচৰাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অগপৰ জ্যেষ্ঠ নেতা তথা খাদী ব’ৰ্ডৰ অধ্যক্ষ ডাঃ কমলা কলিতাই ৷ নিজৰ প্ৰতিক্ৰিয়াত তেওঁ কয় যে নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি প্ৰকাশ কৰা খচৰাত খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষা হোৱা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছে ৷ কিন্তু কি ধৰণে সুৰক্ষিত হৈছে সেই কথা আমি পৰীক্ষা কৰিব লাগিব ৷

তেওঁ কয় যে তেওঁ খচৰাত খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত হ’ব বুলি ভবা নাই ৷ কোনো গাইডলাইন নোহোৱাকৈ উপগ্ৰহীয় গাঁও কোনো সমষ্টিত থাকিব পাৰে নেকি বুলি তেওঁ প্ৰশ্ন কৰে ৷ এই খচৰাৰ তেওঁ তীব্ৰ বিৰোধিতা কৰিছে ৷ এতিয়া গাইডলাইন নোহোৱাকৈ পঞ্চায়ত ভাগ কৰি সীমা নিৰ্ধাৰণ কৰা হৈছে ৷

তেওঁ কয় যে এখন পঞ্চায়তৰ অন্তৰ্গত কোনোবা এখন গাঁও এটা সমষ্টিত আৰু আন এখন গাঁও আকৌ আন এটা সমষ্টিত ভৰাই দিয়া হৈছে ৷ এয়া গ্ৰহণযোগ্য নহয় ৷ সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাটো এক সাংবিধানিক প্ৰক্ৰিয়া, তাক বিৰোধিতা নকৰো বুলি সদৰী কৰি তেওঁ কয় যে কিন্তু যিটো প্ৰক্ৰিয়াৰ দ্বাৰা আয়োগে খচৰাখন প্ৰকাশ কৰিছে, সেয়া মুঠেও গ্ৰহণযোগ্য নহয় ৷

কি গাইডলাইনৰ ভিত্তিত আয়োগে খচৰা প্ৰকাশ কৰিছে সেয়া নিশ্চয়কৈ জানিব বিচাৰিম বুলি তেওঁ কয় ৷ কিছুমান সমষ্টিৰ নাম সলনি কৰা হৈছে আৰু কিছুমান সমষ্টি বিলুপ্ত কৰা হৈছে । ঐতিহাসিকভাৱে ছয়গাঁও সমষ্টি এটা প্ৰসিদ্ধ সমষ্টি ৷ কিন্তু ছয়গাঁও সমষ্টিটোকে বিলুপ্ত কৰি দিয়া হৈছে ৷ ছয়গাঁও সমষ্টিৰ মানুহৰ আৱেগ অনুভূতিৰ সৈতে তেওঁ জড়িত বাবে তেওঁ এই বিলুপ্তিকৰণক সমৰ্থন নকৰে ৷

আনহাতে আমগুৰিৰ অগপ বিধায়ক প্ৰদীপ হাজৰিকাইয়ো বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ এই সন্দৰ্ভত তেওঁ কয় যে অগপৰ কাৰ্যনিৰ্বাহক সভাত ১৯৫১ চনত গঠন হোৱা সমষ্টিটো বিলুপ্তকৰণৰ বিষয়টো উত্থাপন কৰা হ’ব ৷ নিৰ্বাচন আয়োগৰ খচৰাকলৈ অগপৰ বহু কেইজন নেতা ক্ষোভিত হৈ আছে যদিও মুখ খোলিব পৰা নাই ৷

লগতে পঢ়ক: Constituency delimitation: অসমীয়া হিন্দু আৰু বঙালী হিন্দুৰ মাজত বিভাজন সৃষ্টি বিজেপিৰ; গৌৰৱ গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.