গুৱাহাটী, ১২ নৱেম্বৰ : অসম-মেঘালয়ৰ সীমা সমস্যাৰ স্থায়ী ফলপ্ৰসূ সমাধানৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ মাজত চলিত বছৰৰ জুলাই-আগষ্ট মাহত এক বৈঠক অনুষ্ঠিত হৈছে ৷ উক্ত বৈঠকৰ সিদ্ধান্তমৰ্মে গঠন হোৱা আঞ্চলিক সমিতিৰ অংশ হিচাপে শুকুৰবাৰে কামৰূপ আৰু পশ্চিম খাচী পাহাৰ জিলাৰ পূৰ্বতে ৰৈ যোৱা বিবদমান এলেকাসমূহ পুনৰবাৰ পৰিদৰ্শন কৰে দুয়োখন ৰাজ্যৰ প্ৰতিনিধিয়ে ।
![Assam-Meghalaya border](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-05-ministers-visited-disputed-border-areas-7209925_12112021185418_1211f_1636723458_307.jpg)
দুয়োখন ৰাজ্যৰ সমিতি দুখনৰ অধ্যক্ষ ক্ৰমে অসম চৰকাৰৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্রী অতুল বৰা আৰু মেঘালয় চৰকাৰৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মন্ত্রী ৰেনিকটন এল টংখাৰে বিবাদমান এলেকাসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় । তেওঁলোকে ১৬ নৱেম্বৰত প্ৰস্তাৱিত অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীদ্বয়ৰ লাম্পি ভ্ৰমণৰ পূৰ্বে আজি সীমন্তৱৰ্তী জিলা দুখনৰ উজনি তাৰাবাৰী, গামেৰিমূৰা, ডবাকড্ৰপ আদি অঞ্চলসমূহ পৰিদৰ্শন কৰে ।
![Assam-Meghalaya border](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-05-ministers-visited-disputed-border-areas-7209925_12112021185418_1211f_1636723458_807.jpg)
লগতে অঞ্চলকেইটাৰ স্থানীয় ৰাইজ আৰু স্থানীয় সংগঠনসমূহৰ প্ৰতিনিধিসকলৰ সৈতে বাৰ্তালাপ কৰি তেওঁলোকৰ মতামত আৰু পৰামৰ্শ গ্ৰহণ কৰে । স্থানীয় ৰাইজে এই সীমান্তৱৰ্তী অঞ্চলসমূহৰ সৰ্বাংগীণ উন্নয়নৰ স্বাৰ্থত দীৰ্ঘদিন ধৰি অমীমাংসিত হৈ থকা সীমা সমস্যাৰ শান্তিপূৰ্ণ সমাধানৰ পোষকতা কৰে ।
![Assam-Meghalaya border](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-05-ministers-visited-disputed-border-areas-7209925_12112021185418_1211f_1636723458_176.jpg)
এই পৰিদৰ্শনকালত বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাস, মেঘালয়ৰ বিধায়কদ্বয় ক্ৰমে মেকমিলান বাইৰচাট আৰু মাষ্টাৰ কিম্ফা চিডনী মাৰ্বানিয়াং, সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ আয়ুক্ত-সচিব জি ডি ত্ৰিপাঠী, দুয়োখন জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু বিভাগীয় জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল ।
লগতে পঢ়ক: উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ শিক্ষার্থীৰ বাবে মাচুল ৰেহাই