গুৱাহাটী, 21 নৱেম্বৰ: বিতৰ্কিত মন্তব্যৰে বিখ্যাত নীলমণি সেন ডেকাৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল ৷ বৃহস্পতিবাৰে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাৰ বিৰুদ্ধে দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰে সদৌ অসম বঙালী নাগৰিক সমাজে। ঘটনা অনুসৰি যোৱা 17 নৱেম্বৰ তাৰিখে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকায়ে জনতা ভৱনৰ সন্মুখত অসমত বসবাস কৰা বঙালী সম্প্ৰদায় লোকৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ আগত বিৰূপ মন্তব্য কৰিছিল । নীলমণি সেন ডেকাৰ বিৰুদ্ধে সদৌ অসম বাঙালী নাগৰিক সমাজৰ অভিযোগ, নীলমণি সেন ডেকাই সমগ্ৰ অসমত অসমীয়া আৰু বাঙালী সম্প্ৰদায়ৰ মানুহৰ মাজত সাম্প্ৰদায়িক বিষবাষ্প সৃষ্টি কৰিব বিচাৰিছে। গতিকে এনে ধৰণৰ বিৰূপ মন্তব্য কৰা নেতাগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ অধীনত শাস্তিৰ বাবে সদৌ অসম বাঙালী নাগৰিক সমাজে দাবী জনাই দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰে ৷ লগতে নীলমণি সেন ডেকাৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছ কমিটিক উচিত ব্যৱস্থা ল'বলৈ আহ্বান জনায় অসম বাঙালী নাগৰিক সমাজে ।
লগতে পঢ়ক:দৰঙত পুনৰ সন্দেহজনক লোকৰ মাটি বেদখল