ETV Bharat / state

MP Gaurav Gogoi: কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ এক্স একাউণ্টত বিসংগতি; এনড্ৰয়ইড ফোনত অদৃশ্য টুইট

কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ এক্স একাউণ্টত সৃষ্টি হৈছে বিসংগতিৰ ৷ এনড্ৰয়ইড ফোনৰ এক্স এপ্লিকেচনত অদৃশ্য গৌৰৱ গগৈৰ এক্স একাউণ্টৰ পোষ্টসমূহ ৷

author img

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 11:02 PM IST

MP Gaurav Gogoi
MP Gaurav Gogoi

নিউজ ডেস্ক, 16 ছেপ্টেম্বৰ: কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ এক্স একাউণ্টত সৃষ্টি হৈছে বিসংগতিৰ ৷ এনড্ৰয়ইড ফোনৰ এক্স এপ্লিকেচনত অদৃশ্য গৌৰৱ গগৈৰ এক্স একাউণ্টৰ পোষ্টসমূহ ৷ উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ ৰাজসাহায্য বিতৰ্কত সামাজিক মাধ্যমত মুখৰ হৈ আছে কলিয়াবৰৰ সাংসদগৰাকী ৷

অৱশ্যে সাংসদৰগৰাকীৰ এক্স একাউণ্টত কিয় এই বিসংগতিৰ সৃষ্টি হ’ল এতিয়াও জানিব পৰা হোৱা নাই ৷ ধাৰণা কৰা হৈছে এক্সে নিষিদ্ধ (Restrict) কৰিছে সাংসদগৰাকীৰ একাউণ্ট ৷ প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ঋতুপর্ণ কোঁৱৰে সংবাদ মাধ্যমক কয়, ‘‘সাংসদ গৌৰৱ গগৈৰ Twitter/X account টো কেইঘণ্টামান আগৰ পৰা Twitter কৰ্তৃপক্ষই Restricted কৰিছে । বিশেষকৈ Android Mobile ব্যৱহাৰ কৰা কোনো ব্যক্তিয়েই তেখেতৰ একাউন্ট চাব নোৱাৰা কৰিছে । গোটেই বিষয়টো আমি প্ৰযুক্তিবিদসকলক পৰ্যৱেক্ষণ কৰিবলৈ দিছো ।’’

হঠাৎ সাংসদগৰাকীৰ এক্স একাউণ্টত সৃষ্টি হোৱা এই বিসংগতিয়ে সকলোকে আচৰিত কৰি তোলিছে ৷ উল্লেখ্য যে শুকুৰবাৰে বিৰোধী বিধায়ক অখিল গগৈৰ ফেচবুক পেইজৰ ক্ষেত্ৰতো দেখিবলৈ পোৱা গৈছিল বিসংগতি ৷ হঠাৎ ‘আনপাব্লিচ’ হৈ পৰিছে বিধায়গৰাকীৰ ফেচবুক অফিচিয়েল ৷ অৱশ্যে কেইঘণ্টা মানৰ পাছত পুনৰ নিজৰ পেইজখন ঘূৰাই পাবলৈ সক্ষম হৈছিল বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক: Rupjyoti Kurmi: আনৰ নাৰীক আক্ৰমণ কৰি ৰাৱণ-দুৰ্যোধনৰ দৰে শেষ হ’ব অখিল-গৌৰৱ; ৰূপজ্যোতি কুৰ্মী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.