গুৱাহাটী, ১১ আগষ্ট : দৰমহাৰ ধনেৰেও নোজোৰে একাংশ চৰকাৰী কৰ্মচাৰীৰ ৷ ৰাজ্যজুৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশানুসৰি চৰকাৰী কাৰ্যালয়সমূহত ঘোচখোৰ বিষয়াসকলৰ বিৰুদ্ধে অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ কৰ্মচাৰীৰ ৷ ৰাজ্যত প্ৰতিদিনেই ইজনৰ পিছত সিজন চৰকাৰী কৰ্মচাৰীয়ে ঘোচ লোৱা অৱস্থাত হাত দাঙি বাতৰিৰ শিৰোনাম দখল কৰিছে ।
এইবাৰ ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মুক্তাৰ আহমেদে । শুকুৰবাৰে দুৰ্নীতি নিবাৰক সঞ্চালকালয়, অসমৰ এটা দলে গুৱাহাটীৰ ভঙাগড়ৰ সমবায় সমিতিৰ সহকাৰী পঞ্জীয়কৰ কাৰ্যালয়ত এক অভিযান চলায় । এই অভিযানত ঋণৰ অনুজ্ঞাপত্ৰ প্ৰক্ৰিয়াকৰণ আৰু প্ৰদানৰ নামত অভিযোগকাৰীৰ পৰা ১০ হাজাৰ টকাৰ উৎকোচ লোৱাৰ সময়তে হাতে লোটে গ্ৰেপ্তাৰ কৰে উচ্চ বৰ্গৰ সহায়ক মুক্তাৰ আহমেদক।
আনহাতে বৃহস্পতিবাৰে ২০ হাজাৰ টকা উৎকোচ লৈ তিনিজনকৈ আৰক্ষীয়ে দাঙিছিলে হাত । মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ উপ পৰিদৰ্শক মুকুন্দ উপাধ্যায়, কনিষ্টবল মিজানুৰ ৰহমান আৰু হীৰকজ্যোতি ডেকাই ঘোচ লৈ থকাৰ সময়তে হাতে লোটে কৰায়ত্ত কৰে দুৰ্নীতি নিবাৰক শাখাই ।
এটা বিশেষ গোচৰ মীমাংসাৰ নামত উপ পৰিদৰ্শক মুকুন্দ উপাধ্যায়ে উৎকোচ দাবী কৰিছিল। এই বিষয়ে অভিযোগকাৰীয়ে দুৰ্নীতি নিবাৰক শাখাক ঘটনাটো অৱগত কৰে । এই অভিযোগৰ ভিত্তিতে দুৰ্নীতি নিবাৰক শাখাই লাহৰিঘাট থানাত অভিযান চলাই হাতে লোটে গ্ৰেপ্তাৰ কৰে তিনিও আৰক্ষীক ।
উল্লেখ্য যে, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰখনে দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি গ্ৰহণ কৰিছে । চলিত মাহতে ৮ জনকৈ চৰকাৰী বিষয়া কৰ্মচাৰীয়ে উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে ।
লগতে পঢ়ক: Anti Corruption unit raid: 20 হাজাৰ টকাৰ উৎকোচ লৈ হাত দাঙিলে কণিষ্ঠ সহায়ক নৱজ্যোতি ভূঞাই