গুৱাহাটী,16এপ্ৰিলঃ সৰ্বস্তৰত পৰিল লক ডাউনৰ প্ৰভাৱ ৷ ৰঙালী বিহুটো গৃহ বন্দী হৈয়ে ৰ'ল অসমবাসী ৰাইজ ৷ ৰাজ্যৰ সকলো প্ৰান্তৰ লগতে ডিমৰীয়াটো দেখা পোৱা নগ'ল বিহুৰ আনন্দ ৷ আনন্দৰ সলনি অঞ্চলটোৰ ৰাইজৰ মাজত দেখা গ'ল বিষাদহে কাৰণ প্ৰতিবছৰেই ডিমৰীয়াৰ মালয়বাৰীত ব'হাগৰ 3য় দিনটোত অনুষ্ঠিত হৈ আহিছিল ঐতিহ্যমণ্ডিত ব'হাগী দধিমন্থন উৎসৱ। কিন্তু লক ডাউনৰ বাবেই এইবাৰ যতি পৰিল এই 42 বছৰীয়া পৰম্পৰা অঞ্চলটোত দেখা নগ'ল আন বৰ্ষৰ দৰে কোনো পাৰভঙা উছাহ ৷ নাই ভক্তপ্ৰাণ ৰাইজৰ সমাগম ৷ চৰকাৰী নীতি-নিৰ্দেশনাৰ মাজেৰে কেৱল মাত্ৰ অনুষ্টুপীয়াকৈ শৰাই আগবঢ়াইয়ে এইবাৰ পৰম্পৰা ৰক্ষাৰ চেষ্টা চলালে অঞ্চলটোৰ ৰাইজে ৷
লগতে পঢ়কঃডিটেনশ্যন কেম্পৰ পৰা বন্দীক মুকলিৰ ক্ষেত্ৰত চৰ্ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ