ETV Bharat / state

Digital app Krisharthak launched: কৃষি বিভাগৰ সম্প্ৰসাৰণৰ লক্ষ্যৰে ডিজিটেল এপ মুকলি - Digital app launched to expand agriculture

কৃষি বিভাগৰ সম্প্ৰসাৰণৰ লক্ষ্যৰে ৰাজ্যত মুকলি কৰা হ’ল কৃষি ভিত্তিক এটা ডিজিটেল এপ ৷ মহানগৰীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত মুকলি কৰা হয় এই এপটো (Krisharthak app) ।

AASC has launched Krisharthak app to expand the agriculture department
অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত কৃষাৰ্থক এপ মুকলি
author img

By

Published : Jan 12, 2023, 7:42 AM IST

গুৱাহাটী, 12 জানুৱাৰী: ৰাজ্যৰ কৃষক সমাজৰ বাবে এটি সুখবৰ ৷ কিয়নো কৃষক সমাজৰ সহায় হোৱাকৈ তেওঁলোকক বিত্তীয় শিক্ষা আৰু পৰামৰ্শ আগবঢ়োৱাৰ উদ্দ্যেশ্যেৰে অসম চৰকাৰৰ কৃষি বিভাগৰ অধীনত অসম গ্ৰাম্য আন্তঃগাঁথনি আৰু কৃষি সেৱা সমাজে 'কৃষাৰ্থক' নামেৰে এক ডিজিটেল এপ মুকলি কৰিছে (Digital app launched to provide benefit to farmers) ৷

বিশ্ব বেংকৰ সাহায্য প্ৰাপ্ত অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্পই যোৱা ১০ জানুৱাৰী তাৰিখে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত এই সেৱা মুকলি কৰা হয় ।

উল্লেখযোগ্য যে, কৃষাৰ্থক ই- সেৱাই তথ্য-প্ৰযুক্তি ব্যৱহাৰৰ জৰিয়তে অসমৰ ২৪খন জিলাৰ ২,৫০,০০০ কৃষকক সামৰি বিত্তীয় শিক্ষা সম্পৰ্কীয় সেৱা আগবঢ়াব (Krisharthak e-service to farmers) । এই সেৱাৰ দ্বাৰা কৃষকসকলে ধন জমা, ঋণ, বীমা, পেঞ্চন তথা পাবলগীয়া ধনৰ সদব্যৱহাৰ সম্পৰ্কীয় তথ্য লাভ কৰিবলৈ সক্ষম হ’ব । প্ৰথম অৱস্থাত পৰীক্ষামূলকভাৱে ২০২৩ বৰ্ষৰ জানুৱাৰীৰ পৰা মাৰ্চ মাহৰ ভিতৰত ৰাজ্যৰ ৫ খন জিলাৰ ৫,০০০ কৃষকক সামৰি ল’ব আৰু অহা মে’ মাহৰ পৰা পৰ্যায়ক্ৰমে সকলো কৃষকলৈ আগবঢ়োৱা হ’ব বুলি সংশ্লিষ্ট কর্তৃপক্ষই জানিবলৈ দিয়ে ।

লগতে পঢ়ক: Preparation for Bhogali Bihu: কলগাছিয়াত ভোগালী বিহুৰ লাইখুটা স্থাপন

এই অনুষ্ঠানত কৃষাৰ্থক সেৱাৰ টিম লিডাৰ ড৹ চায়েদ এচ কাজিয়ে (Dr Syed S Qazi)এই সেৱা সম্পৰ্কে এক অৱলোকন দাঙি ধৰে । বিশ্ব বেংকৰ জ্যেষ্ঠ বিত্তীয় পৰামৰ্শদাতা অজয় নেইৰ (Ajay Nair Senior Financial Advisor of World Bank) আৰু অসম গ্ৰাম্য আন্তঃগাঁথনি আৰু কৃষি সেৱা সমাজৰ ৰাজ্যিক প্ৰকল্প সঞ্চালক আকাশ দ্বীপৰ উপস্থিতিত মুকলি কৰা কৃষাৰ্থক সেৱাই বিত্তীয় সখী, বিত্তীয় সহায়ক, বিত্তীয় সেতু আৰু বিত্তীয় কেপচুল নামেৰে চাৰিটা মাধ্যমেৰে সেৱা আগবঢ়াব বুলি উল্লেখ কৰে ।

ইয়াৰ বাবে www. krisarthak.in ৱেবচাইট আৰু টল ফ্ৰি নম্বৰ ১৮০০২৫৮৪৩৪৮ ত যোগাযোগ কৰিব পাৰিব । ভাষণ প্ৰসংগত আকাশ দ্বীপে মন্তব্য কৰে যে, কৃষাৰ্থক সেৱাই হ’ব অসমৰ আটাইতকৈ ডাঙৰ বিত্তীয় শিক্ষা তথা পৰামৰ্শমূলক সেৱা (Financial education and advice to farmers) ৷ যিয়ে কৃষকসকলৰ আৰ্থিক অৱস্থা টনকিয়াল কৰাৰ লগতে সমাজৰ আৰ্থিক উন্নয়নত সহায়ক হ’ব ।

লগতে পঢ়ক: Bodoland Community Counseling Centre : কোকৰাঝাৰত বড়োলেণ্ড সামাজিক পৰামৰ্শদান কেন্দ্ৰ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.