ETV Bharat / state

Dhula Minor Girl Murder Update: ধূলা কাণ্ডৰ অন্যতম অভিযুক্ত উৎপল বৰাৰ সম্পত্তি জব্দৰ নিৰ্দেশ আদালতৰ

author img

By

Published : Jul 29, 2023, 8:30 PM IST

ধূলা কাণ্ডৰ অন্যতম অভিযুক্ত নিলম্বিত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল বৰাৰ সম্পত্তি জব্দৰ নিৰ্দেশ আদালতৰ । শনিবাৰে বিশেষ আদালতে উৎপল বৰাৰ সম্পত্তি জব্দৰ নিৰ্দেশ দিয়ে । আদালতৰ নিৰ্দেশৰ পিচতে আৰক্ষীয়ে গুৱাহাটীত থকা উৎপল বৰাৰ ঘৰত অভিযান চলায় ।

Dhula Minor Girl Murder Update
ধূলা কাণ্ডৰ অন্যতম অভিযুক্তৰ সম্পত্তি জব্দৰ নিৰ্দেশ বিশেষ আদালতৰ

গুৱাহাটী,29 জুলাই: ধূলা কাণ্ডৰ অন্যতম অভিযুক্ত ধূলা আৰক্ষী থানাৰ নিলম্বিত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল বৰাৰ সম্পত্তি জব্দৰ নিৰ্দেশ আদালতৰ । শনিবাৰে বিশেষ আদালতে উৎপল বৰাৰ সম্পত্তি জব্দৰ নিৰ্দেশ দিয়ে । আদালতৰ নিৰ্দেশৰ পিচতে আৰক্ষীয়ে গুৱাহাটীত থকা উৎপল বৰাৰ ঘৰত অভিযান চলায় । বৰ্তমানো আৰক্ষীয়ে কেইবা ঠাইতো অভিযান অব্যাহত ৰাখিছে ।

উল্লেখ্য যে এগৰাকী কিশোৰীক ধৰ্ষণ আৰু হত্যা কাণ্ডৰ অভিযুক্তক সুৰক্ষা দিছিল ধূলা আৰক্ষী থানাৰ তেতিয়াৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তথা উৎপল বৰাই । ২০২২ চনৰ ১১ জুনত দৰং জিলাৰ ধূলা থানাৰ অন্তৰ্গত কৃষ্ণকমল বৰুৱা নামৰ এচ এচ বি জোৱান ঘৰত এগৰাকী কিশোৰীৰ ৰহস্যজনক মৃত্যু হৈছিল । হুগ্ৰাজুলি প্ৰজা পথাৰ গাঁৱত ১৩ বছৰীয়া এগৰাকী কিশোৰী চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল ।

কিশোৰী গৰাকী কৃষ্ণকমল বৰুৱা নামৰ লোকজনৰ ঘৰত বনকৰা ছোৱালী হিচাপে আছিল । ঘটনাৰ সন্দৰ্ভত ধূলা আৰক্ষী থানাত কিশোৰী গৰাকীৰ পৰিয়ালে এজাহাৰ দিবলৈ গৈছিল । কিন্তু সেই ক্ষেত্ৰত কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকক আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ অভিযোগ উঠিছিল ৷

পৰৱৰ্তী সময়ত এগৰাকী সাংবাদিকে ধূলাৰ গোচৰৰ ক্ষেত্রত আৰক্ষীৰ তদন্তত অনিয়ম হোৱা বুলি মুখ্যমন্ত্ৰীলৈ অভিযোগ দিছিল । তাৰ পিচতেই মুখ্যমন্ত্ৰীয়ে আৰক্ষী সঞ্চালক প্ৰধানক লৈ ভুক্তভুগী কিশোৰীগৰাকীৰ ঘৰলৈ গৈছিল । পৰৱৰ্তী সময়ত মুখ্যমন্ত্রীয়ে গোচৰটোৰ তদন্ত কৰাৰ বাবে চি আই ডিক দায়িত্ব দিয়ে । চি আই ডি ত ২০/২০২২ নম্বৰত এটি গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে ।

CIDৰ তদন্তৰ পিছতেই সমগ্ৰ ঘটনাটো পোহৰলৈ আহে । উল্লেখ্য যে ৫ লাখ টকাৰ বিনিময়ত ধৰ্ষণ আৰু হত্যাৰ ঘটনাটোক আত্মহত্যাৰ ৰূপ দিছিল সেই সময়ৰ দৰঙৰ আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকন, ধূলা থানাৰ অ'চি উৎপল বৰাই । আনকি তৎকালীনভাৱে উলিওৱা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতো চিকিৎসকে কিশোৰী গৰাকীৰ আত্মহত্যা কৰা বুলি উল্লেখ কৰা হৈছিল ।

পৰৱৰ্তী সময়ত চি আই ডিয়ে ঘটনাৰ তদন্ত কৰি আদালতত ধূলা কাণ্ডৰ অভিযোগনামা দাখিল কৰে । চি আই ডিইয়ে ধূলা থানাৰ সেই সময়ৰ ভাৰপ্ৰাপ্ত বিষয়াৰ উৎপল বৰা, দৰং জিলাৰ সেই সময়ৰ আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকন আৰু কৃষ্ণকমল বৰুৱাৰ পত্নী নিজু নাথক অভিযুক্ত কৰি অভিযোগনামা দাখিল কৰে ।

লগতে পঢ়ক:Water pipe bursts: মহানগৰীৰ জু ৰোডত ফুটিল পানীৰ পাইপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.