ETV Bharat / state

কঠোৰ হাতেৰে ক'ভিড-19 ৰ পৰিস্থিতি চম্ভালিব অসম আৰক্ষীয়ে: ভাস্কৰজ্যোতি মহন্ত - আৰক্ষীয়ে গোচ

বৃহস্পতিবাৰৰ পৰা বলৱৎ হোৱাকৈ ৰাজ্য চৰকাৰে যিবিলাক নতুন বাধা-নিষেধ আৰোপ কৰিছে, সেইবিলাক যদি কোনো লোকে ভংগ কৰে, তেন্তে তেওঁৰ বিৰুদ্ধে অতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সংবাদ মাধ্যমৰ জৰিয়তে ভাস্কৰজ্যোতি মহন্তই সকীয়নি প্ৰদান কৰে ৷

কঠোৰ হাতেৰে ক'ভিড-19ৰ পৰিস্থিতি চম্ভালিব অসম আৰক্ষীয়ে : ডিজিপি

author img

By

Published : May 12, 2021, 9:47 PM IST

গুৱাহাটী,১২ মে’: জনগণৰ জীৱন ৰক্ষাৰ স্বাৰ্থত এইবাৰ অতি কঠোৰ হাতেৰে ক'ভিডৰ জটিল পৰিস্থিতি মোকাবিলা কৰিবলৈ প্ৰস্তুত হৈছে অসম আৰক্ষী ৷ বুধবাৰে মুখ্য সচিব জিষ্ণু বৰুৱাৰ সৈতে একেখন সংবাদমেলত ভাগ লৈ এই হুংকাৰ দিয়ে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই । বৃহস্পতিবাৰৰ পৰা বলৱৎ হোৱাকৈ ৰাজ্য চৰকাৰে যিবিলাক নতুন বাধা-নিষেধ আৰোপ কৰিছে, সেইবিলাক যদি কোনো লোকে ভংগ কৰে, তেন্তে তেওঁৰ বিৰুদ্ধে অতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সংবাদ মাধ্যমৰ জৰিয়তে ভাস্কৰজ্যোতি মহন্তই সকীয়নি প্ৰদান কৰে ৷

কঠোৰ হাতেৰে ক'ভিড-19ৰ পৰিস্থিতি চম্ভালিব অসম আৰক্ষীয়ে : ডিজিপি

আনহাতে, কণ্টেইনমেণ্ট জ'নৰ নিয়ম-নীতি মানি নচলা লোকৰ বিৰুদ্ধেও তাৎক্ষণিকভাৱে বিহিত ব্যৱস্থা ল’বলৈ আৰক্ষীক নিৰ্দেশ দিয়া হৈছে বুলি তেওঁ কয় । আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে কয় যে জৰুৰীকালীন সেৱাৰ দোহাই দি বহু চৰকাৰী বিষয়া বা সংবাদকৰ্মীয়ে পৰিয়াল লৈ ঘূৰা-ফুৰা কৰাৰ তথ্যও আৰক্ষীয়ে লাভ কৰিছে । এইবাৰ তেনে লোকক কিন্তু ৰেহাই দিয়া নহ’ব । ইপিনে, মাস্ক পৰিধান নকৰাটো এক গুৰুতৰ অপৰাধৰূপে বিবেচনা কৰা হ’ব ৷ লগতে তেনে লোকৰ বিৰুদ্ধে পূৰ্বতকৈও কঠোৰ ধাৰাৰ অধীনত আৰক্ষীয়ে গোচৰ ৰুজু কৰিব বুলিও ভাস্কৰজ্যোতি মহন্তই বুধবাৰে সংবাদমেলৰ জৰিয়তে সকীয়নি প্ৰদান কৰে ।

লগতে পঢ়কঃ টীম হিমন্তই আশীষ ল'লে সৰ্বানন্দ সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.