ETV Bharat / state

"কেব" বিৰোধী আন্দোলনক কঠোৰ হাতেৰে দমন কৰিবলৈ ডি জি পিক নিৰ্দেশ

author img

By

Published : Dec 6, 2019, 4:52 PM IST

Updated : Dec 6, 2019, 5:27 PM IST

এয়া বোধকৰো জাতিটোৰে দুৰ্ভাগ্য ! এসময়ত ছাত্ৰ আন্দোলনৰ নেতৃত্ব লৈ , ৰাজপথৰ আন্দোলনৰ নেতা হৈ , গণ আন্দোলনৰ হোতা হৈ পৰৱৰ্তী সময়ত দিল্লী-নাগপুৰৰ আশীৰ্বাদ মুৰত লৈ দিছপুৰত শাসনৰ বাঘজৰী হাতত লোৱাজনেই এতিয়া জাতিটোক বুঢ়া আঙুলি দেখুৱাইছে ।

dgp ordered to strict action
কেবক কঠোৰ হাতেৰে দমন কৰাৰ নিদেৰ্শ মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, ৬ ডিচেম্বৰঃ দিছপুৰত বহিয়েই জাতিটোলৈ পিঠি দিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শেহতীয়াকৈ সমগ্ৰ ৰাজ্যজুৰি আৰম্ভ হোৱা "কেব" বিৰোধী আন্দোলনক কঠোৰতকৈও কঠোৰ হাতেৰে মষিমুৰ কৰিবলৈ নিৰ্দেশ দিছে নৱ নিযুক্ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তক । সেই মৰ্মে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ শিৰোধাৰ্য কৰি আৰক্ষী সঞ্চালক প্ৰধান গৰাকীৰ ফালৰ পৰা ৰাজ্যৰ ৩৪৬ খন থানালৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে জৰুৰী ডব্লিউ টি মেছেজ ।

dgp ordered to strict action
কেবক কঠোৰ হাতেৰে দমন কৰাৰ নিদেৰ্শ মুখ্যমন্ত্ৰীৰ

৩৪৬ খন থানাক চোকা নিৰ্দেশ দিয়া হৈছে লাঠি চালনাকে ধৰি সকলো ধৰণৰ কঠোৰ ব্যৱস্থা প্ৰয়োগ কৰি হ'লেও যাতে মষিমুৰ কৰা হয় "কেব" বিৰোধী আন্দোলন । গুৱাহাটী মহানগৰীৰ ২০ খন থানা আৰু ১৩ খন আৰক্ষী চকীকো বিশেষ ভাবে দিয়া হৈছে এই নিৰ্দেশ । কেৱল সিমানেই নহয় , নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধ কৰা বা প্ৰতিবাদকাৰী সকলৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলা বিভিন্ন জাতীয় সংগঠনৰ নেতা , চিন্তাবিদ , বচা বচা সাংবাদিক আদিৰ গতিবিধি আৰু ফোন যোগাযোগৰ ওপৰতো চোকা নজৰ ৰাখিবলৈ থানা সমূহক নিৰ্দেশ দিয়া হৈছে ।

Intro:গুৱাহাটী, ৬ ডিচেম্বৰঃ এয়া বোধকৰো জাতিটোৰে দুৰ্ভাগ্য ! এসময়ত ছাত্ৰ আন্দোলনৰ নেতৃত্ব লৈ , ৰাজপথৰ আন্দোলনৰ নেতা হৈ , গণ আন্দোলনৰ হোতা হৈ পৰৱৰ্তী সময়ত দিল্লী-নাগপুৰৰ আশীৰ্বাদ মুৰত লৈ দিছপুৰত শাসনৰ বাঘজৰী হাতত লোৱাজনেই এতিয়া জাতিটোক বুঢ়া আঙুলি দেখুৱাইছে ।Body:দিছপুৰত বহিয়েই জাতিটোলৈ পিঠি দিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শেহতীয়াকৈ সমগ্ৰ ৰাজ্যজুৰি আৰম্ভ হোৱা "কেব" বিৰোধী আন্দোলনক কঠোৰতকৈও কঠোৰ হাতেৰে মষিমুৰ কৰিবলৈ নিৰ্দেশ দিছে নৱ নিযুক্ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তক । সেই মৰ্মে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ শিৰোধাৰ্য কৰি আৰক্ষী সঞ্চালক প্ৰধান গৰাকীৰ ফালৰ পৰা ৰাজ্যৰ ৩৪৬ খন থানালৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে জৰুৰী ডব্লিউ টি মেছেজ ।Conclusion:৩৪৬ খন থানাক চোকা নিৰ্দেশ দিয়া হৈছে লাঠি চালনাকে ধৰি সকলো ধৰণৰ কঠোৰ ব্যৱস্থা প্ৰয়োগ কৰি হ'লেও যাতে মষিমুৰ কৰা হয় "কেব" বিৰোধী আন্দোলন । গুৱাহাটী মহানগৰীৰ ২০ খন থানা আৰু ১৩ খন আৰক্ষী চকীকো বিশেষ ভাবে দিয়া হৈছে এই নিৰ্দেশ । কেৱল সিমানেই নহয় , নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধ কৰা বা প্ৰতিবাদকাৰী সকলৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলা বিভিন্ন জাতীয় সংগঠনৰ নেতা , চিন্তাবিদ , বচা বচা সাংবাদিক আদিৰ গতিবিধি আৰু ফোন যোগাযোগৰ ওপৰতো চোকা নজৰ ৰাখিবলৈ থানা সমূহক নিৰ্দেশ দিয়া হৈছে ।
Last Updated : Dec 6, 2019, 5:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.