ETV Bharat / state

নৱগ্ৰহত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন খগেন শৰ্মাৰ শেষকৃত্য

author img

By

Published : Oct 26, 2019, 3:23 PM IST

অসম প্ৰশাসনিক সেৱাত উত্তীৰ্ণ হৈ খগেন শৰ্মাই প্ৰশাসনিক বিষয়া হিচাপে যোগদান কৰে যদিও পৰৱৰ্তী সময়ত ভাৰতীয় আৰক্ষী সেৱাত উত্তীৰ্ণ হৈ ৰাজ্যখনৰ বিভিন্ন স্থানত সুদক্ষ আৰক্ষী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি অসম আৰক্ষীৰ সৰ্বোচ্চ পদ আৰক্ষী সঞ্চালক প্ৰধানৰ পদত অধিষ্ঠিত হয় ৷

নৱগ্ৰহত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন খগেন শৰ্মাৰ শেষকৃত্য

গুৱাহাটী, 26 অক্টোবৰঃ অৱশেষত পঞ্চভূতত বিলীন হ’ল প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান খগেন শৰ্মাৰ নশ্বৰ দেহ ৷ নৱগ্ৰহত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় খগেন শৰ্মাৰ ৷ তেখেতৰ শেষকৃত্য কাৰ্যসূচীত উপস্থিত থাকে আৰক্ষী আয়ুক্ত দীপক কুমাৰ, এ এচ টি ছি সঞ্চালক আনন্দ প্ৰকাশ তিবাৰীৰ লগতে আৰক্ষীৰ উচ্চ পদস্থ বিষয়াসকল ৷ দীৰ্ঘদিনধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধানগৰাকী ৷

১৯৫৫ চনত টিহুৰ গাতে লাগি থকা কণিমাৰা গাঁৱৰ জন্ম গ্ৰহন কৰা খগেন্দ্ৰ নাথ শৰ্মা কৃতী শিক্ষক প্ৰয়াত নগেন শৰ্মাৰ দ্বিতীয় পুত্ৰ আছিল | ১৯৭১ চনত শৰ্মাই টিহু হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈ ৰাজ্য খনৰ ভিতৰতে প্ৰথম স্থান লাভ কৰি সমগ্ৰ টিহু অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছিল ৷ ১৯৭২ চনত তেওঁ কটন কলেজৰ পৰা প্ৰাক বিশ্ববিদ্যালয় পৰীক্ষাৰত ৰাজ্যখনৰ ভিতৰতে কলা শাখাতো ষষ্ঠ স্থান লাভ কৰিছিল । পৰৱৰ্তী সময়ত দৰ্শন শাস্ত্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি তেওঁ বজালী মহাবিদ্যালয় আৰু তেজপুৰ মহাবিদ্যালয়ত কিছুদিনৰ বাবে প্ৰবক্তা হিচাপে কৰ্মৰত আছিল ৷

ক মৰ্যাদাৰে সম্পন্ন খগেন শৰ্মাৰ শেষকৃত্য

উল্লেখ্য যে, অসম প্ৰশাসনিক সেৱাত উত্তীৰ্ণ হৈ তেখেতে প্ৰশাসনিক বিষয়া হিচাপে যোগদান কৰে যদিও পৰৱৰ্তী সময়ত ভাৰতীয় আৰক্ষী সেৱাত উত্তীৰ্ণ হৈ ৰাজ্যখনৰ বিভিন্ন স্থানত সুদক্ষ আৰক্ষী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি অসম আৰক্ষীৰ সৰ্বোচ্চ পদ আৰক্ষী সঞ্চালক প্ৰধানৰ পদত অধিষ্ঠিত হয় ৷ শৰ্মাৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৰাজ্যবাসীয়ে গভীৰ শোক প্ৰকাশ কৰিছে ৷

Intro:নৱগ্ৰহত সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন খগেন শৰ্মাৰ । প্ৰাক্তন DGP খগেন শর্মাৰ শেষকৃত্য সময়ত উপস্থিত থাকে আৰক্ষী আয়ুক্ত দীপক কুমাৰ , ASTC সঞ্চালক আনন্দ প্ৰকাশ তিবাৰী আৰু আৰক্ষী উচ্চ পদস্থ বিষয়া সকল উপস্থিত থাকে । উল্লেখযোগ্য যে, শুকুৰবাৰে সন্ধিয়া শেষ নিশ্বাস ত্যাগ কৰিছিল প্ৰাক্তন DGP গৰাকীয়ে। দীৰ্ঘদিনধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা খগেন শৰ্মা চিকিৎসাধীন হৈ আছিল গুৱাহাটীৰ চানভেলী চিকিৎসালয়ত। খগেন শৰ্মাৰ মৃত্যু এতিয়া সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পৰিছে। শৰ্মাৰ মৃত্যুত মুখ্য়মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰে।

Body:# ১৯৫৫ চনত টিহুৰ গাতে লাগি থকা কণিমাৰা গাঁৱৰ জন্ম গ্ৰহন কৰা খগেন্দ্ৰ নাথ শৰ্মা কৃতী শিক্ষক প্ৰয়াত নগেন শৰ্মাৰ দ্বিতীয় পুত্ৰ আছিল | ১৯৭১ চনত শৰ্মাই টিহু হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈ ৰাজ্য খনৰ ভিতৰতে প্ৰথম স্হান লাভ কৰি টিহু অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছিল।
আনপিনে ১৯৭২ চনত তেওঁ কটন কলেজৰ পৰা প্ৰাক বিশ্ববিদ্যালয় পৰীক্ষাৰ কলা শাখাতো ষষ্ঠ স্হান লাভ কৰিছিল ৰাজ্যখনৰ ভিতৰতে। পাছত দৰ্শন শাস্ত্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি তেওঁ বজালী মহাবিদ্যালয় আৰু তেজপুৰ মহাবিদ্যালয়ত কিছু দিনৰ বাবে প্ৰবক্তা হিচাপে শিক্ষকতা কৰিছিল।
Conclusion:পাছত অসম প্ৰশাসনিক সেৱাত উত্তীৰ্ণ হৈ তেওঁ প্ৰশাসনিক বিষয়া হিচাপে যোগদান কৰে যদিও পৰৱৰ্তী সময়ত তেওঁ ভাৰতীয় আৰক্ষী সেৱাত উত্তীৰ্ণ হৈ ৰাজ্যখনৰ বিভিন্ন স্হানত সুদক্ষ আৰক্ষী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি অসম আৰক্ষীৰ সৰ্বোচ্চ পদ আৰক্ষী সঞ্চালকৰ পদত অধিষ্ঠিত হৈছিল। ইয়াৰ মাজতে তেওঁ দেৰগাওস্হিত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।মৃত্যুৰ সময়ত তেওঁ মাতৃ ননীবালা দেৱীৰ লগতে পত্নী, এগৰাকী পুত্ৰ সন্তানসহ ভালেসংখ্যক আত্মীয় স্বজনক ইহসংসাৰত এৰি থৈ যায়।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.