ETV Bharat / state

DGP GP Singh reactions: ৰাজ্যৰ অৰ্থনৈতিক বিকাশত বিধি-পথালি সহ্য কৰা নহ'ব : জি পি সিং - ধন দাবীৰ ঘটনা

ধন দাবীৰ ঘটনাত জড়িত নহ'বলৈ জনতালৈ আহ্বান জনাই সামাজিক মাধ্যমত বাৰ্তা আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ। এফালে আলফা স্বাধীনৰ সকীয়নি আৰু আনফালে আৰক্ষী সঞ্চালক প্ৰধানৰ কঠোৰ স্থিতি।

dgp-gp-singh-urged-the-public-not-to-get-involved-in-extortion-cases
ৰাজ্যৰ অৰ্থনৈতিক বিকাশত বিধি-পথালি সহ্য কৰা নহ'ব : জি পি সিং
author img

By

Published : Jul 23, 2023, 8:13 PM IST

গুৱাহাটী, ২৩ জুলাই: এফালে আলফা স্বাধীনৰ কঠোৰ সকীয়নি আৰু আনফালে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙৰ দৃঢ় স্থিতি। ৰাজ্যৰ অৰ্থনৈতিক বিকাশত কোনো ধৰণৰ বিধি-পথালি সহ্য কৰা নহ'ব আৰু অভিযুক্তৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰতম আইনী ব্যৱস্থা। এই বাৰ্তা আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ । ধন দাবীৰ ঘটনাত জড়িত নহ'বলৈ জনতালৈ আহ্বান জনাই সামাজিক মাধ্যমযোগে বাৰ্তা দিছে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে।

উল্লেখ্য যে আলফা স্বাধীনৰ ধন দাবীৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী। উজনি অসমত আলফা স্বাধীনৰ ধনদাবী প্ৰসংগত দেওবাৰে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে।

তেওঁ কয় যে, উজনি অসমৰ কিছু ব্যৱসায়ীয়ে ইতিমধ্যে নিষিদ্ধ সংগঠন আলফাৰ (প্ৰকৃত বা ভুৱায়েই হওক) নামত বলপূৰ্বক ধনদাবীৰ চিঠি প্ৰাপ্ত কৰিছে। এনেকুৱা ধন সংগ্ৰহৰ লগত জড়িত কিছুলোকক আৰক্ষীয়ে কৰায়ত্ব কৰিছে। এজনে আজি আৰক্ষীৰ লোকক আক্ৰমণ কৰি পলায়ন কৰিবলৈ চেষ্টা কৰোতে গুলীবিদ্ধ হৈ আহত হয়। সেয়েহে সকলোৰে জ্ঞাতাৰ্থে জনোৱা যায় যে এনেধৰণৰ আলফাৰ (প্ৰকৃত বা ভুৱায়েই হওক)নামত ধন সংগ্ৰহৰ কাৰ্য UAP আইনৰ অধীনৰ ১৭, ২১, ২৪, ২৬, ৩৯ আৰু ৪০ ধাৰাৰে অভিযুক্ত হয়।

আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে লগতে কয় যে, আলফা এক নিষিদ্ধ ঘোষিত সন্ত্ৰাসবাদী সংগঠন। এই আইনৰ ধাৰাসমূহ ধন সংগ্ৰহ, সংগৃহীত ধন সন্ত্ৰাসবাদী কাম কাজৰ বাবে ব্যৱহাৰ আদিৰ দৰে অপৰাধ সংগঠিত কৰা কাৰ্যত প্ৰয়োগ হয়। এনে অভিযুক্তৰ যিয়ে আলফাৰ (প্ৰকৃত বা ভুৱায়েই হওক) নামত ধন সংগ্ৰহ কৰে তেওঁলোকৰ সম্পত্তি বাজেয়াপ্তও হ'ব পাৰে। সংশ্লিষ্ট জিলা আৰক্ষী আৰু নিৰাপত্তাৰক্ষী বাহিনীক ইতিমধ্যে এনে ধৰণৰ অভিযুক্ত লোকসকলৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এইসকল লোকৰ দ্বাৰা ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশত বিধিপথালি দিয়াটো সহ্য কৰা নহ'ব আৰু তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনী ব্যৱস্থা লোৱা হ'ব বুলি তেওঁ স্পষ্ট কৰি দিয়ে।

তেওঁ সমূহ ৰাইজলৈ এনেধৰণৰ বলপূৰ্বক ধনদাবীৰ ঘটনাৰ লগত কোনো প্ৰকাৰে জড়িত নহ'বলৈ আহ্বান জনায়। ইফালে আৰক্ষী সঞ্চালক প্ৰধানৰ এনে আহ্বান তথা বাৰ্তাৰ বিপৰীতে আলফা স্বাধীনে দাবী কৰে যে অসম আৰক্ষীয়ে আলফা স্বাধীনৰ নামত থলগিৰী লোকৰ ওপৰত নিৰ্যাতন চলাই আহিছে।

আনকি আলফা স্বাধীনে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক অসমৰ থলগিৰি জনতাৰ ওপৰত ভুৱা এনকাউন্টাৰেৰে বীৰত্ব প্ৰদৰ্শন কৰা কাৰ্য বন্ধ কৰক নহ'লে অসম এৰক বুলি সকীয়নি দিছে। লগতে এয়া আলফা স্বাধীনৰ শেষ সকীয়নি বুলি সকিয়াই দিছে।
লগতে পঢ়ক: Encounter in Khowang: ডিব্ৰুগড়ত সন্দেহজনক আলফা(স্বাঃ)ৰ দুই লিংকমেন আটক; আৰক্ষীৰ গুলীত আহত এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.