ETV Bharat / state

DGP GP Singh: আৰক্ষীত কি কি নিয়ম সংযোজন কৰিলে নতুন সঞ্চালক প্ৰধান জি পি সিঙে ? - অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়

আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ(DGP GP Singh) অধ্যক্ষতাত আজি অনুষ্ঠিত হোৱা এক বৈঠকত আৰক্ষীৰ বাবে গ্ৰহণ কৰা হয় কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ এতিয়াৰে পৰা ৰাইজৰ অভাৱ-অভিযোগৰ বুজ ল’বলৈ সকলো আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত থাকিব এগৰাকী বিষয়া ৷ আনহাতে, এবছৰ পূৰ্বৰে পৰা আৰম্ভ হ’ব আৰক্ষীৰ পেঞ্চনৰ কাম-কাজ ৷

DGP GP Singh
আৰক্ষীৰ কি কি নিয়ম সলনি কৰিলে নতুন সঞ্চালক প্ৰধান জি পি সিঙে ?
author img

By

Published : Feb 2, 2023, 10:35 PM IST

গুৱাহাটী,2 ফ্ৰেব্ৰুৱাৰী: অসম আৰক্ষীৰ উলুবাৰীস্থিত মুখ্য কাৰ্য্যালয়ৰ সভাকক্ষত বৃহস্পতিবাৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ(DGP GP Singh) উপস্থিতিত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ বৈঠক । বৈঠকত আৰক্ষী অধীক্ষক পৰ্যায়ৰ পৰা উচ্চ পৰ্যায়লৈ সকলো বিষয়াই অংশ গ্ৰহণ কৰে । গুৱাহাটীত কৰ্মৰত বিষয়াসকল সভাকক্ষত উপস্থিত থকাৰ বিপৰীতে ৰাজ্যৰ অন্যান্য জিলাসমূহত কৰ্মৰত বিষয়াসকলে ‘ভার্চুৱেল’ মাধ্যমেৰে বৈঠকত অংশ লয় ।

এই বৈঠকত গ্ৰহণ কৰা হয় কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত । সেই অনুসৰি অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় আৰু ৰাজ্যৰ সকলোবোৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত প্ৰতিটো কৰ্মদিনত পুৱা 11.30 বজাৰ পৰা বিয়লি 1.30 বজালৈ এজন বিষয়া উপস্থিত থকাটো নিশ্চিত কৰিব লাগিব । বিষয়াগৰাকীয়ে ৰাইজৰ লগত মত-বিনিময় কৰি তেওঁলোকৰ অভাৱ-অভিযোগসমূহ নিৰাময়ৰ ব্যৱস্থা কৰিব । এই ব্যৱস্থা অহা 13 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব(New instructions for Assam police) ।

DGP GP Singh
অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত বিশেষ বৈঠক

সেইদৰে জৰুৰী অৱস্থাৰ বাহিৰে অন্যান্য দিনত আৰক্ষী অধীক্ষকসকলৰ অধীনস্থ এলেকাসমূহত নিয়োজিত আৰক্ষীৰ লোকসকলৰ প্ৰতি সপ্তাহত এটা ছুটীৰ দিন বাধ্যতামূলক কৰা হ'ব(Week off for Assam police personals) । অৱশ্যে এই নিয়ম থানা আৰু আৰক্ষী চকীসমূহৰ ভাৰপ্ৰাপ্ত বিষয়াসকলকে ধৰি ‘চার্জ পোষ্ট’ত থকা আৰক্ষীৰ অন্যান্য লোকসকলৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব ।

আনহাতে, অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়কে ধৰি সকলো জিলা, বেটেলিয়ানৰ কাৰ্যালয় আৰু অসম আৰক্ষীৰ অধীনস্থ অন্যান্য সংস্থাসমূহে অহা দুমাহৰ ভিতৰত মীমাংসা নোহোৱাকৈ থকা কৰ্মচাৰীৰ পেঞ্চন সংক্ৰান্তীয় কাম-কাজসমূহ নিষ্পত্তি কৰাটো নিশ্চিত কৰিব লাগিব ।

লগতে, এতিয়াৰ পৰা কমেও এবছৰৰ আগৰ পৰাই অৱসৰ গ্ৰহণ কৰিবলগা বিষয়া-কৰ্মচাৰী তথা অন্যান্য আৰক্ষীৰ লোকসকলৰ পেঞ্চন সংক্ৰান্তীয় কাম-কাজসমূহ আৰম্ভ কৰিব লাগিব । জিলা বেটেলিয়ানসমূহৰ লগতে আৰক্ষীৰ অন্যান্য সংস্থাসমূহত সকলো মহিলা আৰক্ষীৰ বাবে পৃথক ‘শৌচালয়’ৰ ব্যৱস্থা কৰা হ’ব । সেইদৰে আৰক্ষীৰ লোকসকলে ৰাইজে স্পষ্টকৈ দেখাকৈ স্থানীয় ভাষাত অথবা দ্বি-ভাষিক ‘নাম ফলক’ লগাব লাগিব ।

বৈঠকত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে কয় যে, আৰক্ষীৰ লোকসকলে ৰাইজক সঠিক আৰু নম্ৰ ব্যৱহাৰৰ লগতে পদবী নিৰ্বিশেষে সহকর্মীসকলকো উপযুক্ত সন্মান প্ৰদর্শন আৰু মৰ্যাদা প্ৰদান কৰাটো নিশ্চিত কৰিব লাগিব । আৰক্ষীৰ লোকসকলক তেওঁলোকৰ স্বাস্থ্যৰ যতন ল’বলৈও পৰামৰ্শ দি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে পদবী নিৰ্বিশেষে সৰ্বোচ্চস্তৰত পেছাগত আৰু ব্যক্তিগত অনুশাসন মানি চলিবলৈ তেওঁলোকৰ প্ৰতি আহ্বান জনায় ।

লগতে পঢ়ক: top leader of ulfa independence Sangram Asom: আলফা স্বাধীনৰ শীৰ্ষ নেতা সংগ্ৰাম অসমৰ আত্মসমৰ্পণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.