গুৱাহাটী,১০ মাৰ্চ: আজি ৰাষ্ট্ৰীয় পেলু নিৰ্মূল দিৱস । এই দিৱস পালনৰ মূল উদ্দেশ্য হৈছে বিশেষকৈ ১ বছৰৰ পৰা ১৯ বছৰ বয়সৰ ল’ৰা-ছোৱালী পেটত থকা কৃমি, ইয়াৰ প্ৰকাৰ, প্ৰতিৰোধৰ কৌশল উদ্ভাৱন আৰু সম্পূৰ্ণভাৱে ইয়াৰ নিৰ্মূলকৰণ কৰা । মানুহৰ পেটৰ ভিতৰত এই পৰজীৱী পেলুৱে মানৱ শৰীৰৰ পোষক আৰু খনিজ পদাৰ্থ শোষণ কৰাৰ ফলত শৰীৰত বিভিন্ন প্ৰকাৰৰ বেমাৰে দেখা দিয়ে(Deworming Day celebrated in Guwahati) ।
আজি মহানগৰীৰ দিছপুৰস্থিত ৰাজধানী ৰাজ্যিক চিকিৎসালয়ত ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস পালন কৰা হয় । পেলু নিৰ্মূলকৰণ দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ শিশুসকলক পেলুৰ ঔষধ প্ৰদানৰ আনুষ্ঠানিক শুভাৰম্ভণি কৰা হয়(Assam health minister inaugurates Deworming Day) । এই আঁচনিখনৰ শুভাৰম্ভণি কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই । উক্ত অনুষ্ঠানত উপস্থিত থাকে স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকল(Health Minister prescribes medicines) ।
১ৰ পৰা ১৯ বছৰ বয়সৰ শিশু তথা কিশোৰ কিশোৰীসকলৰ বাবে মুকলি কৰা হৈছে এই আঁচনিখন । পেলুৰ সংক্ৰমণৰ পৰা শিশু, কিশোৰ কিশোৰীসকলক ৰক্ষা কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । আজিৰে পৰা ৰাজ্যজুৰি পেলুৰ ঔষধ প্ৰদান কাৰ্যসূচী আৰম্ভ হৈছে । ৰাজ্যৰ ৭২ লাখ শিশুক প্ৰদান কৰা হব Albendazole নামক পেলুৰ দৰৱ ।
উল্লেখ্য যে ভাৰতবৰ্ষৰ প্ৰায় ২,৪১০ লাখ শিশু এইৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে । এই ৰোগৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে হাত দুখন পৰিষ্কাৰকৈ ধোৱা, বিশুদ্ধ খোৱাপানী সেৱন কৰা, খাদ্য সামগ্ৰী পৰিস্কাৰকৈ ধোৱাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব লাগে । ইয়াৰ লগতে ১ ৰ পৰা ১৯ বছৰ বয়সৰ শিশুৰ মাজত এই ৰোগ প্ৰতিৰোধ কৰিবৰ বাবে পেলু নাশক ঔষধ বছৰত দুবাৰকৈ সেৱন কৰিব লাগে ।
এক তথ্য অনুসৰি পেলু নিৰ্মূল কাৰ্যসূচীত ৰাজ্যৰ প্ৰতিখন চৰকাৰী, চৰকাৰী সাহায্যপ্ৰাপ্ত, ব্যক্তিগত খণ্ডৰ বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰসমূহত ১ ৰ পৰা ১৯ বছৰ বয়সৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীকে বিনামূলীয়াকৈ পেলুনাশক টেবলেট প্ৰদান কৰা হ'ব বুলি জানিব পৰা গৈছে । বিদ্যালয়লৈ নোযোৱা বা আধাতে বিদ্যালয় এৰি যোৱা শিশুসকলকো পেলু নিৰ্মূলকৰণ কাৰ্যসূচীৰ অন্তৰ্ভুক্ত হ'ব ।
লগতে পঢ়ক: Nalbari drunk groom: ঢলং-পলং দৰা বাগৰি পৰিল হোমৰ গুৰিত; বিয়া ভংগ