ETV Bharat / state

তিনি দিনৰ আৰক্ষীৰ জিম্মালৈ বৰাগাঁও হত্যাকাণ্ডৰ অভিযুক্ত দেৱযানী দাস - বৰাগাঁও হত্যাকাণ্ড

শনিবাৰে CJM আদালতত হাজিৰ কৰা হয় বৰাগাঁও হত্যাকাণ্ডৰ মূল অভিযুক্ত দেৱযানী দাসক । ইয়াৰ পাচতে দেৱযানী দাসক তিনি দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে আদালতে ৷ আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, দেৱযানী দাস আৰু অন্তিমা গুপ্তাৰ মাজত কিবা কথাক লৈ কাজিয়াৰ সূত্ৰপাত হৈ মাৰপিট হয় । দেৱযানী দাসে লোৰৰ এডাল লাঠিৰে অন্তিমা গুপ্তাক মূৰত প্ৰহাৰ কৰাত গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হৈ পৰৱৰ্তী সময়ত মৃত্যুক আঁকোৱালী লয় অন্তিমা গুপ্তাই ৷

Devjani Das in three days police custody
তিনি দিনৰ আৰক্ষীৰ জিম্মালৈ বৰাগাঁও হত্যাকাণ্ডৰ অভিযুক্ত দেৱযানী দাস
author img

By

Published : Oct 23, 2021, 10:51 PM IST

গুৱাহাটী, ২৩ অক্টোবৰ: শনিবাৰে CJM আদালতত হাজিৰ কৰা হয় বৰাগাঁও হত্যাকাণ্ডৰ মূল অভিযুক্ত দেৱযানী দাসক । ইয়াৰ পাচতে দেৱযানী দাসক তিনি দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে আদালতে ৷ আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, দেৱযানী দাস আৰু অন্টিমা গুপ্তাৰ মাজত কিবা কথাকলৈ কাজিয়াৰ সূত্ৰপাত হৈ মাৰপিট হয় ।

দেৱযানী দাসে লোৰৰ এডাল লাঠিৰে অন্তিমা গুপ্তাক মূৰত প্ৰহাৰ কৰাত গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হয় ৷ পৰৱৰ্তী সময়ত মৃত্যুক আঁকোৱালী লয় অন্তিমা গুপ্তাই ৷ অন্তিমা গুপ্তাৰ মৃতদেহটো পলিথিনেৰে মেৰিয়াই বান্ধি ৰান্ধনি ঘৰত এদিনতকৈও অধিক সময় লুকুৱাই ৰাখিছিল দেৱযানী দাসে ৷

তিনি দিনৰ আৰক্ষীৰ জিম্মালৈ বৰাগাঁও হত্যাকাণ্ডৰ অভিযুক্ত দেৱযানী দাস

মৃতদেহটো লুকুৱাই ৰখা সেই ৰান্ধনি ঘৰতে ৰন্ধা-বঢ়াৰ সকলো কাম কৰিছিল দেৱযানী দাসে । আৰক্ষীৰ প্ৰবল হেঁচাত অৱশেষত মুখ খুলিবলৈ বাধ্য হয় দেৱযানী দাসে । নিজে বাচিবলৈ হত্যাকাণ্ডৰ সমগ্ৰ ঘটনা অপহৰণৰ ৰূপ দিবলৈ দেৱযানী দাসে চেষ্টা কৰিছিল বুলি সদৰী কৰিছে আৰক্ষীয়ে ।

উল্লেখ্য যে, বি এল টি'ৰ নাম লৈ অপহৰণ কৰাৰ যি SMS প্ৰকাশ পাইছিল সেইয়া এক ৰচনা আছিল বুলি জনাইছে আৰক্ষীয়ে ।

লগতে পঢ়ক: দেওবাৰে ডুবাইত মুখা-মুখি হ’ব চিৰবৈৰী ভাৰত-পাকিস্তান !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.