গুৱাহাটী, 26 অক্টোবৰ: বিজয়া দশমী উপলক্ষে চুণচালিৰ জয়পুৰ ঘাটতো অব্যাহত দেৱীৰ প্ৰতিমা বিসৰ্জন কাৰ্যসূচী ৷ পুৱাৰে পৰা বৰ্তমানলৈ প্ৰায় 9 টাকৈ দেৱীৰ প্ৰতিমা বিসৰ্জন কৰা হৈছে ঘাটটোত ৷
![চুণচালিৰ জয়পুৰ ঘাটত প্ৰতিমা বিসৰ্জন কাৰ্যসূচী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9316586_image.jpg)
নুনমাটি,নাৰেংগী মঠঘৰীয়াকে ধৰি ভালেকেইটা বৃহত্তৰ অঞ্চলৰ পূজাৰ প্ৰতিমা বিসৰ্জন দিয়া হৈছে চুণচালিৰ জয়পুৰ ঘাটত ৷ প্ৰশাসনে জাৰি কৰা ক'ভিড প্ৰট'কল ৰক্ষা কৰি ঘাটটোত প্ৰতিমা বিসৰ্জন দিয়া হৈছে ৷