ETV Bharat / state

Maligaon Foot Bridge : দুবছৰে পদদলংখন চোৱাচিতা কৰা নাই উন্নয়ন প্ৰাধিকৰণে

পৰিস্কাৰ-পৰিচ্ছন্নতাৰ অভাৱত ক্ৰমাৎ দুৰ্গন্ধময় পৰিৱেশে বিৰাজ কৰিছে মালিগাঁৱ চাৰিআলিত থকা লিফটযুক্ত পদদলংখনত ৷ বিগত দুবছৰে পদদলংখন চোৱাচিতা কৰা নাই উন্নয়ন প্ৰাধিকৰণে ।

author img

By

Published : Nov 16, 2021, 10:50 AM IST

as_ghy_guwahati Maligaon footbridge problems_7210645
Maligaon Foot Bridge : দুবছৰে পাদদলংখন চোৱাচিতা কৰা নাই উন্নয়ন প্ৰাধিকৰণে

গুৱাহাটী, 16 নৱেম্বৰ : ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰীত নতুন নতুন অত্যাধুনিক পদদলং নিৰ্মাণ কৰি আছে ৷ কিন্তু সময় যোৱাৰ লগে লগে সংশ্লিষ্ট বিভাগৰ চোৱাচিতাৰ অভাৱৰ বাবে পদদলংবোৰ ক্ৰমাৎ এলাগী হৈ পৰিছে ৷ বিশেষকৈ মহানগৰীৰ ব্যস্ততম এলেকা মালিগাঁৱ চাৰিআলিত থকা লিফটযুক্ত পদদলংখন চোৱাচিতাৰ অভাৱত ব্যৱহাৰৰ অনুপোযোগী হৈ পৰিছে ৷

পৰিস্কাৰ-পৰিচ্ছন্নতাৰ অভাৱত পদদলংখন লেতেৰা হৈ পৰিছে । লাইটবোৰ বেয়া হৈ থকাৰ বাবে নিশা পদদলংখন আন্ধাৰ হৈ থাকে । সম্প্ৰতি পদদলংখনৰ লিফটবোৰ অচল হৈ আছে । এই সম্পৰ্কত মালিগাঁৱৰ স্থানীয় বাসিন্দাসকলে জনায় যে, বিগত দুবছৰে পদদলংখন উন্নয়ন প্ৰাধিকৰণে চোৱাচিতা কৰা নাই । পৰিষ্কাৰ নকৰাৰ বাবে দলংখন দুৰ্গন্ধময় হৈ পৰিছে ।

দুবছৰে মালিগাঁৱৰ ফুটব্ৰীজৰ চোৱাচিতা কৰা নাই উন্নয়ন প্ৰাধিকৰণে

পদদলংখনেৰে দৈনিক বহু মানুহ পাৰ হয় । স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি কামাখ্যা ৰে’ল ষ্টেচনৰ পৰা অহা-যোৱা কৰা বহু যাত্ৰী এই পদদলংখনেৰে পাৰ হয় । পদদলংখন ব্যৱহাৰৰ অনুপযোগী হৈ পৰাৰ বাবে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি মহিলা আৰু বয়োজ্যেষ্ঠ নাগৰিকসকল যথেষ্ট কষ্ট আৰু অসুবিধাৰ সম্মুখীন হৈছে ।

উল্লেখ্য যে, ২০১৪ চনতে মালিগাঁও চাৰিআলিত গুৱাহাটী মহানগৰৰ উন্নয়ন প্ৰাধিকাৰণে এখন পদদলং নিৰ্মাণ কৰিছিল । কিন্তু নিৰ্মাণৰ দুবছৰ নৌহওঁতেই পদদলংখন ভাঙি পৰে । তাৰ পিছত গুৱাহাটী মহানগৰৰ উন্নয়ন প্ৰাধিকৰণে এই দলংখন ভাঙি তাত আকৌ এখন নতুনকৈ লিফটযুক্ত পদদলং নিৰ্মাণ কৰে ৷ ৫০ লাখ টকাৰে নিৰ্মাণ কৰা এই পদদলংখন ২০১৮ চনত ৰাইজৰ ব্যৱহাৰৰ বাবে মুকলি কৰা হৈছিল । আৰম্ভণিৰ কেইদিন পদদলংখন সুন্দৰভাৱে পৰিচালনা কৰা দেখা গৈছিল । কিন্তু যোৱা বছৰ লকডাউনৰ সময়ৰ পৰা দলংখন প্ৰাধিকাৰণে চোৱাচিতা কৰা বন্ধ কৰি দিয়া বুলি জনায় স্থানীয় লোকসকলে ।

লগতে পঢ়ক : National Press Day : কোকৰাঝাৰত দুদিনীয়া কাৰ্যসূচীৰ আয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.