গুৱাহাটী, 30 মাৰ্চ: বিধানসভাৰ অধিৱেশন চলি থকাৰ মাজতে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া আৰু ৰাজ্যসভা নিৰ্বাচনত বিৰোধীৰ মনোনীত প্ৰাৰ্থী ৰিপুণ বৰাই বুধবাৰে বিধানসভাৰ বাহিৰত এখন সংবাদমেল সম্বোধন কৰে । সংবাদমেলত বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই কয় যে, ইতিমধ্যে ৰাজ্যসভাৰ নিৰ্বাচনকলৈ ৰাইজৰ দল, চি পি আই এমৰ আৰু এ আই ইউ ডি এফৰ লগত কংগ্ৰেছৰ আলোচনা হৈছে ।
তেওঁ কয় যে ৰাইজৰ দল, চি পি আই এমৰ আৰু এ আই ইউ ডি এফ এফৰ বিধায়কসকল কাইলৈৰ ভোটগ্ৰহণত ৰিপুণবৰাকে ভোট দিব (AIUDF will vote for Ripun Bora in RS Election) । এই বিষয়ে আলোচনা হৈছে (Debabrat Saikia comments on Rajya Sabha Election)। ইপিনে ৰিপুন বৰাই কয়, আমাৰ কংগ্ৰেছৰ 26 গৰাকী বিধায়কে ৰিপুণ বৰাক ভোট দিয়াতো নিশ্চিত । আকৌ চি পি আই এম আৰু ৰাইজৰ দলৰ বিধায়ক দুগৰাকীয়ে আমাক ভোট দিব ।
এ আই ইউ ডি এফৰ 15 গৰাকী বিধায়কে আমাক ভোট দিম বুলি জনাইছে । উল্লেখ্য যে, মঙলবাৰে ৰাজীৱ ভৱনত অনুষ্ঠিত সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা কৈছিল- এ আই ইউ ডি এফে ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছক বিশ্বঘাতকতা কৰিব । এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ শেহতীয়া কাম কাজে এ আই ইউ ডি এফে ৰাজ্য সভা নিৰ্বাচনত কংগ্ৰেছক বিশ্বঘাটকতা কৰাতো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে
ভূপেন বৰাই লগতে কৈছিল যে, ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে এ আই ইউ ডি এফৰ পাঁচজন বিধায়ক বি জে পিৰ হাতত বিক্ৰী হৈছে । দুদিনমান আগতে বদৰুদ্দিন আজমল গুৱাহাটীলৈ মনে মনে আহি বিজেপিৰ লগত দৰদাম কৰি ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে এ আই ইউ ডি এফৰ পাঁচজন বিধায়ক বিজেপিৰ হাতত বিক্ৰী কৰি গৈছে । এই সন্দৰ্ভত সংবাদমেলত বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া আৰু বিৰোধীৰ মনোনীত প্ৰাৰ্থী ৰিপুণ বৰাক সংবাদিকে সোধা প্ৰশ্ন তেওঁলোকে এৰাই চলে । মন কৰিবলগীয়া যে, সংবাদমেলত এ আই ইউ ডি এফৰ এজনো বিধায়ক উপস্থিত নাছিল ।
লগতে পঢ়ক: কাইলৈ ৰাজ্যসভা নিৰ্বাচন: জয়ী হোৱাৰ দাবী ৰিপুণ বৰাৰ