ETV Bharat / state

Prateek Hajela to come Assam again : ডেপুটেচনৰ ম্যাদ উকলিল NRCৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ

author img

By

Published : Mar 31, 2023, 7:54 PM IST

পুনৰ অসমলৈ আহিব নেকি এন আৰ চি প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা । শুকুৰবাৰে সমাপ্ত হৈছে তেওঁৰ ডেপুটেচনৰ ম্যাদ (Prateek Hajela deputation term ends)। কিন্তু পৰৱৰ্তী ঠিকনা কি হ'ব হাজেলাৰ ?

Prateek Hajela to come Assam again
ডেপুটেচনৰ ম্যাদ উকলিল NRCৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ

গুৱাহাটী,৩১ মাৰ্চ : প্ৰতীক হাজেলা । নামটো কোৱাৰ লগে লগেই অসমবাসীৰ মনলৈ আহে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এন আৰ চিৰ বিয়াগোম কেলেংকাৰীৰ কথা (NRC scam)। এন আৰ চিৰ খচৰা প্ৰস্তুত কৰাৰ পাছত নিৰাপত্তাৰ দোহাই দি এন আৰ চিৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই তিনিবছৰৰ বাবে গৃহ ৰাজ্য মধ্যপ্ৰদেশলৈ ডেপুটেচনত গৈছিল ।

এন আৰ চিক লৈ থকা অসমবাসীৰ সপোন চূৰমাৰ কৰি ডেপুটেচনত যোৱা প্ৰতীক হাজেলা পুনৰ অসমলৈ আহিব । শুকুৰবাৰে সমাপ্ত হৈছে প্ৰতীক হাজেলাৰ ডেপুটেচনৰ ম্যাদ (Prateek Hajela deputation term ends)।

উল্লেখ্য যে ২০১৩ চনৰ পৰা অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম আৰম্ভ হৈছিল আৰু প্ৰতীক হাজেলা এন আৰ চিৰ ৰাজ্যিক সমন্বয়কৰ দায়িত্বত আছিল । এন আৰ চি প্ৰকাশ পোৱাৰ পাছতে নিৰাপত্তাজনিত কাৰণত তেওঁ তিনিবছৰীয়া ডেপুটেচনত মধ্যপ্ৰদেশলৈ গুচি গৈছিল (Prateek Hajela in deputation)। শুকুৰবাৰে তেওঁৰ সেই তিনিবছৰীয়া ডেপুটেচনৰ ম্যাদ উকলিছে আৰু ইতিমধ্যে মধ্যপ্ৰদেশ চৰকাৰে তেওঁক অসমলৈ উভতি যোৱাৰ বাবে জাননী জাৰি কৰিছে । ২০১৯ চনৰ ১ নবেম্বৰত তেওঁ অসম ত্যাগ কৰি ডেপুটেচনত মধ্যপ্ৰদেশলৈ গৈছিল ।

উল্লেখ্য যে এন আৰ চি প্ৰকাশৰ পাছতে নিৰাপত্তাজনিত কাৰণত মধ্যপ্ৰদেশলৈ ডেপুটেচন বিচাৰি উচ্চতম ন্যায়ালয়ত তেওঁ আবেদন কৰিছিল । সেই সময়ত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ দায়িত্বত আছিল ৰঞ্জন গগৈ । ন্যায়ালয়ে তেওঁৰ আবেদন অনুমোদন জনোৱাত তেওঁ মধ্যপ্ৰদেশলৈ যায় (Prateek Hajela in Madhaya Pradesh)।

লক্ষণীয় বিষয় যে প্ৰতীক হাজেলাই ডেপুটেচনৰ ম্যাদ বৃদ্ধি কৰাৰ বাবে পুনৰ আবেদন জনাইছিল যদিও কেন্দ্ৰীয় চৰকাৰে তেওঁৰ আবেদন খাৰিজ কৰা বুলি জানিব পৰা গৈছে । তেনেস্থলত তেওঁ উভতি আহিব লাগিব অসমলৈ । ইতিমধ্যে মধ্যপ্ৰদেশ চৰকাৰে এই সন্দৰ্ভত জাননী জাৰি কৰিছে ।

উল্লেখ্য যে ৰাজ্যত এন আৰ চিৰ বিয়াগোম কেলেংকাৰীৰ বিতৰ্ক চলি থকা সময়তে প্ৰতীক হাজেলা অসমলৈ আহিব । অসমত প্ৰতীক হাজেলাৰ কি হ'ব নতুন ঠিকনা তাকে লৈ ব্যাপক চৰ্চা চলিছে । কাৰণ ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ লগতে ৰাজ্যবাসী প্ৰতীক হাজেলাক লৈ ক্ষোভিত হৈ আছে । আনকি মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো প্ৰতীক হাজেলাৰ ক্ষেত্রত কঠোৰ হোৱা পৰিলক্ষিত হৈছিল ।

তেনেস্থলত প্ৰতীক হাজেলাই কিদৰে অসমত ভৰি দিব সেয়া লক্ষণীয় হৈ পৰিছে । উল্লেখ্য যে আসাম পাব্লিক ৱৰ্কচে প্ৰতীক হাজেলাৰ বিৰুদ্ধে কেলেংকাৰীৰ বহুকেইটা গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ সমান্তৰালকৈ 'কেগ'ৰ প্ৰতিবেদনতো প্ৰতীক হাজেলাৰ দুৰ্নীতি-অনিয়মৰ বহু তথ্য প্ৰকাশ পাইছে ।

লগতে পঢ়ক :Lovlina Borgohain: বক্সিং চেম্পিয়ন লাভলীনাক অসম আৰক্ষীৰ সম্বৰ্ধনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.