ETV Bharat / state

কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদৰ অন্তৱৰ্তীকালিন পৰিষদ ভংগৰ দাবী

কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদৰ অন্তৱৰ্তীকালিন পৰিষদ ভংগৰ দাবী কোচ ৰাজবংশী জাতীয় মহাসভা আৰু কোচ ৰাজবংশী যুৱ-ছাত্ৰ সন্মিলনীৰ ৷ সংবাদমেল সম্বোধন কৰি চৰকাৰৰ বিৰুদ্ধে সৰৱ বিশ্বজিৎ ৰায় আৰু ত্ৰিদীপ পতি সিংহ ৷ চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয় আৰু ৰাজ্যপালৰ নিৰ্দেশ অৱমাননা কৰাৰ অভিযোগ ৷ অতি শীঘ্ৰে উপযুক্ত মানুহক লৈ পুনৰ অন্তৰ্ৱৰ্তীকালিন পৰিষদ গঠনৰ দাবী ৷

author img

By

Published : Oct 3, 2021, 9:14 AM IST

demand to dissolute interim council of kamtapur autonomous council
কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদৰ অন্তৱৰ্তীকালিন পৰিষদ ভংগৰ দাবী

গুৱাহাটী , ২ অক্টোবৰ : কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদৰ অন্তৱৰ্তীকালিন পৰিষদখন শীঘ্ৰে ভংগ কৰাৰ দাবী জনাইছে কোচ ৰাজবংশী জাতীয় মহাসভা আৰু কোচ ৰাজবংশী যুৱ-ছাত্ৰ সন্মিলনীয়ে ৷ শনিবাৰে দিছপুৰ প্ৰেছ ক্লাৱত কোচ ৰাজবংশী জাতীয় মহাসভা আৰু কোচ ৰাজবংশী যুৱ-ছাত্ৰ সন্মিলনীয়ে যৌথভাৱে আয়োজন কৰা এখন সংবাদমেলত এই দাবী উত্থাপন কৰে ৷

অতি শীঘ্ৰে উপযুক্ত মানুহক লৈ পুনৰ অন্তৰ্ৱৰ্তীকালিন পৰিষদ গঠনৰ দাবী

সংবাদমেলত কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায় আৰু কোচ ৰাজবংশী যুৱ-ছাত্ৰ সন্মিলনীৰ সভাপতি ত্ৰিদীপ পতি সিংহই কয়, "স্বচ্ছ আৰু নিকা প্ৰশাসনৰ লগতে দালাল বিহীন অসম গঢ়িবলৈ সংকল্প গ্ৰহণ কৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু ভৈয়াম জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক অমান্য কৰি অন্তৰ্ৱৰ্তীকালিন কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদত ভুৱা ঠিকনাধাৰী কিছুমানক শীৰ্ষ পদৰ লগতে পাৰিষদ আৰু সদস্য পদত অধিষ্ঠিত কৰি ২৬ চেপ্তেম্বৰত শপত গ্ৰহণ কৰাতো অতি দুৰ্ভাগ্যজনক"

সংবাদমেলত নেতাদ্বয়ে কয়, "২০২০ চনৰ ৩ ছেপ্টেম্বৰত অসম বিধানসভাৰ অধিৱেশনত কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদ বিধেয়ক গৃহীত হোৱাৰ পিছত ২০২১ চনৰ ২৫ ফেব্ৰুৱাৰীত কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদৰ অন্তৰ্ৱৰ্তীকালিন পৰিষদ গঠন কৰিছিল যদিও পৰিষদ আইন ২০২০ মতে গঠন নোহোৱাত ধুবুৰী জিলাৰ তিনিজন আৰু গোৱালপাৰা জিলাৰ এজন ব্যক্তিয়ে অন্তৰ্ৱৰ্তীকালিন পৰিষদৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত লেখ আবেদন কৰিছিল ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে লেখ আবেদনৰ ভিত্তিত এপ্ৰিল মাহত অসম চৰকাৰৰ জনজাতি পৰিক্ৰমা বিভাগলৈ পৰিষদৰ কামকাজত স্থিতাৱস্থা ৰাখিবলৈ নিৰ্দেশ দিয়ে ৷ যাৰ বাবে পৰিষদৰ পাৰিষদসকলে শপত গ্ৰহণ কৰিব পৰা নাছিল ৷ আনকি ভুৱা ঠিকনাধাৰী সকলক গুৱাহাটী উচ্চ ন্যায়ালয়ে ১৪ দিনৰ ভিতৰত উত্তৰ দিব লাগে বুলি চমন জাৰি কৰিছিল ৷ ইয়াৰ মাজতে ১৮ চেপ্তেম্বৰত ৰাজ্যপালে পৰিষদখনত পৰিষদৰ সাতজন লোক অন্তৰ্ভুক্ত হোবা বাবে পৰিষদখনক বাতিল কৰিব লাগে বুলি TAD/BC/34/2020/155 পত্ৰযোগে অসম চৰকাৰৰ ভৈয়াম জনজাতি আৰু কল্যাণ বিভাগলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছিল ৷ ইয়াৰ পিছতে ভৈয়াম জনজাতি আৰু কল্যাণ বিভাগৰ যুটীয়া সচিবে TAB/BC-638/2021/21 পত্ৰযোগে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৰকাৰী অধিবক্তাক লিখিতভাৱে জনায় যে, অন্তৰ্ৱৰ্তীকালিন কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদখন ভংগ কৰি দিয়া হৈছে ৷ কিন্তু ইয়াৰ মাজতে ২৬ ছেপ্তেম্বৰৰ বিয়লি মুখ্যমন্ত্ৰীৰ উপস্থিতিত খানাপাৰাস্থিত প্ৰশাসনিক মহাবিদ্যালয়ত পূৰ্বৰ ভুৱা ঠিকনাধাৰী সাতজন পাৰিষদক পুনৰ একে পদমৰ্যাদা প্ৰদান কৰি কোনোধৰণৰ অধ্যাদেশ জাৰি নকৰাকৈ কেনেকৈ শপত গ্ৰহণ কৰালে" ৷

এই কাৰ্যৰ জৰিয়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু মুখ্যমন্ত্ৰীৰ উপদেষ্টা জয়ন্ত মল্ল বৰুৱাই গুৱাহাটী উচ্চ ন্যায়ালয় আৰু ৰাজ্যপালৰ নিৰ্দেশ অৱমাননা কৰিলে বুলি অভিযোগ উত্থাপন কৰি নেতাদ্বয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দান আৰু ৰাজ্যপালৰ নিৰ্দেশনাক আদৰণি জনায় ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ন্যায়ালয়ৰ ৰায়দান আৰু ৰাজ্যপালৰ নিৰ্দেশক সন্মান জনাই অতি শীঘ্ৰে উপযুক্ত মানুহক লৈ পুনৰ অন্তৰ্ৱৰ্তীকালিন পৰিষদ গঠন কৰিবলৈ বিশ্বজিৎ ৰায় আৰু ত্ৰিদীপ পতি সিংহই দাবী উত্থাপন কৰে ৷

লগতে পঢ়ক : শ্বেৰমান যদি পুৰুষ হয় দয়ানাথ শৰ্মাৰ কন্যাৰ সন্মুখত থিয় হওক: ড৹ জয়নাথ শৰ্মা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.