ETV Bharat / state

Constituency Delimitation: নিৰ্বাচন আয়োগৰ শুনানিত বিটিআৰৰ কেইবাট‍াও সংগঠনৰ অসন্তুষ্টি ব্যক্ত

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত বুধবাৰৰ পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নিৰ্বাচন আয়োগৰ পূৰ্ণ পৰ্যায়ৰ দলে শুনানি গ্ৰহণ কৰিছে । এই শুনানিত অংশ লৈ বিটিআৰৰ কেইবাটাও সংগঠনে খচৰাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে ৷

Constituency Delimitation
Constituency Delimitation
author img

By

Published : Jul 19, 2023, 10:25 PM IST

নিৰ্বাচন আয়োগৰ শুনানিত বিটিআৰৰ কেইবাট‍াও সংগঠনৰ অসন্তুষ্টি ব্যক্ত

গুৱাহাটী,১৯ জুলাই: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত নিৰ্বাচন আয়োগৰ শুনানিত বি টি আৰৰ (BTR) বহুকেইট‍া সংগঠনে অসন্তুষ্টি ব্যক্ত কৰিছে । উল্লেখ্য যে আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ কলাক্ষেত্ৰত নিৰ্বাচন আয়োগৰ পূৰ্ণ পৰ্যায়ৰ দলে বিভিন্ন দল-সংগঠনৰ ওজৰ-আপত্তিৰ শুনানি গ্ৰহণ কৰিছে ।

আজি ৯খন জিলা ক্ৰমে কামৰূপ মহানগৰ, পশ্চিম কাৰ্বি আংলং, চিৰাং, বাক্সা, ডিমা হাছাও, কামৰূপ, ওদালগুৰি, কাৰ্বি আংলং আৰু কোকৰাঝাৰ জিলাৰ ওজৰ-আপত্তি সন্দৰ্ভত আয়োগে শুনানি গ্ৰহণ কৰে । এই শুনানিত অংশ গ্ৰহণ কৰা নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ সভাপতি দীপেন বড়ো, প্ৰাক্তন সাংসদ চানচুমা খুংগুৰ বিছমুতিয়াৰী আৰু বড়ো উইমেন জাষ্টিচ ফ'ৰামৰ সভানেত্ৰী অঞ্জলি দৈমাৰীয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে নিজৰ প্ৰতিক্ৰিয়া ।

অঞ্জলি দৈমাৰীয়ে বিটিচিৰ অন্তৰ্গত নতুনকৈ কৰা সকলো বিধানসভা সমষ্টি এছ টিৰ বাবে সংৰক্ষিত কৰাৰ বাবে দাবী জনায় । তেওঁ কয় যে ওদালগুৰিক লোকসভা সমষ্টি কৰাৰ বাবে দাবী জনোৱা হৈছে । তেওঁ লগতে আন কেইবাটাও বিষয়ত নিৰ্বাচন আয়োগৰ দৃষ্টিগোচৰ কৰাৰ কথা সদৰী কৰে ।

নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ সভাপতি দীপেন বড়ো কয় যে বিটিআৰত ট্ৰাইবেলৰ বাবে 6 টা সমষ্টি দিয়া হৈছে যদিও অতিৰিক্তভাৱে ভেৰগাঁও, গোৱৰ্ধনা, বিজনী আৰু বাওখুংৰীকো জনজাতিৰ বাবে সংৰক্ষণৰ বাবে দাবী জনোৱা হৈছে ৷ খচৰাত সকলো খিলঞ্জীয়াৰ অধিকাৰ সুনিশ্চিত হ’ব লাগিব বুলিও তেওঁ উল্লেখ কৰে ৷ ইফালে প্ৰাক্তন সাংসদ চানচুমা খুংগুৰ বিছমুতিয়াৰীয়ে বিটিআৰৰ সকলো সমষ্টি জনজাতিৰ বাবে সংৰক্ষিত হ’ব লাগে বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক: Debabrata Saikia: বিৰোধী ঐক্যৰ 'INDIA' নাম সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.