গুৱাহাটী,৬ ফেব্ৰুবাৰী : কোকিলকণ্ঠী গায়িকা, ভাৰত ৰত্ন লতা মংগেশকাৰৰ বিয়োগত (Lata Mangeshkar passes away) শোকস্তব্ধ সমগ্ৰ দেশবাসী । বিভিন্নজনে শিল্পীগৰাকীৰ মৃত্যু গভীৰ শোক প্ৰকাশ কৰিছে । কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও শিল্পীগৰাকীৰ বিদেহী আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনায় (Sarbananda Sonowal condoles the death of Lata Mangeshkar)।
তেওঁ কয় যে শিল্পীগৰাকী বিয়োগ সমগ্ৰ দেশৰ বাবে এক অপূৰণীয় ক্ষতি । এয়া এটা যুগৰ অৱসান বুলি উল্লেখ কৰিছে মন্ত্ৰীগৰাকীয়ে । এই মুহূৰ্তত শিল্পীগৰাকীৰ অজস্ৰ গুণমুগ্ধলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গভীৰ সমবেদনা জ্ঞাপন কৰে ।
ইফালে মাজুলীৰ দক্ষিণ পাট গৃহাস্বমী সত্রৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়েও বিশিষ্ট শিল্পীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে । সত্ৰাধিকাৰ গৰাকীয়ে শিল্পীগৰাকীক স্মৰণ কৰাৰ লগতে তেওঁৰ কৰ্মৰাজীৰ বিষয়ে উল্লেখ কৰে ।
শিল্পীগৰাকীৰ মৃত্যু সমগ্ৰ সংগীতজগতৰ বাবে এক অপূৰণীয় ক্ষতি বুলিও তেওঁ উল্লেখ কৰে । উল্লেখ্য যে ক'ভিডত আক্ৰান্ত হৈ প্ৰায় এমাহ ধৰি চিকিৎসাধীন হৈ আছিল শিল্পীগৰাকী । অৱশেষত দেওবাৰে মুম্বাইৰ ব্ৰীজ কেণ্ডি হাস্পতালত ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে ।
লগতে পঢ়ক :সাংবাদিক মুনীন্দ্ৰ দাসলৈ জগধাত্ৰী হৰমোহন দাস সাহিত্য বঁটা