গুৱাহাটী, ২ ডিচেম্বৰ : অসম প্ৰকাশন পৰিষদৰ উদ্যোগত চলিত বছৰৰ পৰা সৃষ্টিশীল লেখক আৰু প্ৰকাশকৰ বাবে প্ৰকাশন পৰিষদ সাহিত্য বঁটা(Assam Prakashan Parishad Literary Award 2021) প্ৰৱৰ্তন কৰা হৈছে । সাহিত্যৰ তিনিটা শাখা ক্ৰমে উপন্যাস, গল্প আৰু কাব্যগ্ৰন্থ লেখকৰ মাজৰ পৰা এগৰাকী লেখকক এই বঁটাৰ বাবে নিৰ্বাচন কৰা হ'ব । সাহিত্য বঁটাৰে পুৰস্কৃত হোৱা গ্ৰন্থখনৰ প্ৰকাশককো সমমর্যদাৰে এটা বঁটাৰে সন্মানিত কৰা হ'ব । অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই বৃহস্পতিবাৰে সদৰি কৰে এই কথা ।
অসম প্ৰকাশন পৰিষদৰ বামুণীমৈদামস্থিত কাৰ্যালয়ত বৃহস্পতিবাৰে পৰিষদৰ সচিব প্ৰমোদ কলিতা(Assam Prakashan Parishad Secretary Pramod Kalita)ই এখন সংবাদমেল আয়োজন কৰি এই তথ্য সদৰি কৰে ৷ প্ৰমোদ কলিতাই উল্লেখ কৰা অনুসৰি এই দুয়োটা বঁটাৰ লগত নগদ দুই লাখ টকা আৰু একোখনকৈ প্ৰশস্তি-পত্ৰ দিয়া হ’ব । উল্লেখ্য যে, সাহিত্যৰ ক্ষেত্ৰখনত লেখকক বঁটা প্ৰদান কৰাটো এটা সাধাৰণ থকা যদিও লেখকৰ সমান্তৰালকৈ প্ৰকাশককো এনেদৰে বঁটা প্ৰদান কৰাটো ভাৰতবৰ্ষৰ ইতিহাসত এক বিৰল উদাহৰণ হিচাপে চিহ্নিত হ'ব ।
সৃষ্টিশীল লেখক আৰু প্ৰকাশকসকলক উৎসাহিত কৰাৰ বাবেই এই বঁটা প্ৰদানৰ ব্যৱস্থা কৰা উচিত বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে পৰামৰ্শ দিয়াৰ কথা সংবাদমেলত বিস্তৃতভাৱে অৱগত কৰে সচিব কলিতাক । কলিতাই এই বঁটাৰ নিয়ম সম্পৰ্কেও সংবাদমেলত উল্লেখ কৰে । তেওঁ উল্লেখ কৰা অনুসৰি, ২০১৮ চনৰ ১ জানুৱাৰীৰ পৰা ২০২০ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত প্ৰকাশিত উপন্যাস, গল্প আৰু কাব্যগ্ৰন্থহে এই বঁটাৰ বাবে নিৰ্বাচিত হ'ব ।
অসম প্ৰকাশন পৰিষদৰ তৰফৰ পৰা গ্ৰন্থ সংগ্ৰহৰ বাবে এখন প্ৰ-পত্ৰ প্ৰচাৰ মাধ্যমযোগে প্ৰকাশ কৰা হ'ব আৰু নিৰ্ধাৰণ কৰি দিয়া সময়সীমাৰ ভিতৰত প্ৰকাশিত উপন্যাস, গল্প আৰু কাব্যগ্ৰন্থৰ লেখক অথবা প্ৰকাশকে এই প্ৰ-পত্ৰ পূৰণ কৰি প্ৰেৰণ কৰিব পাৰিব । লেখক-প্ৰকাশকসকলে অসম প্ৰকাশন পৰিষদৰ ৱেবচাইট www.publicationboardassam.com ৰ পৰা প্ৰ-পত্ৰ সংগ্ৰহ কৰিব পাৰিব । প্ৰ-পত্ৰ অনলাইনযোগে প্ৰেৰণ কৰাৰ উপৰি ডাকযোগেও প্ৰ-পত্ৰৰ সৈতে গ্ৰন্থৰ পাঁচটা কপি ১০ ডিচেম্বৰৰ ভিতৰত প্ৰেৰণ কৰিব লাগিব ।
লগতে পঢ়ক : 29 ডিচেম্বৰৰ পৰা ৯ জানুৱাৰীলৈ চানমাৰিত হ’ব অসম গ্ৰন্থমেলা