গুৱাহাটী,১০ ফেব্ৰুৱাৰী: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰহিত্যত বৃহস্পতিবাৰে জনতা ভৱনত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক(Assam cabinet) । বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেল যোগে সদৰি কৰে মন্ত্ৰী কেশৱ মহন্তই ।
কেবিনেটত বাহনৰ গতিবেগ সন্দৰ্ভত কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । সেই অনুসৰি ন'ন ট্ৰান্সপ'ৰ্ট বাহনৰ ক্ষেত্ৰত চাৰিলেনযুক্ত পথত সৰ্বোচ্চ গতিবেগ ঘণ্টাত ১০০ কিলোমিটাৰ, গড়কাপ্টানি পথত ৭০ কিলোমিটাৰ আৰু অন্য পৌৰ এলেকাৰ পথত ৬০ কিলোমিটাৰ ধাৰ্য কৰা হৈছে । সেইদৰে সৰ্বোচ্চ ৮ জন যাত্ৰী কঢ়িওৱা ট্ৰান্সপ'ৰ্ট বাহনৰ ক্ষেত্ৰত ফ'ৰলেনৰত গতিবেগ সৰ্বোচ্চ ৮০ কিলোমিটাৰ, গড়কাপ্টানি পথত ৬০ কিলোমিটাৰ আৰু অন্য পৌৰ পথত ৫০ কিলোমিটাৰ ধাৰ্য কৰা হৈছে ।
আনহাতে ৯ জনৰ বেছি যাত্ৰী কঢ়িওৱা বাহনৰ ক্ষেত্ৰত ফ'ৰলেনত ৭০ কিলোমিটাৰ, গড়কাপ্টানি পথত ৬০ কিলোমিটাৰ আৰু পৌৰ এলেকাৰ পথত ৪০ কিলোমিটাৰ ধাৰ্য কৰা হৈছে । অৱশ্যে কেবিনেটৰ এই সিদ্ধান্তৰ ক্ষেত্ৰত ১৫ দিনৰ ভিতৰত ৰাইজৰ পৰামৰ্শ গ্ৰহণ কৰাৰ পাছতেহে চূড়ান্ত ৰূপ দিয়া হ'ব ।
কেবিনেটত ২০২২ চনৰ ভিতৰত এবাৰ ব্যৱহাৰ হোৱা প্লাষ্টিক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ ক্ষেত্ৰত উদ্যোগ গ্ৰহণ কৰা হৈছে । এনে প্লাষ্টিক উৎপাদন কৰা সৰু-সৰু উদ্যোগৰ বিকল্প উদ্যোগ আৰু প্লাষ্টিকৰ বিকল্পৰ ক্ষেত্ৰত চিন্তা-চৰ্চা কৰি ৰূপৰেখা প্ৰস্তুতৰ বাবে কেবিনেটে উদ্যোগ বিভাগ, ৰাজহ বিভাগ, নগৰ উন্নয়ন বিভাগ আৰু বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগক দায়িত্ব দিছে । কেবিনেটৰ সিদ্ধান্ত অনুসৰি চৰকাৰী পথত বিভিন্ন নিৰ্মাণকাৰ্যৰ বাবে গছ কাটিলে এজোপা গছৰ বিপৰীতে ১০ জোপা গছ ৰোপণ কৰিব লাগিব । ইয়াৰ বাবে জিলাখনৰ ডি এফ অ'ই গছ ৰোপণৰ ঠাই বাচনি কৰি দিব ।
আনহাতে চটিয়া সমষ্টিৰ চকীঘাটৰ উচ্ছেদিত স্থানত ৪৪ টা আত্মসহায়ক গোটক ১০ বিঘাকৈ মুঠ ৪৪০ বিঘা ভূমি আজিৰ কেবিনেটে আবন্টন দিয়ে । উল্লেখ্য যে, সেই ঠাইৰ পৰা ৫২ টা পৰিয়ালক উচ্ছেদ কৰা হৈছিল ।