গুৱাহাটী, 29 মাৰ্চ: কংগ্ৰেছৰ প্ৰতিবাদক কঠোৰ ভাষাৰে সমালোচনা কৰিছে শাসকীয় দল বিজেপিয়ে । ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ বিৰুদ্ধে দেশজুৰি অব্যাহত আছে প্ৰতিবাদ । এই ঘটনাৰ বাবে কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰিও দেশৰ সকলো বিৰোধী ৰাজনৈতিক দল একত্ৰিত হৈ পৰিছে । বিৰোধী শিবিৰৰ এনে সৱল স্থিতিৰ মাজতে কংগ্ৰেছৰ বিধায়কসকলৰ প্ৰতিবাদত আজি উত্তাল হৈ পৰে অসম বিধানসভাৰ চৌহদ (Assam assembly debate) ।
কংগ্ৰেছৰ বিধায়কসকলে ক’লা সাজ পৰিধান কৰি বিধায়ক আৱাসৰ পৰা এক সমদল উলিয়াই বিধানসভাৰ মুখ্য দুৱাৰত প্ৰতিবাদ সাব্যস্ত কৰে । ইফালে, কংগ্ৰেছৰ এই প্ৰতিবাদী কাৰ্যসূচীক শাসকপক্ষই কঠোৰ ভাষাৰে সমালোচনা কৰে । বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কংগ্ৰেছৰ প্ৰতিবাদক সমালোচনা কৰি কংগ্ৰেছক ‘লাফাংগা’ আখ্যা দিয়ে (Bhabesh Kalita on Congress) ।
তেওঁ কয় যে কংগ্ৰেছৰ হাতত ইছ্যু নাই বাবেই এনে ইছ্যুহীন বিষয় এটা ইছ্যু কৰিব বিচাৰিছে । ভৱেশ কলিতাই ইয়াক প্ৰয়োজনহীন বিষয় বুলি মন্তব্য কৰে ৷ তেওঁ লগতে কয় যে 2024 ত কংগ্ৰেছৰ বিগ জিৰ’ হ’ব । আনহাতে বিজেপি বিধায়ক দিগন্ত কলিতাই কংগ্ৰেছৰ এই প্ৰতিবাদক ফেশ্বন শ্ব’ আখ্যা দিয়ে । কংগ্ৰেছে গান্ধী পৰিয়ালৰ বাহিৰে কাকো চিনি নাপায় বুলি তেওঁ কংগ্ৰেছক কটাক্ষ কৰে (Rahul Gandhi disqualify case) ।
সেইদৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই (Minister Jayanta Malla Baruah) কংগ্ৰেছক গান্ধী পৰিয়ালৰ মায়াৰ পৰা ওলাই আহিবলৈ আহ্বান জনাই কয় যে গান্ধী পৰিয়াল মানে সৰ্বোচ্চ নহয় । ইফালে, পূৱ গুৱাহাটী সমষ্টিৰ বিজেপি বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই কংগ্ৰেছৰ এনে কাৰ্যসূচীক দুমুখীয়া স্থিতি আখ্যা দিয়ে । তেওঁ কয় যে কংগ্ৰেছে এফালে গণতন্ত্ৰ ৰক্ষাৰ কথা কয় আৰু আনফালে ন্যায়পালিকাৰ ওপৰত আস্থা নাৰাখে । তেন্তে কেনেকৈ গণতন্ত্ৰ ৰক্ষা হ’ব বুলি তেওঁ প্ৰশ্ন কৰে ।
উল্লেখ্য যে, সদনতো কংগ্ৰেছৰ বিধায়কসকলে ৰাহুল গান্ধীৰ প্ৰসংগকলৈ প্ৰতিবাদমুখৰ হৈ পৰে । মুখ্যমন্ত্ৰীয়ে ভাষণ দিবলৈ আৰম্ভ কৰাৰ লগে লগে হুলস্থূল আৰম্ভ কৰে বিৰোধী বিধায়কসকলে । ৰাহুল গান্ধীৰ বিষয়টোক লৈ কংগ্ৰেছে সভাস্থগিতৰ প্ৰস্তাৱ আনে । বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সভা স্থগিতৰ প্ৰস্তাৱ ৰাখিছিল । সংবিধান ৰক্ষাৰ শপত লোৱাৰ পাচতো সংবিধান ৰক্ষা হোৱা নাই বুলি অভিযোগ তুলিছিল কংগ্ৰেছে (Court verdict on Rahul Gandhi)।
ৰাহুল গান্ধীৰ সাংসদ পদ তৎকালে কিয় খাৰিজ কৰিলে তাক লৈ আলোচনা বিচাৰিছিল বিৰোধীয়ে । সদনত কংগ্ৰেছৰ বিধায়কসকলে ‘ৰাহুল গান্ধী জিন্দাবাদ’ ধ্বনিৰে প্লেকাৰ্ড প্ৰদৰ্শন কৰি প্ৰতিবাদ কৰে । ইয়াৰ বিপৰীতে শাসকীয় পক্ষৰ মন্ত্ৰী-বিধায়কসকলে ‘ভাৰত মাতা কি জয়’ ধ্বনি দিয়ে । সদনত তীব্ৰ হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হোৱাত অধ্যক্ষই 15 মিনিটৰ বাবে সদন স্থগিত ৰাখিবলগীয়া হয় । আনহাতে বিধায়ক অখিল গগৈ, কমলাক্ষ দে পুৰকায়স্থ আৰু জাকিৰ হুছেইন শিকদাৰক আজিৰ দিনটোৰ বাবে সদনৰ পৰা বহিস্কাৰ কৰা হয় ।