গুৱাহাটী, ২৬ মাৰ্চ: নদীৰ প্ৰভাৱ সন্দৰ্ভত অবকলন, অনুকলন বা অন্য অংক কৰি উলিয়াব নোৱাৰি । অনুভৱী লোকে এয়া অনুভৱ কৰিবহে পাৰে । এই ভাষ্য বিশিষ্ট ভূগোল বিজ্ঞানী ড৹ অবনী কুমাৰ ভাগৱতীৰ । চেভ ভৰলু অভিযানৰ উদ্যোগত শনিবাৰে কটন বিশ্ববিদ্যালয়ৰ চুডমাৰ্চন হলত অনুষ্ঠিত কৰা ভৰলু বিষয়ক তৰ্ক প্ৰতিযোগিতা(Debate competition on save Bharalu campaign)ত মুখ্য অতিথিৰূপে উপস্থিত থাকি তেওঁ লগতে কয় যে, নদীৰ অপমৃত্যুয়ে প্ৰকৃতিপ্ৰেমীকেই নহয় সচেতন সকলো লোকৰ মনত দুখ দিছে ।
তেওঁ কয় যে, নগৰৰ পৰা আঁতৰত থকালৈকে ভৰলু সুন্দৰ হৈ আছিল । গুৱাহাটীৰ জনবসতি বৃদ্ধি হোৱাৰ লগে লগে ভৰলুৰ মৃত্যু যন্ত্ৰণা আৰম্ভ হ'ল । পৰৱৰ্তী সময়ত ভৰলুত বেদখল কৰাৰ প্ৰতিযোগিতা চলিল। আজি ভৰলু বচোৱাৰ বাবে একাংশ লোক আগবাঢ়ি আহিছে । এয়া আশাব্যঞ্জক খবৰ বুলি তেওঁ কয় । কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অৰূপজ্যোতি চৌধুৰীৰ অধ্যক্ষতাত অনুষ্ঠিত তৰ্ক প্ৰতিযোগিতাৰ মাধ্যম আছিল অসমীয়া আৰু ইংৰাজী ।
তৰ্ক প্ৰতিযোগিতাৰ বিষয় আছিল ‘‘বহু দশক জুৰি চলি অহা ভৰলু নৈৰ অৱক্ষয় ৰোধ কৰি ইয়াক পুনৰুজ্জীৱিত কৰি তোলাৰ দায়িত্ব মূলতঃ মহানগৰবাসীৰ ।’’ ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে ভাগ লোৱা তৰ্ক প্ৰতিযোগিতাখনিত ৰ'য়েল গ্ল'বেল ইউনিভাৰ্ছিটিৰ ছাত্ৰী নীলাঞ্জনা পৰাশৰে প্ৰথম, নলবাৰী মহাবিদ্যালয়ৰ ছাত্ৰ ৰাজ দাসে দ্বিতীয় স্থান লাভ কৰে । আনহাতে তৃতীয় স্থান লাভ কৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সুদৰ্শন শৰ্মাই ।
চেভ ভৰলু অভিযানৰ সভাপতি ডাঃ ৰবীন্দ্ৰনাথ মজুমদাৰৰ আদৰণি ভাষনেৰে আৰম্ভ হোৱা অনুষ্ঠানত অভিযানৰ সম্পাদক অমিয় কুমাৰ ডেকাই উদ্দেশ্য বাখ্যা কৰে । তৰ্ক প্ৰতিযোগিতাখনিত উভয় পক্ষৰ সবল যুক্তি তৰ্কই সদন উত্তপ্ত কৰাৰ পাছত মৌখিক ভোটত চৰকাৰী পক্ষই অনা বিধেয়কখন প্ৰত্যাহাৰ কৰা হয় । শেষত বিজয়ীসকলক নগদ ধনেৰে পুৰস্কৃত কৰা হয় ।
লগতে পঢ়ক: Petrol Price Hike: পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধিত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ সৰ্বসাধাৰণৰ