ETV Bharat / state

"শক্তি"ক লৈ বিধানসভাত সৰৱ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

author img

By

Published : Jul 12, 2021, 9:55 PM IST

সোমবাৰৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ মাহজোৰা বাজেট অধিৱেশন(Budget Session) ৷ পঞ্চদশ অসম বিধানসভাৰ প্ৰথমখন পূৰ্ণাংগ বাজেট অধিৱেশন(Budget Session)ৰ প্ৰথম দিনটোতে সদনত হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয় ৷ শক্তি বিভাগৰ কেতবোৰ কামকাজক লৈ বিধানসভাৰ মজিয়াত সৰব হৈ পৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ।

debabrat saikia raised voice over the issu of irregularities of electricity deparment
"শক্তি"ক লৈ বিধানসভাত সৰৱ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

গুৱাহাটী, 12 জুলাই : শক্তি বিভাগৰ কেতবোৰ কামকাজক লৈ আজি অৰ্থাৎ সোমবাৰে বিধানসভাৰ মজিয়াত সৰব হৈ পৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া । নামৰূপ তাপ বিদ্যুৎ প্ৰকল্পটোত নতুনকৈ টাৰ্বাইন লগাই উৎপাদনক্ষম কৰাৰ কথা আছিল ৷ তাৰ বাবে চৰকাৰে প্ৰায় ৬০০ কোটি টকা ব্যয় কৰিছিল বুলি বিধানসভাত মন্তব্য কৰে শইকীয়াই ।

কিন্তু এতিয়ালৈ উদ্বোধনৰ তাৰিখ দুবাৰকৈ পিছুৱাই দিয়া হৈছে । তেওঁ সদনত কয় যে, "যোৱা বছৰ মে' মাহতো প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই প্ৰকল্পটো উদ্বোধন কৰাৰ কথা আছিল । আমি বিৰোধী পক্ষই এই প্ৰকল্পপটোৰ কামত হোৱা দুৰ্নীতিৰ ওপৰত তদন্ত কৰাৰ দাবী উত্থাপন কৰিছিলো ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালে তদন্তৰ আশ্বাসো দিছিল’’ ।

শইকীয়াই লগতে কয় যে, ‘‘বিধানসভাৰ বাজেট অধিৱেশনত মই সোধা এক প্ৰশ্নৰ উত্তৰত কোনো ধৰণৰ দুৰ্নীতিৰ অভিযোগ নাই বুলি চৰকাৰে ব্যক্ত কৰিছে । সেই সময়ৰ শক্তি মন্ত্ৰী তথা বৰ্তমানৰ সাংসদ তপন গগৈৰ হেমাহি তথা দুৰ্নীতিৰ বাবে এই প্ৰকল্পটোত চৰকাৰী ধন অপব্যয় হ'ল আৰু আজিও ইয়াক মুকলি কৰিব নোৱাৰিলে । যাৰ ফলত বিদ্যুৎ মাচুলৰ নামত চৰকাৰে ৰাইজৰ ওপৰত মাধামাৰ সোধাইছে ।"

উল্লেখ্য যে, বহুসময় ধৰি সদনত বিদ্যুৎ বিতৰণ আৰু বিদ্যুৎ বিলৰ প্ৰসংগত বাদানুবাদ চলে ৷ প্ৰায় কেইজন বিৰোধী বিধায়কে বিদ্যুৎ বিতৰতৰ প্ৰসংগ উত্থাপন কৰি বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰে ৷ শক্তিমন্ত্ৰী বিমল বৰাই বিৰোধী বিধায়কৰ প্ৰশ্ন সমূহৰ উত্তৰ দি আগন্তুক পৰিকল্পনা সম্পৰ্কে এক আভাস দিয়া পৰিলক্ষিত হয় ৷

লগতে পঢ়ক : বিৰোধীৰ সভা স্থগিত প্ৰস্তাৱক লৈ তীব্ৰ হুলস্থূল বিধানসভাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.