ETV Bharat / state

আৰক্ষীক কাবাদী শিকাওক : এনকাউণ্টাৰক লৈ বিৰোধী দলপতিৰ DGP লৈ কটাক্ষ ভৰা পৰামৰ্শ

author img

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 7:24 PM IST

Debabrat Saikia Advice to DGP G P Singh : শেহতীয়া এনকাউণ্টাৰৰ প্ৰসংগত জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ মন্তব্য ৷ অসম আৰক্ষীৰ বাবে কাবাদী খেলাটো বাধ্যতামূলক কৰিব লাগে বুলি সংবাদ মাধ্যমৰ জৰিয়তে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙক কটাক্ষ ভৰা পৰামৰ্শ দিয়ে জ্যেষ্ঠ কংগ্ৰেছী নেতাগৰাকীয়ে ৷

Debabrat Saikia Advice to DGP G P Singh
আৰক্ষীক কাবাদী শিকাওক : বিৰোধী দলপতি
আৰক্ষীক কাবাদী শিকাওক : বিৰোধী দলপতি

গুৱাহাটী, 25 ডিচেম্বৰ : “অসম আৰক্ষীৰ বাবে কাবাদী খেলাটো বাধ্যতামূলক কৰিব লাগে ৷ যাতে কোনোবা পলাই যাবলৈ হ’লে গবা মাৰি ধৰিব পাৰে ৷” আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙলৈ কটাক্ষ ভৰা পৰামৰ্শ জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ৷ ৰাজ্যত একেটা দিনতে পাঁচটাকৈ এনকাউণ্টাৰ সংঘটিত হৈছে ৷ আৰক্ষীৰ অভিযোগ আৰু সন্দেহ যে আলফাৰ সৈতে জড়িত আছিল গুলীবিদ্ধ যুৱককেইজন ৷

এই এনকাউণ্টাৰ কেইটাৰ পিচতে ৰাজ্যজুৰি সমালোচিত হৈছে অসম আৰক্ষী আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । এই লৈ বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া, “অসম আৰক্ষীৰ ইমান আধুনিকীকৰণ হৈ আহিছে ৷ তাৰ মাজতে কাবাদী খেলৰ ব্যৱস্থা কৰিব লাগে ৷ যাতে কোনোবা পলাই যাব খুজিলে গবা মাৰি ধৰিব পাৰে আৰক্ষীয়ে ৷”

“জি পি সিং অসমলৈ অহাৰ পিচত অসমৰ স্বাৰ্থত আন্দোলন কৰিলে গুলীয়াই মৰাৰ প্ৰৱণতা চলি আছে ৷ কালিৰ পৰা ইয়াৰ ৰূপ আকৌ দেখা গৈছে ৷ একেদিনাই শদিয়া, শিৱসাগৰ আৰু কামৰূপত যুৱকক ভৰিত গুলীওৱা হৈছে । তেওঁলোক পলাই যাব বিচাৰোতে ভৰিত গুলীওৱা বুলি কোৱা হৈছে ৷” সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰিছে দেৱব্ৰত শইকীয়াই ৷

মুখ্যমন্ত্ৰীগৰাকীক লগতে বিৰোধীৰ দলপতিগৰাকীয়ে কয়, “এয়া হত্যাৰ প্ৰচেষ্টা নে মুখ্যমন্ত্ৰীগৰাকীয়ে পূৰ্বে ভৰিত গুলীয়াবলৈ দিয়া নিৰ্দেশ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে পালন কৰিছে মই নাজানো ৷ কিন্তু এয়া আইন বিৰুদ্ধ কথা ৷”

সঁচাকৈ যদিহে যুৱক কেইজনে আলফালৈ যাব খুজিছিল, তেন্তে গুলীওৱাৰ পৰিৱৰ্তে বুজাই-বঢ়াই মূলসূঁতিলৈ আনিব পাৰিলেহেঁতেন বুলিও মন্তব্য কৰে বিৰোধীৰ দলপতিগৰাকীয়ে ৷ বুজাই-বঢ়াই মূলসূঁতিলৈ অনাৰ পৰিৱৰ্তে এনেদৰে গুলীওৱাটো উচিত নে বুলিও সংবাদ মাধ্যমৰ জৰিয়তে প্ৰশ্ন কৰে দেৱব্ৰত শইকীয়াই ।

লগতে পঢ়ক : বিজেপিয়ে ধৰ্মৰ ৰাজনীতিৰে অসমৰ জনগণক বিভ্ৰান্ত কৰিছে : দেৱব্ৰত শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.