ETV Bharat / state

মিজোৰামৰ সাংসদৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ কিয় ৰুজু কৰা হোৱা নাই: দেৱব্ৰত শইকীয়া

লাইলাপুৰৰ ঘটনা সন্দৰ্ভত মিজোৰামৰ সাংসদ(MP) ভানলালভেনাই অসম আৰক্ষীক (assam police) জগৰীয়া কৰি যি কটু মন্তব্য আগবঢ়াইছে তাক মই কঠোৰ ভাষাৰে গৰিহণা দিছো আৰু তেখেতৰ ওপৰত দেশদ্ৰোহৰ গোচৰ ৰুজু কৰিবলৈ চৰকাৰৰ ওচৰত মই দাবী উত্থাপন কৰিছো । এই মন্তব্য অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ৷

debabrat-reactions-on-mizo-mp-controversy-regarding-assam-mizoram-inter state border conflict
মিজোৰামৰ সাংসদৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ কিয় ৰুজু কৰা হোৱা নাই: দেৱব্ৰত শইকীয়া
author img

By

Published : Jul 29, 2021, 10:48 PM IST

গুৱাহাটী, 29 জুলাই : মিজোৰামৰ(mizoram) এগৰাকী সাংসদে লাইলাপুলৰ ঘটনাৰ পাচত আগবঢ়োৱা অসম বিৰোধী মন্তব্যই সমগ্ৰ অসমজুৰি একপ্ৰকাৰ জ্বলা জুইত ঘিউ ঢালিছে । ৰাজ্যসভাৰ এইগৰাকী সাংসদৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই (Debabrata Saikia)। বিৰোধী দলপতিগৰাকীয়ে আজি কয়, "লাইলাপুৰৰ ঘটনা সন্দৰ্ভত মিজোৰামৰ সাংসদ(MP) ভানলালভেনাই অসম আৰক্ষীক (assam police) জগৰীয়া কৰি যি কটু মন্তব্য আগবঢ়াইছে তাক মই কঠোৰ ভাষাৰে গৰিহণা দিছো আৰু তেখেতৰ ওপৰত দেশদ্ৰোহৰ গোচৰ ৰুজু কৰিবলৈ চৰকাৰৰ ওচৰত মই দাবী উত্থাপন কৰিছো ।

মিজোৰামৰ সাংসদৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ কিয় ৰুজু কৰা হোৱা নাই: দেৱব্ৰত শইকীয়া

মিজোৰামৰ সাংসদজনৰ ওপৰত কোনো পদক্ষেপ নোলোৱাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰি তেওঁ লগতে কয় যে, বিজেপিক(BJP) তীব্ৰ সমালোচনা কৰা ব্যক্তিসকলৰ প্ৰতি চৰকাৰে দেশদ্ৰোহৰ গোচৰ ৰুজু কৰে, কিন্তু দেশৰ সংবিধানক অমান্য কৰি অসাংবিধানিক মন্তব্য আগবঢ়োৱা মিজোৰামৰ সাংসদজনৰ ওপৰত এতিয়াও চৰকাৰে গোচৰ ৰুজু নকৰাটো দুৰ্ভাগ্যজনক । মই তেখেতৰ ওপৰত দেশদ্ৰোহৰ গোচৰ ৰুজু কৰাৰ উপৰিও তেখেতৰ সাংসদ পদ খাৰিজ কৰিবলৈ চৰকাৰক আহ্বান জনাইছো । উল্লেখযোগ্য যে, মিজোৰামৰ এইগৰাকী বিতৰ্কিত সাংসদে অসম আৰক্ষীৰ ওপৰত আৰু গুলী চলোৱা হ’ব বুলিও মন্তব্য কৰিছিল ।

তৎসত্বেও এই পৰ্যন্ত সাংসদ গৰাকীৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰ অথবা অসম চৰকাৰে গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা । যাক লৈ এতিয়া ৰাজ্যৰ সচেতন মহলৰ লগতে ৰাজনৈতিক দল সমূহৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে ৷ আনহাতে অসম আৰক্ষী জিন্দাবাদ, মিজোৰাম আৰক্ষী মুৰ্দাবাদ ধ্বনিৰে বৃহস্পতিবাৰে পুৱাই উত্তাল হৈ পৰে ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীৰ ৰাজপথ । অসম-মিজোৰাম সীমান্ত(Assam Mizoram border)ত মিজো আৰক্ষীয়ে অসম আৰক্ষীৰ ছজনকৈ জোৱানক হত্যা কৰাৰ প্ৰতিবাদত বৃহস্পতিবাৰে গুৱাহাটীৰ জিএছ ৰোডত থকা মিজোৰাম হাউচৰ সমুখত ধৰ্ণা কাৰ্যসূচী পালন কৰে বীৰ লাচিত সেনাই (Veer Lachit Sena) ৷

লগতে পঢ়ক: চতুৰ জ’ৰামথাংগা: ক'ভিডৰ দোহাই দি নগ’ল দিল্লীৰ বৈঠকলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.