ETV Bharat / state

বিশিষ্ট পৰিচালক-নাট্যকাৰ শম্ভূ গুপ্তাৰ দেহাৱসান - বিশিষ্ট পৰিচালক তথা বিশিষ্ট নাট্যকাৰ

অসমীয়া চলচ্চিত্ৰ জগতৰ বিশিষ্ট পৰিচালক তথা নাট্যকাৰ শম্ভূ গুপ্তাৰ দেহাৱসান ৷ কৰ’ণাত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শিল্পীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে । গুপ্তাৰ পুত্ৰ-জী কৰ’ণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকাত তেওঁৰ নশ্বৰদেহ সৎকাৰৰ বাবে পৰিয়ালৰ কোনো উপস্থিত থাকিব নোৱাৰে ৷

বিশিষ্ট পৰিচালক তথা বিশিষ্ট নাট্যকাৰ শম্ভূ গুপ্তাৰ দেহৱসান

author img

By

Published : May 17, 2021, 2:29 PM IST

গুৱাহাটী,১৭ মে': অসমৰ বাবে অবৰ্ণনীয় আৰু অতি বেদনাদায়ক এক খবৰ । কৰ’ণাৰ সৈতে যুঁজ দি অৱশেষত হাৰ মানিলে অসমীয়া চলচ্চিত্ৰ জগতৰ বিশিষ্ট পৰিচালক তথা নাট্যকাৰ শম্ভূ গুপ্তা । দেওবাৰে নিশা ১০.৫০ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শিল্পীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত শিল্পীগৰাকীৰ বয়স আছিল ৮০ বছৰ । বেদনাদায়ক কথাটো যে তেওঁৰ নশ্বৰদেহ সৎকাৰৰ বাবে নাই পৰিয়ালৰ এগৰাকীও লোক । কিয়নো তেওঁৰ পুত্ৰ নিলয় গুপ্তা আৰু কন্যা পূবালী গুপ্তাও কৰ’ণাত আক্ৰান্ত হোৱাত সম্প্ৰতি চিকিৎসাধীন হৈ আছে ।

নিলয় গুপ্তা সম্প্ৰতি হোম আইচ’লেছনত আছে যদিও জীয়ৰী পূবালীক দেওবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আইচিইউত ভৰ্তি কৰোৱা হয় । ইতিপূৰ্বে শিল্পীগৰাকীৰ পত্নী ডলী গুপ্তাৰ যোৱা বছৰত মৃত্যু হৈছে । কিছুদিন পূৰ্বে প্ৰয়াত শম্ভূ গুপ্তা কৰ’ণাত আক্ৰান্ত হোৱাৰ পাছত ৮ মে’ত তেওঁক এপ’ল’ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷ কিন্তু স্বাস্থ্যৰ অৱনতি ঘটাত ১০ মে’ত শম্ভূ গুপ্তাক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আইচিইউত ভৰ্তি কৰোৱা হয় ।

বিশিষ্ট পৰিচালক তথা বিশিষ্ট নাট্যকাৰ শম্ভূ গুপ্তাৰ দেহৱসান
বিশিষ্ট পৰিচালক-নাট্যকাৰ শম্ভূ গুপ্তাৰ দেহাৱসান

উল্লেখ্য যে, চিত্ৰ নাট্যকাৰ শম্ভূ গুপ্তাই অসমীয়া চলচ্চিত্ৰ “দেৱী” আৰু “প্ৰেম আৰু প্ৰেম” পৰিচালনা কৰিছিল । অসমীয়া ৰোমাণ্টিক বাণিজ্যিক ছবিৰ বাটকটীয়া "যৌৱনে আমনি কৰে" ছবিৰো চিত্ৰ নাট্যকাৰ আছিল এইগৰাকী যশস্বী শিল্পী । আনহাতে, শিল্পীগৰাকীৰ মৃত্যুত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰি নাট্যকাৰ-পৰিচালক শম্ভূ গুপ্তাৰ মৃত্যুয়ে অসমৰ সাংস্কৃতিক জগতত এক অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰিলে বুলি মন্তব্য কৰে ৷ ইয়াৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

লগতে পঢ়ক : দেশৰ ভিন্ন প্ৰান্তত ঘূৰ্ণী বতাহ টাউতেৰ সংহাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.