গুৱাহাটী, ২২ ডিচেম্বৰ : এন এফ ৰে'লৱে মজদুৰ ইউনিয়নৰ (NFRMU) প্ৰাক্তন সাধাৰণ সম্পাদক তথা অল ইণ্ডিয়া ৰে'লৱে মেনচ ফেডাৰেচনৰ প্ৰাক্তন সভাপতি ৰাখাল দাসগুপ্তৰ প্ৰথম মৃত্যু বাৰ্ষিকী বুধবাৰে উত্তৰ-পূৱ সীমান্ত ৰে'লৰ সদৰ কাৰ্যালয়ৰ সন্মুখত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় (Death anniversary of Rakhal Das Gupta)। এন এফ ৰে'লৱে মজদুৰ ইউনিয়নৰ উদ্যোগত অনুষ্ঠিত স্মৃতিচাৰণ সভাত মজদুৰ ইউনিয়নৰ সভাপতি প্ৰাক্তন শিক্ষামন্ত্ৰী ৰমণী বৰ্মন, সাধাৰণ সম্পাদক আশীষ বিশ্বাস, উত্তৰ-পূৱ সীমান্ত ৰে'লৰ অতিৰিক্ত মহাপ্ৰৱন্ধক ৰাহুল গৌতম, মুখ্য কাৰ্মিক বিষয়া চন্দ্ৰজিৎ শইকীয়া, মুখ্য কাৰ্মিক বিষয়া (এডমিনিষ্ট্ৰেচন) পি কিশোৰ বাবু, চিটুৰ(CITU) উপ-সভাপতি বীৰেণ শৰ্মা, ৰিজিঅ'নেল কো-অ'ৰ্ডিনেচন কমিটিৰ ৰাজ্যিক আহ্বায়ক গৰ্গ তালুকদাৰকে ধৰি বিভিন্নজন উপস্থিত থাকে ।
অনুষ্ঠানত বিশিষ্ট অৰ্থনীতিবিদ, লেখক, ট্ৰেড ইউনিয়নৰ নেতা অনন্ত কলিতাক গামোচা, চেলেঙ, শৰাই, মানপত্ৰ আদিৰ লগতে "ৰাখাল দাসগুপ্ত সোৱঁৰণী শ্ৰমিক বঁটা" প্ৰদান কৰা হয় । সম্বৰ্ধনা অনুষ্ঠানৰ আঁত ধৰি মজদুৰ ইউনিয়নৰ যুটীয়া সাধাৰণ সম্পাদক দিলীপ কুমাৰ চক্ৰৱৰ্তীয়ে কয় যে গোটেই জীৱন ৰাখাল দাসগুপ্তই ৰে'ল কৰ্মীৰ হকে কাম কৰি গৈছিল । ৰাখাল দাসগুপ্তৰ ধৈৰ্য,সহনশীলতা গুণৰ উপৰিও তেওঁৰ হৃদয় চেতনাত সংপৃক্ত হৈ আছিল শ্ৰমিকৰ দুখ-দুৰ্দশা আৰু মানবীয় প্ৰমূল্যবোধ ।
যি দায়িত্ব বা কৰ্তব্যই নহওক কিয় নিষ্ঠাৰে, সততাৰে আৰু উৎসৰ্গীকৃত সেৱাৰ মনোভাবেৰে সম্পাদন কৰিবলৈ তেওঁ কোনোদিনে চেষ্টাৰ ক্ৰুতি কৰা নাছিল বুলিও দিলীপ কুমাৰ চক্ৰৱৰ্তীয়ে কয় । তেওঁ অকল শ্ৰমিক নেতা হিচাপে পৰিচিত নাছিল সমাজ-সচেতন সামাজিক ব্যক্তি হিচাপেও তেওঁৰ এক পৰিচয় আছিল । অসমত তেল শোধানাগাৰ স্থাপন, শৰাইঘাট দলং নিৰ্মাণৰ আন্দোলনত ৰাখাল দাসগুপ্তই সক্ৰিয় ভূমিকা পালন কৰিছিল ।
তেওঁ ৰাজ্যৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী উত্থাপন কৰিছিল । এনে এগৰাকী নেতাৰ শ্ৰদ্ধাৰ চিনস্বৰূপে তেখেতৰ মৃত্যু তিথি প্ৰতি বছৰে উত্তৰ-পূৱ সীমান্ত ৰে'লৰ বিভিন্ন ঠাইত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হ'ব বুলি কয় মজদুৰ ইউনিয়নৰ যুটীয়া সাধাৰণ সম্পাদকগৰাকীয়ে । লগতে নেতা গৰাকীৰ সোঁৱৰণত এগৰাকী স্থানীয় বিশিষ্ট শ্ৰমিক নেতা,সমাজ সেৱকক সম্বৰ্ধনা জনোৱাৰ সিদ্ধান্ত লোৱা হৈছে বুলিও সদৰি কৰে ।
এইবাৰ বিশিষ্ট অৰ্থনীতিবিদ,লেখক, ট্ৰেড ইউনিয়ন নেতা অনন্ত কলিতাৰ দৰে ব্যক্তিক সম্বৰ্ধনা জনাবলৈ পাই আনন্দিত হোৱা বুলি চক্ৰৱৰ্তীয়ে কয় । ইয়াৰ পাছতেই ইউনিয়নৰ সাধাৰণ সম্পাদক আশীষ বিশ্বাসে ৰাখাল দাসগুপ্ত সম্পৰ্কে বক্তব্য ৰাখি কয় যে ১৯৮৮ চনত এন এফ ৰে'লৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক পদত নিৰ্বাচিত হোৱাৰ পাছতে ২০১৪ বৰ্ষত অল ইণ্ডিয়া ৰে'লৱে মেনচ ফেডাৰেচনৰ সভাপতিৰো দায়িত্ব লাভ কৰিছিল ৰাখাল দাসগুপ্তই । তেওঁৰ বলিষ্ঠ ভূমিকাৰ বাবেই উত্তৰ-পূৰ্বাঞ্চলৰ কেন্দ্ৰীয় চাকৰিয়ালে বিশেষ কৰ্তব্য বানচ (এচ ডি এ) লাভ কৰিবলৈ সক্ষম হৈছিল ।
সভাপতি ৰমনী বৰ্মনে কয় যে ৰাখাল দাসগুপ্ত অফুৰন্ত শক্তিৰ অধিকাৰী আছিল । তেওঁৰ প্ৰখৰ স্মৃতিশক্তিৰ বাবেই সকলোৱে তেওঁক কম্পিউটাৰ ব্ৰেইন বুলি অভিহিত কৰিছিল । উত্তৰ-পূৱ সীমান্ত ৰে'লৰ মুখ্য কাৰ্মিক বিষয়া চন্দ্ৰজিৎ শইকীয়াই ৰাখাল দাসগুপ্তলৈ শ্ৰদ্ধাঞ্জলী জনায় কয় যে শ্ৰমিক আইন তেওঁৰ নখ দৰ্পনত আছিল । যাৰ দ্বাৰা তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী উপকৃত হোৱাত সহায়ক হৈছিল ।
মালিগাওঁ মহিলা শাখাৰ মৌচুমী ভৰালীয়ে পৰিচালনা কৰা শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ আৰম্ভণিতে মজদুৰ ইউনিয়নৰ ষ্টেণ্ডিং কমিটিৰ সদস্য জগদীশ চন্দ্ৰ শৰ্মা আৰু গুৱাহাটীৰ বেদ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সকলে বৈদিক মংগলাচৰণ পাঠ কৰে আৰু কণমানি শিল্পী কাংখান মিলিয়ে বৰগীত পৰিৱেশন কৰে । অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই যুটীয়া সাধাৰণ সম্পাদক দিলীপ কুমাৰ চক্ৰৱৰ্তীয়ে ।
লগতে পঢ়ক :ST status demand: জনজাতিকৰণৰ দাবীত ৰাজ্যৰ ভিন্ন স্থানত ATASUৰ প্ৰতিবাদ