ETV Bharat / state

আজি কোকিলকণ্ঠী গায়িকা দিপালী বৰঠাকুৰৰ তৃতীয় মৃত্যু বাৰ্ষিকী - অকলশৰেই তিনিটা বছৰ কটালে স্বামী নীলপৱন বৰুৱাই

২০১৮ চনৰ আজি দিনটোতে চিৰবিদায় মাগিছিল কণ্ঠৰ যাদুৰে অসমবাসীক মোহাচ্ছন্ন কৰা দীপালী বৰঠাকুৰে(3rd Death Anniversary of Dipali Barthakur) । মৰমৰ পত্নীৰ স্মৃতি বুকুত বান্ধি অকলশৰেই তিনিটা বছৰ কটালে স্বামী নীলপৱন বৰুৱাই । আজি দীপালী বৰঠাকুৰৰ তৃতীয় মৃত্যু বাৰ্ষিকীত বেলতলাস্থিত বাসগৃহ ভৰি পৰিছে গুণমুগ্ধৰে । তথাপিও যেন আজি উকা নীলপৱন-দিপালীৰ এই মৰমৰ ঘৰখন...

3rd Death Anniversary of Dipali Barthakur
কোকিলকণ্ঠী গায়িকা দিপালী বৰঠাকুৰৰ তৃতীয় মৃত্যু বাৰ্ষিকী
author img

By

Published : Dec 21, 2021, 8:15 PM IST

গুৱাহাটী, ২১ ডিচেম্বৰ: চেনাই মই যাওঁ দেই.....আনৰ বাবে মাথোঁ এটি গীত হ'লেও নীলপৱন বৰুৱাৰ বাবে এয়া যেন এক নিষ্ঠুৰ সত্য । ভাল লগা, আপোন মানুহজনী আজি তেওঁৰ কাষত নাই । পত্নী দীপালী বৰঠাকুৰক সুঁৱৰি সেমেকি উঠিল নীলপৱন বৰুৱাৰ দুচকু । ২০১৮ চনৰ আজি দিনটোতে স্বামী নীলপৱন বৰুৱাৰ লগতে সমগ্ৰ ৰাজ্যবাসীক শোক সাগৰত পেলাই চিৰবিদায় মাগিছিল কোকিলকণ্ঠী গায়িকা দীপালী বৰঠাকুৰে ।

আজি তৃতীয় মৃত্যু বাৰ্ষিকীত সকলোৱে স্মৰণ কৰিছে কোকিলকণ্ঠী গায়িকাগৰাকীক(Death Anniversary of Dipali Barthakur) । বিভিন্ন স্থানত আয়োজন কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । গুৱাহাটী মহানগৰীৰ বেলতলাস্থিত বাসগৃহতো মঙলবাৰে বসুন্ধৰা কলা নিকেতন আৰু স্থানীয় ৰাইজৰ সহযোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় ।

কোকিলকণ্ঠী গায়িকা দিপালী বৰঠাকুৰৰ তৃতীয় মৃত্যু বাৰ্ষিকী

দিপালী বৰঠাকুৰৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি মৰমৰ পত্নীক স্মৰণ কৰে নীলপৱন বৰুৱাই(Remembering legendary Assamese singer Dipali Barthakur) । গুণমুগ্ধসকলেও দিপালী বৰঠাকুৰক স্মৰণ কৰে । দিপালী বৰঠাকুৰৰ তৃতীয় মৃত্যু বাৰ্ষিকী উপলক্ষে বেলতলাস্থিত বাসগৃহত আজি নাম-প্ৰসংগৰো আয়োজন কৰা হয় ।

দিপালী বৰঠাকুৰৰ পাৰ্থিৱ শৰীৰ আজি এই পৃথিৱীত নাথাকিলেও তেওঁ প্ৰতিজন অসমীয়াৰে হৃদয়ত আছে । উল্লেখ্য যে, ১৯৪১ চনৰ ৩০ জানুৱাৰীত শিৱসাগৰৰ সোণাৰিৰ নীলমণি চাহ বাগিচাত তেওঁ জন্মগ্ৰহণ কৰিছিল । নৱম শ্ৰেণীত পঢ়ি থাকোতেই সংগীতৰ যাত্ৰা আৰম্ভ কৰা কোকিলকণ্ঠী গায়িকাগৰাকীয়ে বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা, সোণৰ খাৰু নালাগে মোক বিয়াৰ বাবে আই, জোনধনে জোনালীতে, কণমান বৰশীৰে চিপ, চেনাই মই যাওঁ দেই আদিকে ধৰি বহু জনপ্ৰিয় গীতেৰে অসমৰ ৰাইজৰ হৃদয় জয় কৰিছিল ।

অসমৰ সংগীত জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে শিল্পীগৰাকীক পদ্মশ্ৰী বঁটা, আইদেউ সন্দিকৈ বঁটাৰেও সন্মানিত কৰা হৈছিল । ১৯৬৯ চনতে তেওঁ শেষৰটো গীত গাইছিল । মটৰ নিউৰণ ৰোগত আক্ৰান্ত হোৱাৰ ফলত ৰুদ্ধ হৈ পৰিছিল এই দৰদী কন্ঠ ।

এই ৰোগৰ বাবেই তেওঁ খোজকঢ়াতো অসুবিধা আহি পৰে । কিন্তু জীৱনৰ শেষ সময়লৈকে ছাঁটোৰ দৰে দিপালী বৰঠাকুৰক সংগ দিয়ে স্বামী নীলপৱন বৰুৱাই । হিয়াৰ আমঠু দিপালী বৰঠাকুৰ আজি তেওঁৰ কাষত নাই, আছে মাথোঁ তেওঁ দি যোৱা মৰম ।

লগতে পঢ়ক:মহানগৰীৰ মাজমজিয়াত গঢ়ি উঠিছে এখন পক্ষী উদ্যান

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.