গুৱাহাটী,২৯ মে': মহানগৰীত সংঘটিত হৈছে এক হৃদয় বিদাৰক কাণ্ড ৷ কোনো অজ্ঞাত লোকে পশুচিকিৎসা মহাবিদ্যালয়ৰ চৌহদৰ ভিতৰত পেলাই থৈ গ'ল এটি নৱজাতকৰ মৃতদেহ ৷ দেওবাৰে পুৱা স্থানীয় লোকে দেৱ শিশুটিৰ মৃতদেহ প্ৰত্যক্ষ কৰাৰ পিছতেই সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷
খানাপাৰা পশুচিকিৎসা মহাবিদ্যালয়ৰ চৌহদৰ ভিতৰত জংঘলত উদ্ধাৰ হৈছে দেৱশিশুটিৰ মৃতদেহ(Newborn body dumped in sack) ৷ এনেধৰণে পশুচিকিৎসা মহাবিদ্যালয়ৰ চৌহদত এটি নৱজাতকৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই পুনৰ এবাৰ উদঙাই দিলে জীৱশ্ৰেষ্ঠ মানৱৰ নিকৃষ্ট মানসিকতাক ৷ মৃতদেহটো এটি বস্তাত ভৰাই পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে ।
মৃত দেৱশিশুটি দেওবাৰে পুৱা স্থানীয় লোকে প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যায় । এয়া কোনো দম্পতীয়ে অথবা কোনোৱে অবৈধ প্ৰেমৰ পৰিণতিত নিজৰ লজ্জা ঢাকিবৰ বাবে অৱশেষত এনে পথ গ্ৰহণ কৰা বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে ।
লগতে পঢ়ক: লুৰীণজ্যোতি গগৈ মোৰ কাৰণে সদায় ৰাম হৈ থাকিব : চিত্তৰঞ্জন বসুমতাৰী