ETV Bharat / state

ব্ৰহ্মপুত্ৰৰ পাণ্ডু-শদিলাপুৰ ঘাটত মৃত শিহু উদ্ধাৰ

author img

By

Published : Apr 9, 2021, 10:19 PM IST

পাণ্ডু-শদিলাপুৰ ঘাটত মৃত অৱস্থাত তিনি কুইণ্টল ওজনৰ শিহু উদ্ধাৰ ৷ শিহুটোৰ তল পেট আৰু দেহত আঘাটৰ চিন থকালৈ চাই কোনো ভুট-ভুটি নাইবা ফেৰিত খুন্দা খাই শিহুটো আঘাতপ্ৰাপ্ত হৈছিল বুলি আশংকা কৰিছে পশু চিকিৎসকে ৷ মৃত শিহুটোৰ ওজন তিনি কুইণ্টল ৷

dead dolphin recovered at pandu-sadilapur ghat
ব্ৰহ্মপুত্ৰৰ পাণ্ডু শদিলাপুৰ ঘাটত মৃত শিহু উদ্ধাৰ

গুৱাহাটী, 9 এপ্ৰিল : গুৱাহাটী মহানগৰীৰ শৰাইঘাট দলঙৰ পশ্চিম দিশত পাণ্ডু-শদিলাপুৰ ঘাটত শুকুৰবাৰে বন বিভাগৰ খানামুখ খণ্ড কাৰ্যালয়ৰ বনকৰ্মীৰ দলে মৃত অৱস্থাত বিলুপ্তপ্ৰায় প্ৰজাতিৰ এটা প্ৰকাণ্ড শিহু উদ্ধাৰ কৰে ৷ পুৱা প্ৰায় 10 বজাত পাণ্ডু-শদিলাপুৰ ঘাটত ব্ৰহ্মপুত্ৰৰ বুকুত মৃত অৱস্থাত এটা শিহু ওপঙি থকা দেখা পাই পাণ্ডু নদী আৰক্ষী চকীৰ লোকে বন বিভাগৰ গুৱাহাটীৰ আঞ্চলিক বন বিষয়া পংকজ কুমাৰ বৰাক অৱগত কৰে ।

বন বিষয়া বৰাই লগে লগে খানামুখ খণ্ড বন বিষয়া ৰূপন হালৈক মৃত শিহুটো উদ্ধাৰ কৰি বিভাগীয় নীতি অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। সেই অনুসৰি বনকৰ্মীৰ দল ঘটনাস্থলীত উপস্থিত হৈ প্ৰায় তিনি কুইণ্টল ওজনৰ মৃত শিহুটো উদ্ধাৰ কৰি লংকেশ্বৰস্থিত খণ্ড বন বিষয়া কাৰ্যালয় চৌহদলৈ লৈ আহে। পশু চিকিৎসকে শিহুটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পাছত সমাধিস্থ কৰা হয় । শিহুটোৰ তল পেট আৰু দেহত আঘাটৰ চিন থকালৈ চাই কোনো ভুট-ভুটি নাইবা ফেৰিত খুন্দা খাই শিহুটো আঘাতপ্ৰাপ্ত হৈছিল বুলি পশু চিকিৎসকে সন্দেহ প্ৰকাশ কৰিছে । সেই আঘাতৰ ফলতেই শিহুটোৰ মৃত্যু হব পাৰে বুলি ধাৰণা কৰা হৈছে।

লগতে পঢ়ক: ফিল'বাৰীত দুষ্প্ৰাপ্য লাজুকী বান্দৰৰ পোৱালি উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.