ETV Bharat / state

গুৱাহাটীত পুনৰ উদ্ধাৰ এজনৰ মৃতদেহ

author img

By

Published : Jun 22, 2022, 7:55 PM IST

পুনৰ গুৱাহাটীত চাঞ্চল্য (Tragic incident in Guwahati) ৷ বুধবাৰে পুৱা সাতগাঁও পূৱেৰুণ পথৰ দাঁতিত উদ্ধাৰ হয় এটা মৃতদেহ (Dead body rescue in Guwahati)৷ মৃতদেহটো সাতগাঁৱৰ নিবাসী ইছাক মাৰাক বুলি চিনাক্ত কৰা হৈছে ৷

Dead body rescue in Guwahati
সাতগাঁও পূৱেৰুণ পথৰ দাঁতিত উদ্ধাৰ ইছাক মাৰাকৰ মৃতদেহ

গুৱাহাটী, ২২ জুন : মহানগৰীৰ সাতগাঁৱত অঘটন ৷ সাতগাঁও পূৱেৰুণ পথৰ দাঁতিত বুধবাৰে পুৱাৰ ভাগত উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ (Dead body rescue in Guwahati)৷ উদ্ধাৰ হোৱা মৃত যুৱকজন সাতগাঁও চি ডি এ পথৰ বিহাৰী বস্তিৰ ইছাক মাৰাক (২২) বুলি চিনাক্ত কৰা হৈছে । এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় তীব্ৰ উত্তেজনাময় পৰিৱেশৰ (Tragic incident in Guwahati)৷

গুৱাহাটীত পুনৰ উদ্ধাৰ এজনৰ মৃতদেহ

জানিব পৰা মতে, চন্দ্ৰপুৰৰ বাসিন্দা তথা বিহাৰী বস্তিত ভাড়াতীয়া হিচাপে থকা চেগা মাৰাকৰ পুত্ৰ আছিল ইছাক মাৰাক ৷ মৃত যুৱকজনৰ আত্মীয়ই উল্লেখ কৰা অনুসৰি, মঙলবাৰে নিশা হঠাৎ ইছাক মাৰাকলৈ আহে এটা ফোন ৷ তাৰ পাচত ইছাক মাৰাকে প্ৰায় ৮:৩০ বজাত নিশাৰ আহাৰ গ্ৰহণ কৰি ঘৰৰ বাহিৰলৈ ওলাই আহে ৷ অইন দিনাৰ দৰে মঙলবাৰে নিশাও ফোনত কথা পতাত বেচি গুৰুত্ব নিদি ইছাক মাৰাকৰ ঘৰৰ মানুহ শুই পৰে ৷

লগতে পঢ়ক : হোজাইৰ নাও দুৰ্ঘটনাত সন্ধানহীন তিনি শিশুৰ মৃতদেহ উদ্ধাৰ : এতিয়াও সন্ধানহীন এটি শিশু

আনহাতে, বুধবাৰে পুৱা স্থানীয় একাংশ লোকে পূৱেৰণ পথৰ দাঁতিত প্ৰত্যক্ষ কৰে এটা মৃতদেহ ৷ তাৰ পাচত তাৎক্ষণিকভাৱে ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় সাতগাঁও আৰক্ষীক ৷ খবৰ পোৱাৰ মাত্ৰেই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ এটা দল ৷ আৰক্ষীৰ দলটোৱে উদ্ধাৰ হোৱা মৃতদেহটো ইছাক মাৰাক বুলি চিনাক্ত কৰে ৷ তাৰ পাচত আৰক্ষীয়ে যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰে ।

ইফালে মৃত যুৱকজনৰ পিতৃ চেগা মাৰাকে কোনো দুৰ্বৃত্তই হত্যা কৰি এনেদৰে পুত্ৰক পথৰ দাঁতিত পেলাই থৈ যোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে । ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটোৱে সাতগাঁও থানাত দাখিল কৰে এক এজাহাৰ ৷ আনকি প্ৰাথমিক তদন্তত আৰক্ষীয়ে বিষাক্ত সৰ্পৰ দংশনত নতুবা অত্যাধিক মদ্যপানৰ ফলত যুৱকজনৰ মৃত্যু হোৱা বুলি বুলি সন্দেহ কৰিছে ।

মন কৰিবলগীয়া কথা যে, আৰক্ষীয়ে যুৱকজনৰ মৃতদেহটো উদ্ধাৰ কৰাৰ সময়ত যুৱকজনৰ মুখমণ্ডল ক’লা হৈ আছিল । তাৰোপৰি ভৰিত কিছু আঘাতৰ চিনো স্পষ্ট ৷ তথ্য অনুসৰি, যুৱকজনে ব্যৱহাৰ কৰা ম’বাইলটো বৰ্তমানো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে । অৱশ্যে এয়া হত্যা নে আকস্মিক মৃত্যুৰ ঘটনা সেয়া এতিয়ালৈ পোহৰলৈ অহা নাই যদিও আৰক্ষীৰ তদন্তৰ অন্ততহে সকলো পোহৰলৈ আহিব ৷

লগতে পঢ়ক : ঘাতক জোঁৱাই ! ডেগাৰেৰে হানি-খুচি হত্যা কৰিলে শহুৰেকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.