গুৱাহাটী, 23 মে': গুৱাহাটী মহানগৰীৰ ৰাজপথত এতিয়াৰে পৰা য’তে-ত’তে তথা যধে-মধে ৰাখি থ'ব নোৱাৰিব পৰিত্যক্ত তথা অব্যৱহৃত বাহন । এই ক্ষেত্রত কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে সাজু হৈছে মহানগৰ আৰক্ষী ।
দেওবাৰে গুৱাহাটীৰ পানবজাৰ থানাত আয়োজন কৰা এক সংবাদমেলত এই কথা সদৰি কৰে মহানগৰ যান-বাহন আৰক্ষীৰ ডিচিপি প্ৰাণজিৎ বৰাই । উল্লেখ যে, পথত ৰাখি থোৱা বাহনৰ বাবেই বহু সময়ত দুৰ্ঘটনা সংঘটিত হোৱাৰ উপৰি জৰুৰীকালীন সময়ত এনে বাহনৰ বাবে সমস্যাৰ সৃষ্টি হয়। যাৰবাবে এতিয়াৰে পৰা ৰাজপথত পৰিত্যক্ত অৱস্থাত ৰাখি থ’ব নোৱাৰিব কোনো ধৰণৰ বাহন । এইক্ষেত্রত জাৰি কৰা হৈছে নিষেধাজ্ঞা।
আনহাতে, ইয়াৰ বাবে ২৭ মে’লৈ অন্তিম সময়সীমা বান্ধি দিয়া হৈছে । ২৭ মে’ ৰ আগতে পৰিত্যক্ত বাহনসমূহৰ গৰাকীয়ে ৰাজপথৰ পৰা লৈ যাব লাগিব । অন্যথা আইন অনুসৰি প্ৰশাসনৰ ফালৰ পৰা বিহিত ব্যৱস্থা লোৱা হ’ব ।
সংবাদমেলত ডিচিপি বৰাই লগতে কয় যে, সান্ধ্য আইন আৰু যুগ্ম-অযুগ্ম নম্বৰৰ বাহন চলাচলৰ ব্যৱস্থা আৰম্ভ হোৱাৰে পৰা মুঠ ১,১৮৫ টা গোচৰ ৰুজু কৰা হৈছে । লগতে ৪ মে’ৰ পৰা ২২ মে’লৈ যান বাহন আৰক্ষীয়ে ১৪,৮৪,৫০০ টকাৰ জৰিমনা সংগ্ৰহ কৰিছে ।
তদুপৰি ৩,২০০ খন বাহনৰ বিপৰীতে এজাহাৰ বিহীন গোচৰ ৰুজু কৰাৰ লগতে যুগ্ম-অযুগ্ম নম্বৰ উলংঘা তথা নথি পত্ৰ বিহীন ৪৩৯ খন বাহন জব্দ কৰিছে আৰক্ষীয়ে । উল্লেখ যে, পূৰ্বেও বহু বাৰ পৰিত্যক্ত বাহনসমূহ ৰাজপথৰ পৰা আঁতৰ কৰাৰ বাবে আৰক্ষী-প্ৰশাসনে আবেদন জনোৱাৰ উপৰি নিৰ্দেশনা জাৰি কৰিছিল ।
লগতে পঢ়কঃ হুৰহুৰকৈ ওলাই গৈছে ৰাজকোষৰ ধনঃ সাহাৰ্য বিচাৰি বিজ্ঞাপন মুখ্যমন্ত্ৰীৰ