ETV Bharat / state

Dispur murder case : ৰং মিস্ত্ৰি মিলন ছেত্ৰীৰ হত্যাৰ ৰহস্য ফাদিল - দিছপুৰ মিলন ছেত্ৰী হত্যাকাণ্ড

হাতীগাঁও লখিমী নগৰ চিন্ময় পথৰ ৰং মিস্ত্ৰি মিলন ছেত্ৰীৰ হত্যাকাণ্ডৰ (Dispur murder case) ৰহস্য ফাদিল । সংবাদ মাধ্যমৰ আগত DCP শুভ্ৰজ্যোতি বৰাই প্ৰকাশ কৰা তথ্য (DCP reveals findings of Dispur murder case) শুনিলে চকু কপালত উঠিব আপোনাৰো ।

dcp-reveals-findings-of-dispur-murder-case
Dispur murder case : ৰং মিস্ত্ৰি মিলন ছেত্ৰীৰ হত্যাৰ ৰহস্য ফাদিল
author img

By

Published : Dec 5, 2021, 4:55 PM IST

গুৱাহাটী, ৫ ডিচেম্বৰ : দিছপুৰ আৰক্ষী থানাৰ অন্তৰ্গত হাতীগাঁও লখিমী নগৰ চিন্ময় পথৰ ৰং মিস্ত্ৰি মিলন ছেত্ৰীৰ হত্যাকাণ্ড ( Dispur murder case)ৰ ৰহস্য ফাদিল । অত্যাধিক মদ্যপানৰ বাবেই মৃত্যু হৈছিল মিলন ছেত্ৰীৰ । মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত স্পষ্ট হৈছে এই কথা । দেওবাৰে, এই কথা সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে DCP শুভ্ৰজ্যোতি বৰাই (DCP reveals findings of Dispur murder case)।

Dispur murder case : ৰং মিস্ত্ৰি মিলন ছেত্ৰীৰ হত্যাৰ ৰহস্য ফাদিল

তেওঁ কয় যে, মিলন ছেত্ৰীক কোনেও হত্যা কৰা নাছিল তেওঁ অত্যাধিক মদ্যপান কৰাৰ ফলত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হৈছিল (Excessive drinking habit killed Suman Chetri) । পৰিয়ালক সোধ-পোছ কৰাৰ অন্তত গম পোৱা যায় যে, তেওঁ নিজেই বাহিৰৰ পৰা দুৱাৰ তলা মাৰি থয় । বহুজনক পইচা দিব থকা বাবে পূৰ্বেও তেওঁ বাহিৰৰ পৰা দুৱাৰ মাৰি থৈ পিছফালৰ দুৱাৰেৰে ঘৰৰ ভিতৰত সোমাই থাকে ।

এই কথা পৰিয়ালৰ লোকে স্বীকাৰ কৰাৰ পিছত আগদিনা ভঙা তলাটোৰ চাবি পিছদিনা ঘৰৰ ভিতৰেৰে একেই জেগাতেই উদ্ধাৰ কৰিছিল আৰক্ষীয়ে ।

মন কৰিবলগীয়া যে, মিলন ছেত্ৰীৰ শৰীৰত কোনো আঘাতৰ চিন পোৱা নাই । পৰিয়ালৰ লগত সংঘাত আছিল যদিও তেওঁক কোনেও হত্যা কৰা নাই । মৰণোত্তৰ প্ৰতিবেদন মতে মদ্যপানৰ বাবে তেওঁৰ মৃত্যু হৈছিল । ফৰেনছিক ৰিপোৰ্টত কোঠালিৰ ভিতৰত পোৱা ফিংগাৰ প্ৰিণ্ট মিলন ছেত্ৰীৰে বুলি তেওঁ প্ৰকাশ কৰে ।

উল্লেখযোগ্য যে , ২২ নৱেম্বৰত হাতীগাঁও লখিমী নগৰ চিন্ময় পথৰ গৃহ নং ২৪ ঘৰৰ তলাবন্ধ অৱস্থাত নিশা উদ্ধাৰ হৈছিল মিলন ছেত্ৰীৰ মৃতদেহ। অঞ্চলটোৰ লোকে দুৰ্গন্ধ পাই আৰক্ষীক খবৰ দিছিলে অৰু তলা বন্ধ অৱস্থাত ঘৰৰ ভিতৰত অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হৈছিল ছেত্ৰীৰ মৃতদেহটো ।

লগতে পঢ়ক : Drugs Seized at Geetanagar : গীতানগৰত ড্ৰাগছসহ যুৱক কৰায়ত্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.