গুৱাহাটী, ২৭ মে’: কামৰূপ মহানগৰ জিলাত ক’ভিড-১৯ ত মৃত্যু হোৱা সকলৰ ভিতৰত সৰ্বাধিক হৈছে ৬০ বছৰৰ ঊৰ্দ্ধৰ ব্যক্তি। স্বাস্থ্য বিভাগৰ ১ এপ্ৰিলৰ পৰা ২৬ মে’লৈ পৰিসংখ্যাত প্ৰকাশ পাইছে এই তথ্য। এই পৰিসংখ্যাৰ পৰিপ্ৰেক্ষিতত ৫০ বছৰৰ ঊৰ্দ্ধৰ ৰোগীৰ চিকিৎসালয়ত ভৰ্তি কৰা আৰু ক’ভিড ৰোগীৰ সংস্পৰ্শলৈ অহা সকলো ব্যক্তিৰ ক'ভিড পৰীক্ষা কৰাটো বাধ্যতামূলক কৰিছে কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে ।
জিলাখনৰ সকলো জ’নৰ ভিতৰত সোণাপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত সংক্ৰমণৰ হাৰ সৰ্বাধিক ৭.৪৭ শতাংশ পোৱা গৈছে। সংক্ৰমণৰ হাৰ নিয়ন্ত্ৰণৰ বাবে কন্টেক্ট ট্ৰেচিং নিশ্চিদ্ৰকৈ কৰাৰ নিৰ্দেশ দিয়া হৈছে। যাতে ৰোগীৰ সংস্পৰ্শলৈ অহা কোনো ব্যক্তি পৰীক্ষাৰ পৰা বাদ পৰি নাযায় ।
![গুৱাহাটীত ক’ভিড-19ত ষাঠিৰ ঊৰ্দ্ধৰ লোকৰ মৃত্যু সৰ্বাধিক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-06-dc-review-meeting-7209925_27052021202432_2705f_1622127272_795.jpg)
বৃহস্পতিবাৰে জিলা উপায়ুক্তগৰাকীৰ অধ্যক্ষতাত অনুষ্ঠিত জিলাখনৰ পৰীক্ষা আৰু টীকাকৰণ অভিযানৰ পৰ্যালোচনা বৈঠকত এই নিৰ্দেশ জাৰি কৰা হয়। জিলাখনৰ চহৰাঞ্চলত সংক্ৰমণ হ্ৰাস পাইছে যদিও সোণাপুৰত এতিয়াও পৰিস্থিতি উদ্বেগজনক হৈ থকাত সোণাপুৰত বিশেষ পৰীক্ষা অভিযান চলোৱাৰ নিৰ্দেশ দিছে উপায়ুক্ত গৰাকীয়ে । গ্ৰাম্যাঞ্চল আৰু চাহ বাগিছা সমূহ যাতে পৰীক্ষা আৰু টীকাকৰণৰ পৰা বাদ পৰি নাযায় তাৰ বাবে বিশেষ সতৰ্ক হ’বলৈ নিৰ্দেশ দিছে প্ৰশাসনে । পঞ্চায়ত সদস্য আৰু গাওঁবুঢ়া সকলৰ সহযোগত প্ৰতিখন গাঁৱত পৰীক্ষা কৰিবলৈ আজিৰ বৈঠকত নিৰ্দেশ দিয়া হয়। টীকাকৰণ কেন্দ্ৰসমূহত বিশেষকৈ গ্ৰাম্যাঞ্চলত হেল্প ডেস্ক স্থাপনৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। যাতে স্মাৰ্ট ফোন বা ইন্টাৰনেট ব্যৱহাৰ কৰিব নজনাসকলে ভেকচিন লোৱাৰ পৰা বঞ্চিত হ’ব লগা নহয়।
উল্লেখ যে, জিলাখনৰ ৫ টা জ’নৰ ভিতৰত ৱেষ্ট জ’নে নিজ এলেকাত সৰ্বাধিক লোকৰ পৰীক্ষা কৰিবলৈ সক্ষম হৈছে। এই সাফল্যৰ বাবে আজিৰ বৈঠকত জিলা উপায়ুক্তই জ’নটোক পুৰস্কৃত কৰাৰ লগতে আন জ’ন সমূহকো পৰীক্ষা অধিক কৰাৰ বাবে উৎসাহ যোগায়।
বৈঠকখনত অতিৰিক্ত উপায়ুক্ত(স্বাস্থ্য) শৰ্মিষ্ঠা বৰা, অতিৰিক্ত উপায়ুক্ত (টীকাকৰণ) গুণজিৎ ৰয়চৌধুৰী, যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ গনেশ শইকীয়া, চক্ৰ বিষয়া, জ’নেল মহকুমা স্বাস্থ্য বিষয়াসকল আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা পৰ্যায় আৰু খণ্ড সমূহৰ প্ৰতিনিধি উপস্থিত আছিল।
লগতে পঢ়কঃ মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীলৈ নগা দুৰ্বৃত্তৰ গুলী