ETV Bharat / state

Assam Industrial Policy Review Meeting : উদ্যোগ বিভাগৰ দিনজোৰা পৰ্যালোচনা সভা; 8 টা প্ৰতিষ্ঠানৰে বুজাবুজিৰ চুক্তি - প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়

ৰাজ্য চৰকাৰৰ উদ্যোগ বিভাগৰ বিশেষ পৰ্যালোচনা সভা ৷ অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ এখন দিনজোৰা পৰ্যালোচনা সভা বৃহস্পতিবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ৷

Daylong Conclave of Department of Industries
উদ্যোগ বিভাগৰ বিশেষ পৰ্যালোচনা সভা
author img

By

Published : Aug 3, 2023, 9:54 PM IST

ৰাজ্য চৰকাৰৰ উদ্যোগ বিভাগৰ বিশেষ পৰ্যালোচনা সভা

গুৱাহাটী, 3 জুলাই : ৰাজ্যত উদ্যোগিক পৰিৱেশ তৰান্বিত কৰাৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰৰ উদ্যোগ বিভাগৰ বিশেষ পৰ্যালোচনা সভা ৷ অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ এখন দিনজোৰা পৰ্যালোচনা সভা বৃহস্পতিবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ৷ এই সভাখন অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই উদ্বোধন কৰে ৷

উদ্বোধনী ভাষণ প্ৰদান কৰি মন্ত্ৰী বড়াই কয় যে ৰাজ্যখনৰ উন্নয়নৰ গতি তৰান্বিত কৰাৰ ক্ষেত্ৰত দ্ৰুত উদ্যোগীকৰণে প্ৰধান ভূমিকা পালন কৰে ৷ কোনো এটা অঞ্চল সম্পদশালী বুলি ক'বলৈ হ'লে উদ্যোগীকৰণ হ'বই লাগিব বুলিও মন্ত্ৰী গৰাকীয়ে ভাষণত মন্তব্য কৰে ৷ মন্ত্ৰী গৰাকীয়ে লগতে কয় যে অসমৰ উদ্যোগিক বিকাশ আৰু উত্তৰণত নতুন গতি প্ৰদান কৰাৰ ক্ষেত্ৰত অসম চৰকাৰ সদায় প্ৰতিশ্ৰুতিবদ্ধ আৰু উদ্যোগিক আন্তঃ গাঁ‌থনি নিৰ্মাণৰ ক্ষেত্ৰতো দৃঢ়প্ৰতিজ্ঞ ৷ মন্ত্ৰীগৰাকীয়ে এইক্ষেত্ৰত আমাৰ ৰাজ্যখনত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ (এম এচ এম ই) সমূহে প্ৰধান ভূমিকা পালন কৰিব বুলি উল্লেখ কৰি এইক্ষেত্ৰত জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ( ডি আই চি চি) সমূহৰ মুখ্য দায়িত্ব আছে বুলিও মন্তব্য কৰে ৷

এম এচ এম ই উদ্যোগ স্থাপনৰ বাবে উঠি অহা যুৱ-প্ৰজন্মক বৃত্তিমুখী কৰাৰ ক্ষেত্ৰত ডি আই চি চিৰ মহাপ্ৰবন্ধক সকলে নিজ নিজ জিলা সমূহত সক্ৰিয় ভূমিকা পালন কৰিব লাগে বুলিও তেওঁ ব্যক্ত কৰে ৷ এম এছ এম ইৰ বাবে নতুন উদ্যোগীসকলক উৎসাহিত কৰিবলৈ ডি আই চি চিৰ মহাপ্ৰবন্ধকসকলক মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে, তদুপৰি মন্ত্ৰীগৰাকীয়ে উদ্যোগ বিভাগৰ দ্বাৰা কেইমাহমান পূৰ্বে অনুষ্ঠিত "উদ্যম -2023" শীৰ্ষক কাৰ্যসূচীৰ ফলাফলৰ সন্দৰ্ভত ডি আই চি চিৰ মহাপ্ৰবন্ধক সকলৰ সৈতে পৰ্যালোচনা কৰে আৰু প্ৰবন্ধক সকলৰ পৰা মতামত বিচাৰে ৷

সভাখনত মন্ত্ৰী বড়াই প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি কাৰ্যসূচী (পি ম ই জি পি), প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য সংশাধন উদ্যোগ আনুষ্ঠানিকীকৰণ আঁচনি (পি এম এফ এম ই) ৰ লগতে অন্যান্য আঁ‌চনি সমূহৰ কাৰ্যকৰীকৰণৰ সন্দৰ্ভতো বিষয়া সকলৰ সৈতে পৰ্যালোচনা কৰে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ "ভ'কেল ফৰ ল'কেল" ধ্বনিৰ ওপৰত গুৰুত্ব আৰোপ কৰি আত্মনিৰ্ভৰশীল অসম গঢ়িবলৈ সকলোৰে সক্ৰিয় সহযোগ মন্ত্ৰী বড়াই কামনা কৰে ৷ উল্লেখযোগ্য যে অসম চৰকাৰে উদ্যোগ খণ্ডটোক নতুন গতি প্ৰদান কৰিবলৈ ইতিমধ্যে ৰাজ্যত মেগা ইণ্ডাষ্ট্ৰিয়েল প্ৰজেক্ট স্থাপনৰ বাবে 8,200 কোটি টকা বিনিয়োগৰে 8 টা কোম্পানীৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে ৷

তদুপৰি 2,963 কোটি টকা বিনিয়োগেৰে 5 টা কোম্পানীৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ ক্ষেত্ৰত বুধবাৰে কেবিনেট বৈঠকে অনুমোদনো প্ৰদান কৰিছে ৷ সাংবাদিকৰ সন্মুখত এই বিষয় সমূহো উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ এই বৈঠকত অসমৰ উদ্যোগ খণ্ডটোৰ উত্তৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া পদক্ষেপ সমূহৰ সন্দৰ্ভতো আলোচনা কৰা হয় ৷

লগতে পঢ়ক : Swachh Paduli and Swachh Ward Award: মৰিগাঁৱত স্বচ্ছ পদুলি আৰু স্বচ্ছ ৱাৰ্ড বঁটা ঘোষণা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.