গুৱাহাটী, ২ মে: মহানগৰীত পুনৰ দিন ডকাইতিৰ ঘটনা (Daylight Robbery in Guwahati) । সোমবাৰে মহানগৰীৰ লালুংগাঁৱত সংঘটিত হৈছে দিন ডকাইটিৰ ঘটনা । মটৰ চাইকেলেৰে অহা দুই দুৰ্বৃত্তই সত্য নাৰায়ণ ৰায় নামৰ মাছ ব্যৱসায়ীজনৰ পৰা লুটি লৈ যায় ২৮ লক্ষ টকা (Robbery in Lalung Gaon)।
ভুক্তভোগী লোকজনে জনোৱা মতে, মাছ বিক্ৰী কেন্দ্ৰৰ ২৮ লাখ টকা বেংকত জমা দিবৰ বাবে লৈ আহিছিল ৷ পাছত অন্ধ্ৰ কে এম এফ নামৰ পাৰ্টিটোৱে মাছ বজাৰলৈ মতাত তেওঁ ঘৰৰ পৰা মটৰ চাইকেলেৰে বজাৰলৈ গৈ থকা অৱস্থাত তেওঁৰ পিঠিত থকা টকা ভৰ্তি বেগটো পালচাৰ বাহনেৰে অহা দুই দুৰ্বৃত্তই লুটি লৈ যায় (Money looted from fish trader in Guwahati)।
আনহাতে সমগ্ৰ ঘটনাটো তদন্ত অব্যাহত ৰাখিছে গড়চুক আৰক্ষীয়ে । ঘটনাটো সচা নে মিছা তাক সন্দেহৰ চকুৰে চাইছে আৰক্ষীটো ।
আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে ভুক্তভোগী সত্য নাৰায়ণ ৰায়ে পায়কাৰি মাছ বজাৰৰ ব্যৱসায়ীৰ পৰা ১৫ লাখ টকা বেংকত জমা দিয়াৰ বাবে সংগ্ৰহ কৰাটো সত্য । কিন্তু বাকী ১৩ লাখ টকা ক’ৰ পৰা আহিল তাক সন্দেহ কৰিছে । ঘটনাটো সঁচা নে মিছা তাৰ বাবে আৰক্ষীয়ে সত্য নাৰায়ণক সোধপোছ চলাই আছে ।
লগতে পঢ়ক: সৰিয়হৰ ডুলিতে ভূত: তিনিজনকৈ আৰক্ষী বিষয়াৰ চৌহদতে চোৰৰ লুট-পাত