ETV Bharat / state

সাতগাঁৱত ৬৬ লাখ টকীয়া পানী যোগান প্ৰকল্পত লাগিছে মামৰ

author img

By

Published : Aug 25, 2021, 5:06 PM IST

জন স্বাস্থ্য কাৰিকৰী বিভাগৰ অকৰ্মণ্যতাৰ বাবে পানীত পৰিল ৬৬ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা সাতগাঁও পানী যোগান প্ৰকল্প ৷ ব্যৱহাৰৰ অভাৱত প্ৰকল্পটোৰ পানীৰ ট্ৰেংকীত গজি উঠিছে ঘাঁ-বন । চৌদিশে আৱৰি ধৰিছে বনৰীয়া লতাই ৷

water supply project
সাতগাঁও পানী যোগান প্ৰকল্প

গুৱাহাটী, ২৫ আগষ্ট : পানীয়েই প্ৰাণীৰ প্ৰাণ । কিন্তু ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চৰম অকৰ্মণ্যতাৰ বাবে এতিয়া এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া মহানগৰীৰ সাতগাঁও বাসী ৰাইজে । চৰকাৰৰ সু-দৃষ্টিৰ অভাৱত যোৱা তিনিবছৰে বন্ধ হৈ আছে সাতগাঁও পানী যোগান প্ৰকল্প । মহানগৰীৰ সাতগাঁও আমবাৰী আঞ্চলিক কৱস্থান আৰু ঈদগাহৰ সমীপত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গুৱাহাটী ১ নং সংমণ্ডলৰ জৰিয়তে ২০১৩ চনত অঞ্চলবাসীৰ খোৱাপানীৰ নাটনি দূৰ কৰাৰ লক্ষ্যৰে প্ৰায় ৬৬ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল এই পানী যোগান প্ৰকল্প ।

water supply project
পানীৰ টেংকীত বনৰীয়া তৃণ

লগতে পঢ়ক : মৃত্যুৰে যুঁজি অৱশেষত হাৰ মানিলে নন্দিতাই

প্ৰথম অৱস্থাত এই প্ৰকল্পটোৰ জৰিয়তে বৃহত্তৰ আমবাৰী অঞ্চলৰ পায় ৫০০ পৰিয়াল উপকৃত হৈছিল । কিন্তু বৰ্তমানৰ লোক নিৰ্মাণ বিভাগ তথা সেই সময়ৰ গড়কাপ্তানি বিভাগে পথ পকীকৰণৰ নামত ২০১৮ চনৰ শেষৰ ফালে এক্সেভেটৰৰ সহায়ত নলাৰ কাষত থকা পানী যোগান ধৰা পি ভি চি পাইপ সমূহ ভাঙি পেলোৱাৰ পিছৰে পৰা বৰ্তমানলৈ বন্ধ হৈ আছে এই অভিলাষী পানী যোগান প্ৰকল্পটো । ফলত যোৱা তিনিটা বছৰ ধৰি অঞ্চলটোত পানী যোগান বন্ধ হৈ থকাত এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে অঞ্চলবাসীয়ে ।

water supply project
সাতগাঁৱত ৬৬ লাখ টকীয়া পানী যোগান প্ৰকল্পত লাগিছে মামৰ

আনকি অঞ্চলৰ একাংশ লোকে চাইকেলত ভাৰ কঢ়িয়াই দূৰ দূৰণিৰ পৰা অধিক মূল্যত পানী ক্ৰয় কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । এনে পৰিস্থিতিৰ বাবে ৰাইজে জনস্বাস্থ্য কাৰিকৰী বিভাগকে প্ৰকাশ্যে জগৰীয়া কৰিছে ।

লগতে পঢ়ক : বাৰিষাৰ ভৰা নৈ খোজকাঢ়ি পাৰ হ’বলগীয়া এটা বিশেষ অঞ্চল...

লক্ষণীয় কথা যে, লোক নিৰ্মাণ বিভাগে পথ পকীকৰণৰ সময়তেই যদি পানীৰ পাইপ সমূহ মেৰামতি কৰিলে হেতেন, তেন্তে পুনৰ অঞ্চলবাসীয়ে বিশুদ্ধ খোৱাপানী লাভ কৰিবলৈ সক্ষম হলহেঁতেন । কিন্তু তাকে নকৰি বিভাগটোৱে ইমানদিনে তেনেদৰে পেলাই থোৱাৰ ফলত সম্প্ৰতি ব্যৱহাৰৰ অভাৱত প্ৰকল্পটোৰ পানীৰ ট্ৰেংকীত গজি উঠিছে ঘাঁ-বন । চৌদিশে আৱৰি ধৰিছে গছ-লতাই । তাৰোপৰি গৰু-ছাগলীৰ বিচৰণ স্থলীত পৰিণত হোৱা বন্ধ পানী যোগান প্ৰকল্পটোত বাহ লৈছে সাপ-বেং আদিয়ে ।

water supply project
সাতগাঁও পানী যোগান প্ৰকল্প

লগতে পঢ়ক : চৰাইদেউৰ লাংকুৰী দৌলত দুষ্কৃতিকাৰীয়ে চলালে খনন

সাতগাঁও(আমবাৰী)পানী যোগান আঁচনি পৰিচালনা সমিতিৰ সভাপতি ছিদ্দিক আহমেদ আৰু দিনেশ চন্দ্ৰ দাসে জানিবলৈ দিয়া মতে পানী যোগান প্ৰকল্পটো পুনজ্জীৱিত কৰাৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজৰ স্বাৰ্থত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে চৰকাৰৰ সংশিষ্ট বিভাগক কেইবাবাৰো আবেদন জনোৱা হৈছিল যদিও বৰ্তমানলৈকে সংশিষ্ট কৰ্তৃপক্ষৰ তৰফৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই । সেয়ে পুনৰ বাৰ সমিতিৰ কৰ্মকৰ্তা সকলে পূৰ্বৰ পি ভি চি পাইপৰ সলনি জি আই পাইপ বহুওৱা আৰু প্ৰকল্পটোৰ যন্ত্ৰ-পাতি মেৰামতি কৰি পানী যোগান ব্যৱস্থা সুচল কৰাৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগক দাবী জনায় ।

লগতে পঢ়ক : নন্দিতা শইকীয়াক ন্যায় প্ৰদানৰ দাবীৰে ধেমাজিত প্ৰতিবাদ

মন কৰিবলগীয়া যে, দীৰ্ঘদিন পানী যোগান প্ৰকল্পটো বন্ধ হৈ থকাৰ ফলত পানীৰ ট্ৰেংকী, যন্ত্ৰ-পাতি আদিকে ধৰি লক্ষাধিক টকাৰ সা-সামগ্ৰী নষ্ট হৈ পৰিছে । প্ৰকল্পটোৰ পানী-যোগান অব্যাহত থকাৰ সময়ত বৃহত্তৰ আমবাৰী অঞ্চলৰ পাঁচ শতাধিক পৰিয়ালক প্ৰতিদিনে পুৱাৰ ভাগত ৩০০ ৰ পৰা ৫০০ লিটাৰলৈ পানী যোগান ধৰিবলৈ সক্ষম হৈছিল । কিন্তু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অদুৰদৰ্শী মনোভাৱৰ বাবে কেইবালাখ টকীয়া এই প্ৰকল্পটো সম্প্ৰতি জহি-খহি যোৱাৰ উপক্ৰম ঘটাত উদ্বেগ প্ৰকাশ কৰিছে অঞ্চলবাসীয়ে ৷

লগতে পঢ়ক : পলাবলৈ চেষ্টা কৰোতে আৰক্ষীৰ গুলিত আহত দুৰ্ধৰ্ষ অপৰাধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.