ETV Bharat / state

ডাকিনি পাহাৰত হাজাৰ হাজাৰ ভক্তৰ ভিৰ

author img

By

Published : Feb 21, 2020, 11:59 PM IST

শুকুৰবাৰে পুৱাই মহানগৰীৰ পামহিৰ ডাকিনি পাহাৰত ভিৰ কৰিলেহি হাজাৰ হাজাৰ ভক্তই। ভক্তৰ মনোকামনা পূৰণৰ বাবে ভগৱান শিৱক পূজা আগবঢ়াই ডাকিনি পাহাৰৰ সৌন্দয্যত বিলীন হ'ল ভক্তপ্ৰাণ ৰাইজ।

DAKINI PAHAR PAMOHI JYOTIRLINGA ASSAM GUWAHATI
ডাকিনি পাহাৰত হাজাৰ হাজাৰ ভক্তৰ ভিৰ

গুৱাহাটী, 21 ফেব্ৰুৱাৰীঃ মহা শিৱৰাত্ৰি উপলক্ষে মহানগৰীৰ শিৱ মন্দিৰ সমূহত ভক্তগণ ৰাইজৰ ভিৰ। মনোকামনা পূৰণৰ বাবে পুৱাৰে পৰা ভক্তসকলৰ সোঁত বয় শিৱ মন্দিৰ সমূহত । মহানগৰীৰ পামহিৰ ডাকিনি পাহাৰত অৱস্থিত ভীমাশংকৰ জ্যোতিলিংগত শিৱৰ উপাসনাৰ উদ্দেশ্যে সমাগম ঘটিল কেইবাহাজাৰ ভক্তৰ । পাচধৰা ডিম্বেশ্বৰ স্বামী নামেৰে জনাজাত জনপ্ৰিয় শিৱ লিংগটো দ্বাদশ জ্যোতি লিংগ ধাম বুলিও জনা যায় । চাৰিওফালে পাহাৰেৰে আৱৰি থকা শিৱ লিংগটো অৱস্থিত অবিৰাম গতিত বৈ থকা এটা নিজৰাৰ মাজত। শিৱপুৰাণ অনুসৰি ভীম নামৰ অসুৰক শিৱই বধ কৰাৰ পিছত ভক্তসকলে ডাকিনি পাহাৰত দ্বাদশ জ্যোতি লিংগ স্থাপন কৰিছিল। পাহাৰৰ মাজত অৱস্থিত এই শিৱ লিংগ থকা স্থানত কংক্ৰীটৰ মন্দিৰ নিৰ্মাণ কৰিবলৈ বহুবাৰ চেষ্টা কৰিছিল যদিও সকলো চেষ্টা বিফল হৈছিল । যিমানেই কংক্ৰীটৰ দেৱাল নিৰ্মাণ কৰিছে প্ৰতিবাৰেই নিজৰাৰ পানীয়ে খহাই নিয়ে দেৱাল। প্ৰচলিত জনবিশ্বাস অনুসৰি শিৱৰ মহিমা এই সকলো ৷

ডাকিনি পাহাৰত হাজাৰ হাজাৰ ভক্তৰ ভিৰ
পৌৰাণিক যুগৰে এই শিৱ লিংগ থকা স্থানলৈ বিগত ১০-১২ বছৰৰ পৰাহে ভক্তগণ ৰাইজৰ সোঁত বোৱা পৰিলক্ষিত হৈছে । পূৰ্বে এই মন্দিৰৰ বিষয়ে ৰাইজ জ্ঞাত আছিল যদিও পাহাৰৰ মাজত অৱস্থিত মন্দিৰলৈ যোৱাৰ বাট-পথ নিৰ্মাণৰ পিছত এই মন্দিৰ অধিক জনপ্ৰিয় হৈ পৰে । বিভিন্ন লোকে গুগল,ইউ টিউবত এই মন্দিৰৰ বিষয় জনাৰ পিচত মন্দিৰ দর্শনৰ বাবে উৎসাহিত হোৱা দেখা গৈছে ।

প্ৰতিদিনে ভীমাশংকৰ জ্যোতিলিংগ দৰ্শন কৰিবলৈ হাজাৰ হাজাৰ লোকে ডাকিনি পাহাৰলৈ ঢাপলি মেলাৰ পৰিবৰ্তে শিৱৰাত্রি উপলক্ষে লক্ষাধিক লোক পূজা আগবঢ়াই ভীমাশংকৰ জ্যোতিলিংগত।

লগতে চাওকঃবুঢ়ীদিহিঙৰ ভয়াৱহ গৰা-খহনীয়াত ত্ৰস্তমান 3 নং চৰাইহাবী গাঁৱবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.