নিউজ ডেস্ক, 25 মে’: তীব্ৰবেগী ঘূৰ্ণী বতাহ য়াছৰ প্ৰভাৱত ওড়িশা আৰু পশ্চিমবংগত জৰুৰীকালীন অৱস্থাৰ সৃষ্টি হৈছে ৷ য়াছ ঘূৰ্ণীবতাহে ২৬ মে'ৰ দুপৰীয়া বালাচোৰৰ ওচৰৰ পাৰাদ্বীপ আৰু সাগৰ দ্বীপৰ মাজেৰে অতিক্ৰম কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই ।
আগন্তুক কিছু ঘণ্টাৰ ভিতৰত এই ঘূৰ্ণীবতাহৰ গতিবেগ অধিক বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে ৷ এই ঘূৰ্ণী বতাহৰ প্ৰভাৱত ইতিমধ্যে ৰাজ্য দুখনত বৃষ্টিপাত আৰম্ভ হৈছে ৷ বিগত 6 ঘণ্টাত য়াছ ঘূৰ্ণীবতাহ 17 কিলোমিটাৰ প্ৰতিঘণ্টাৰ বেগত মধ্য বে-অৱ বেংগলৰ পৰা উত্তৰ-দক্ষিণ দিশত গতি কৰি আছে ৷ বৰ্তমান ইয়াৰ অৱস্থিতি পূৰ্ব-মধ্য বংগোপসাগৰত বুলি জানিব পৰা গৈছে অৰ্থাৎ ওড়িশাৰ পাৰদ্বীপৰ পৰা দক্ষিণ আৰু দক্ষিণ পূৱৰ ফালে 160 কিলোমিটাৰ দূৰৈত ৷
এই ঘূৰ্ণী বতাহৰ প্ৰভাৱ 26 আৰু 27 মে’ত উত্তৰ পূৰ্ৱাঞ্চলৰ ৰাজ্য অসম, অৰুণাচল, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাতো পৰাৰ আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷
বুধবাৰেও উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ আইচ’লেটেড অঞ্চলসমূহত প্ৰৱল বৃষ্টিপাত হোৱাৰ সমান্তৰালকৈ ধুমুহা আৰু বজ্ৰপাতৰ প্ৰকোপ পৰাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে ৷ তদুপৰি কিছু অঞ্চলত যাছৰ প্ৰভাৱ কমকৈ পৰিব যদিও উক্ত অঞ্চলসমূহত সামান্য পৰিমাণৰ বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷
বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, 26 মে’ অৰ্থাৎ বুধবাৰে অৰুণাচল প্ৰদেশৰ বহু ঠাইত পাতল বৰষুণ হোৱাৰ লগতে আইচ’লেটেড অঞ্চলসমূহত প্ৰৱল বৃষ্টিপাত, ধুমুহা আৰু বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে ৷ একেদিনাই অসম আৰু মেঘালয়তো প্ৰায়বোৰ অঞ্চলত সামান্য বৰষুণ হোৱাৰ লগতে আইচ’লেটেড অঞ্চলত অত্যাধিক প্ৰৱল বৃষ্টিপাত হোৱাৰ লগতে ধুমুহা আৰু বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে ৷ অসম আৰু মেঘালয়ত কাইলৈৰ দিনটোত অধিক ক্ষতি কৰাৰ আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷ আনহাতে নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত 26 মে’ অৰ্থাৎ কাইলৈ সামান্য বৰষুণ হোৱাৰ লগতে ধুমুহা আৰু বজ্ৰপাতৰো সম্ভাৱনা আছে ৷
ইতিমধ্যে এই য়াছ ঘূৰ্ণীবতাহৰ প্ৰভাৱ পৰিবলগীয়া অঞ্চলসমূহত লবলগীয়া সতৰ্কতামূলক নিৰ্দেশাৱলী জাৰি কৰিছে ৷ য়াছৰ প্ৰভাৱৰ ফলত বিভিন্ন ঠাইত গছ-গছনি ভাঙি পৰা, বাট-পথ আদিৰ ক্ষয়ক্ষতি হোৱা, ঠায়ে ঠায়ে ভূমিস্খলন আদি হোৱাৰ সম্ভাৱনা ব্যক্ত কৰি সংশ্লিষ্ট বিভাগসমূহক সতৰ্ক হৈ থাকিবলৈ আগজাননী প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷
লগতে পঢ়ক: য়াছৰ ফলত ওড়িশা-পশ্চিমবংগৰ সীমান্তত ভূমিস্খলনৰ সম্ভাৱনা